৩০০ৰ পৰা এইগৰাকী মহিলাৰ ওজন হ’লগৈ ৮৬ কেজি, কেনেকৈ?

জন্মৰ সময়ত ওজন স্বাভাৱিক আছিল অমিতা ৰাজৰাণীৰ। মাত্ৰ ৩ কেজি আছিল অমিতা ৰাজৰাণীৰ ওজন।

news18assam
Updated:May 11, 2019, 10:24 AM IST
৩০০ৰ পৰা এইগৰাকী মহিলাৰ ওজন হ’লগৈ ৮৬ কেজি, কেনেকৈ?
জন্মৰ সময়ত ওজন স্বাভাৱিক আছিল অমিতা ৰাজৰাণীৰ। মাত্ৰ ৩ কেজি আছিল অমিতা ৰাজৰাণীৰ ওজন।
news18assam
Updated: May 11, 2019, 10:24 AM IST
১০০ৰ ভিতৰত ৯৫ শতাংশ লোকেই ভোগে মেদবহুলতা সমস্যাত। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মাত্ৰ ৪–৫ কেজিলৈকে ওজন কমাবলৈ কৰিবলগা হয় বহু কষ্ট। পিছে মুম্বাইৰ ৪২ বৰ্ষীয় অমিতা ৰাজৰাণী নামৰ যিধৰণে শৰীৰৰ ওজন হ্ৰাস কৰিছে সেয়া এতিয়া অনুপ্ৰেৰণা হিচাপে বিবেচিত হৈছে। কিয়নো ৪ বছৰ পূৰ্বে ৩০০ কেজি ওজন থকা এইগৰাকী মহিলাৰ শৰীৰৰ ওজন হ্ৰাস পাই এতিয়া হ’লগৈ ৮৬ কেজি।

জন্মৰ সময়ত ওজন স্বাভাৱিক আছিল অমিতা ৰাজৰাণীৰ। মাত্ৰ ৩ কেজি আছিল অমিতা ৰাজৰাণীৰ ওজন। পিছত বয়স বৃদ্ধিৰ সমান্তৰালকৈ অধিক হাৰত বাঢ়িছিল শৰীৰৰ ওজন। ১৬ বছৰ বয়সত অমিতা ৰাজৰাণীৰ ওজন হৈছিলগৈ ১২৬ কেজি। আৰু এটা সময়ত মহিলাগৰাকীৰ ওজন হয় ৩০০ কেজি। ইয়াকে লৈ চৰম অসন্তুষ্টিত ভুগিছিল মহিলাগৰাকী।

পিছে এই সমস্যা দূৰ কৰাত মহিলাগৰাকীক সহায় কৰে মুম্বাইৰ লীলাৱতী হাস্পতালৰ ডাঃ শশাংক শ্বাহে। বিশেষ অস্ত্ৰোপচাৰৰ জৰিয়তে অত্যধিক মেদবহুলতা হ্ৰাস কৰে ডাক্তৰজনে। মহিলাগৰাকীৰ ওজন হ্ৰাস কৰিবলৈ প্ৰয়োজন হয় দুটাকৈ অস্ত্ৰোপচাৰৰ। উল্লেখ্য যে অস্ত্ৰোপচাৰৰ বাবে প্ৰথমতে মহিলাগৰাকীক হাস্পতাললৈ নিবলৈ সহায়ৰ বাবে প্ৰয়োজন হৈছিল ২০জন লোকৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি