உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • হুইলচেয়াৰত বহা দিব্যাংগ যুৱতীক সোমাবলৈ নিদিলে জনপ্ৰিয় ৰেষ্টুৰেণ্টত! ৰাজধানীৰ ঘটনা ভাইৰেল, সৰ্বত্ৰ ধিক্কাৰ

    হুইলচেয়াৰত বহা দিব্যাংগ যুৱতীক সোমাবলৈ নিদিলে জনপ্ৰিয় ৰেষ্টুৰেণ্টত! ৰাজধানীৰ ঘটনা ভাইৰেল, সৰ্বত্ৰ ধিক্কাৰ

    সেই ভয়াৱহ অভিজ্ঞতাৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভুক্তভোগীয়ে।

    সেই ভয়াৱহ অভিজ্ঞতাৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভুক্তভোগীয়ে।

    সেই ভয়াৱহ অভিজ্ঞতাৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভুক্তভোগীয়ে।

    • Share this:
    'হুইলচেয়াৰলৈ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমালে অন্য অতিথিৰ অসুবিধা হ'ব।'- এই যুক্তিতে গুৰগাঁৱৰ এখন জনপ্ৰিয় ৰেষ্টুৰেণ্টত সোমাবলৈ নিদিলে এগৰাকী বিশেষ ভাবে সক্ষম যুৱতীক। সেই ভয়াৱহ অভিজ্ঞতাৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভুক্তভোগীয়ে। সৃষ্টি পাণ্ডে নামৰ যুৱতীগৰাকীয়ে টুইটাৰত দীঘলীয়াকৈ লিখিছে সমগ্ৰ ঘটনাৰ কথা। শুকুৰবাৰে ঘটনাটো সংঘটিত হয় গুৰগাঁৱৰ ৰাস্তা নামৰ এখন জনপ্ৰিয় ৰেষ্টুৰেণ্টত।

    সৃষ্টিৰ অভিযোগ, ''মই প্ৰিয় বন্ধু আৰু বন্ধুৰ পৰিয়ালৰ সৈতে নিশা গুৰগাওঁ ৰেষ্টুৰেণ্টলৈ গৈছিলো। বহুদিনৰ পিছত ঘৰৰ বাহিৰলৈ গৈছিলো। ভাবিছিলো খুব আনন্দ লাভ কৰিম। আমাৰ বন্ধুজনে মোৰ বাবে মেনেজাৰৰ জৰিয়তে টেবুল বুকিং কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেতিয়াই ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়ে বন্ধুজনক কয় যে, হুইলচেয়াৰ ভিতৰলৈ নিব নোৱাৰিব। আমি তেতিয়া প্ৰথমে ভাবিছিলো, হয়টো সোমোৱাবলৈ অসুবিধা হোৱাৰ বাবে তেনেদৰে কৈছে। কিন্তু পিছত গম পালো কথাটো বেলেগ। মই কলো যে, নিজৰ ব্যৱস্থা মই কৰি লম। আপুনি মাত্ৰ আমাক এখন টেবুল দিয়ত। তেতিয়াই কৰ্মচাৰীজনে উত্তৰ দিয়ে যে, হুইলচেয়াৰ লৈ ৰেষ্টুৰেণ্টত সোমালে আন গ্ৰাহকৰ আমনি হব।আৰু তেওঁলোকে মোক সোমাবলৈ নিদিলে। এই কথাই মোক মনত বৰ দুখ দিলে।''



    এই ঘটনাৰ পিছত, ছ'চিয়েল মিডিয়াত ঘটনাটোৱে বিশেষ চৰ্চা লাভ কৰে। গুৰুগ্ৰামৰ ডিএলএফ চাইবাৰহাবত অৱস্থিত ৰাস্তা নামৰ ৰেষ্টুৰেণ্টখনে সৃষ্টিৰ ওচৰত ক্ষমা বিচাৰিছে আৰু বিষয়টো চোৱা-চিতা কৰাৰ আশ্বাস দিছে। ৰেষ্টুৰেণ্টখনৰগৰাকী আৰু অংশীদাৰ গৌমতেশ সিঙে টুইট যোগে ব্যক্তিগতভাৱে ক্ষমা বিচাৰিছে। তেওঁ লিখিছিল, "মই ব্যক্তিগতভাৱে বিষয়টো চাই আছো। ইমান বেয়া অভিজ্ঞতাৰ বাবে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰো।

    গুৰুগ্ৰাম আৰক্ষীয়েও ঘটনাটোৰ পিছত সৃষ্টিৰ সৈতে যোগাযোগ কৰিছে। এই অদ্ভুত ঘটনাটো টুইটাৰত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰী-পৰিচালক পূজা ভাটে ঘটনাটোক তীব্ৰ গৰিহণা দিছে।
    Published by:Himangshu Bhuyan
    First published: