জুম কল চলি থকাৰ মাজতে ভুলতে স্বামীক চুমা খাবলৈ আহিল পত্নী! ভিডিঅ’ ভাইৰেল

ঘটনাৰ আকস্মিকতাত থতমত খালে স্বামীয়ে। সমগ্ৰ ঘটনা ভিডিঅ’ কনফাৰেন্সত উপস্থিত সকলোৱে দেখিবলৈ পালে।
ঘটনাৰ আকস্মিকতাত থতমত খালে স্বামীয়ে। সমগ্ৰ ঘটনা ভিডিঅ’ কনফাৰেন্সত উপস্থিত সকলোৱে দেখিবলৈ পালে।
- News18 Assam
- Last Updated: February 22, 2021, 6:29 PM IST
লকডাউনৰ ফলত দেশত কাম কৰাৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আহিছে। বহু কাৰ্যালয়ত কোৰোণাৰ বাবে ঘৰৰ পৰা কাম কৰিবলৈ দিয়া হৈছে। ঘৰৰ পৰা কাম কৰাৰ বাবে কনফাৰেন্স কল, ভিডিঅ’ কনফাৰেন্স, জুম কল বা গুগল মিটৰ ব্যৱহাৰ বাঢ়িছে। সম্প্ৰতি ভাইৰেল হোৱা ভিডিঅ’টোত জুম কলত কাৰ্যালয়ৰ সহকৰ্মীৰ সৈতে কথা পাতিছিল এজন লোকে। সেই সময়তে ঘৰত প্ৰৱেশ কৰে তেওঁৰ পত্নী। মহিলাগৰাকীয়ে জনা নাছিল যে স্বামীয়ে জুম কলত ভিডিঅ’ অন ৰাখি কথা পাতিছে। হঠাৎ মহিলাগৰাকীয়ে স্বামীক চুমা খাবলৈ আগুৱাই আহে।
As #Shweta is trending let me show you another online class blunder 🤣🤣🤣🤣🤣 pic.twitter.com/9ehTEhxyPD
— Praveen (@Praveen31858017) February 18, 2021
ঘটনাৰ আকস্মিকতাত থতমত খালে স্বামীয়ে। সমগ্ৰ ঘটনা ভিডিঅ’ কনফাৰেন্সত উপস্থিত সকলোৱে দেখিবলৈ পালে। কিছু সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে এই ভিডিঅ’।