বলাৎকাৰী সাৱধান! ছোৱালীৰ গাত হাত দিলেই পাব ইলেকট্ৰিক শ্ব’ক, কি এই বিশেষ যন্ত্ৰ?

News18 Assam | News18-Assam
Updated:January 29, 2020, 12:52 PM IST
বলাৎকাৰী সাৱধান! ছোৱালীৰ গাত হাত দিলেই পাব ইলেকট্ৰিক শ্ব’ক, কি এই বিশেষ যন্ত্ৰ?
Photo : thestatesman.com

এই ডিভাইচত আছে দুটা ছুইচ। এটা ছুইচ টিপিলে আগৰে পৰা ছেভ কৰি ৰখা ম’বাইললৈ যাব মেছেজ।

  • Share this:
দুৰ্বৃত্তৰ হাতৰ পৰা মহিলাসকল ৰক্ষা পাবৰ বাবে আহিছে এক বিশেষ ডিৱাইচ। ‘নেটি পেহনাও বেটি বাচাও’ নামেৰে নামকৰণ কৰা হৈছে এই ডিভাইচটো। তামৰ তাঁৰেৰে ডিজাইন কৰা জেকেট আৰু এটা হাতঘড়ীৰ দৰেই দেখাত।

এই ডিভাইচত আছে দুটা ছুইচ। এটা ছুইচ টিপিলে আগৰে পৰা ছেভ কৰি ৰখা ম’বাইললৈ যাব মেছেজ। একেলগে গুগল মেপৰ জৰিয়তে লোকেশ্যনো জনা যাব। যদি কোনোৱে জেকেটটো পিন্ধি থকা মহিলাগৰাকীৰ গাত হাত দিয়ে তেন্তে লাগিব বিদ্যুতৰ শ্ব’ক। ইয়াৰ উপৰি জেকেটত লগোৱা চিচি কেমেৰাত হ’ব লাইভ ষ্ট্ৰিমিং।
আৰু চাওক
পৰৱৰ্তী বাতৰি