বৰ্তমান সময়ত বহু লোকে চাকৰি কৰাৰ সলনি ব্যৱসায়ত মনোনিৱেশ কৰাত গুৰুত্ব দিয়ে। ইয়াৰ আঁৰৰ কাৰণো স্পষ্ট। নিজৰ ব্যৱসায় থাকিলে মানুহে নিজৰ আইডিয়া তথা সৃষ্টিশীলতা মুকলিকৈ ব্যৱহাৰ কৰিব পাৰে। নিজৰ ভৰিত নিজেই থিয় হ’ব পাৰে। বৰ্তমান সময়ত নতুন নতুন ব্যৱসায়ৰ ধাৰণায়ো অধিক লাভান্বিত কৰিছে।
ব্ৰিটেইনৰ এনাবেলে নামৰ মহিলাগৰাকীয়ে ১০ বছৰ পূৰ্বে মানুহৰ নখ পৰিষ্কাৰ কৰি তাত আৰ্ট কৰা আৰম্ভ কৰিছিল। নিজৰ বন্ধুবৰ্গৰ নেল আৰ্ট কৰি কৰি এনাবেল খুব জনপ্ৰিয় হয়। তাৰ পিছতে বহু লোক এনাবেলৰ ওচৰলৈ আহিবলৈ ল’লে। এনাবেলৰ ব্যৱসায়ে এনে গতি ল’লে আজি তেওঁ কোটি টকাৰ ব্যৱসায় কৰি আছে।
৩০ বছৰীয়া এনাবেলৰ নেল আৰ্ট ভাইৰেল হোৱাৰ পিছতে ছচিয়েল মিডিয়া চেনজেচন হৈ পৰে। ১০ বছৰ পূৰ্বে এনাবেলে মাতৃৰ পাকঘৰত এটা সৰু ছেটআপ লগাই কাম আৰম্ভ কৰিছিল। সেই সময়ত মাতৃৰ বান্ধৱীসকল আহিছিল এনাবেলৰ ওচৰলৈ।
লাহে লাহে সফল হোৱাৰ পিছত এনাবেলে ষ্টেফোৰ্ডশ্বায়াৰত এখন চেলুন খোলে য’ত ইউনিকৰ্ণ থিম নেলআৰ্ট আৰম্ভ কৰে। ইয়াৰ পিছত এনাবেলে পিছলৈ উভতি চোৱা নাই। বৰ্তমান এজনৰ নেল আৰ্টৰ বিনিময়ত এনাবেলে লক্ষাধিক টকা লয়। ইয়াৰ উপৰি ছচিয়েল মিডিয়াৰ জৰিয়তেও উপাৰ্জন হয়।
এই ব্যৱসায়ৰ বাবে এনাবেলে মাত্ৰ দুদিনৰ প্ৰশিক্ষণ লৈছিল। এই নেল আৰ্টৰ কৌশল এনাবেলে নিজৰ ব্যৱসায়লৈ পৰিণত কৰিলে। ভৱিষ্যতে এনেধৰণৰ আৰু চেলুন খোলাৰ পৰিকল্পনা কৰিছে এনাবেলে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 26, 2021, 12:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।