• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • সুন্দৰী হ’বলৈ গৈ নিজকে চিনিব নোৱাৰা হ’ল এইগৰাকী মহিলাই, নকল পলক লগাই হ’ল এই অৱস্থা

সুন্দৰী হ’বলৈ গৈ নিজকে চিনিব নোৱাৰা হ’ল এইগৰাকী মহিলাই, নকল পলক লগাই হ’ল এই অৱস্থা

জেছিকাই বন্ধুৰ সৈতে বাহিৰলৈ যাবলৈ নিজকে প্ৰস্তুত কৰিছিল। সুন্দৰ দেখিবলৈ চকুৰ পলকত লগাইছিল নকল আইলেছ।

জেছিকাই বন্ধুৰ সৈতে বাহিৰলৈ যাবলৈ নিজকে প্ৰস্তুত কৰিছিল। সুন্দৰ দেখিবলৈ চকুৰ পলকত লগাইছিল নকল আইলেছ।

জেছিকাই বন্ধুৰ সৈতে বাহিৰলৈ যাবলৈ নিজকে প্ৰস্তুত কৰিছিল। সুন্দৰ দেখিবলৈ চকুৰ পলকত লগাইছিল নকল আইলেছ।

  • Share this:


বৰ্তমানৰ যুগত প্ৰতিগৰাকী মহিলাই সুন্দৰ দেখিবলৈ বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু বহু সময়ত কিছুমান প্ৰসাধন সামগ্ৰীয়ে ছাল আৰু দেহৰ বাবে বিপদহে কঢ়িয়াই অনা দেখা যায়। সেয়ে প্ৰতিটো সামগ্ৰী ব্যৱহাৰৰ পূৰ্বে পৰীক্ষা কৰাটো অতি প্ৰয়োজন। অৰ্থাৎ উক্ত প্ৰসাধন সামগ্ৰীবিধ দেহৰ কোনো সৰু অংশত লগাই পৰীক্ষা কৰা প্ৰয়োজন যে সামগ্ৰীবিধে ৰিয়েকচন কৰিছে নেকি। কিন্তু সাধাৰণতে বহু কম লোকেহে এই কথাটোত গুৰুত্ব দিয়ে। এনেধৰণৰে এক বিউটি প্ৰডাক্টৰ ৰিয়েকচনৰ চিকাৰ হয় ইংলেণ্ডৰ এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম জেছিকা।

জেছিকাই বন্ধুৰ সৈতে বাহিৰলৈ যাবলৈ নিজকে প্ৰস্তুত কৰিছিল। সুন্দৰ দেখিবলৈ চকুৰ পলকত লগাইছিল নকল আইলেছ। পাৰ্টীৰ পৰা উভতি আহি জেছিকা শুই পৰিছিল। তাৰ পিছতে জেছিকাৰ চকুত তীব্ৰ যন্ত্ৰণা আৰম্ভ হয়। নিজকে আইনাত চোৱাত দেখিলে চিনিব নোৱাৰা অৱস্থা হৈছে। জেছিকাৰ চকু আইলেছৰ আঠাৰ বাবে ফুলি গৈছিল। সম্পূৰ্ণ মুখমণ্ডল ফুলি গৈছিল।



জেছিকাই কয় যে নকল আইলেছৰ পৰা এলাৰ্জী হৈছিল। পূৰ্বেও ইয়াক ব্যৱহাৰ কৰিছিল যদিও এনেকুৱা হোৱা নাছিল। কিন্তু দ্বিতীয়বাৰ ব্যৱহাৰ কৰাৰ পিছত চকু–মুখ ফুলি উঠে। ২৫ বছৰীয়া জেছিকাই নিজৰ চকু মেলিব নোৱাৰা অৱস্থা হৈছিল। আঠাৰ ফলত লাগি ধৰিছিল চকুৰ পলক।



ইয়াৰ পিছতে চিকিৎসকৰ ওচৰত চাপে জেছিকা। প্ৰায় এসপ্তাহ ঔষধ গ্ৰহণ কৰাৰ পিছতহে যন্ত্ৰণাৰ উপশম ঘটে। চিকিৎসকে জেছিকাক কয় যে আৰু কিছু পলম হ’লেই দৃষ্টিশক্তি হেৰুৱাবলগা হ’লহেঁতেন। কিন্তু সময়মতে চিকিৎসা পোৱাত সুস্থ হয় জেছিকা।

Published by:Sanjay Kumar Das
First published: