মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»সদায় ধুনীয়া হৈ থাকিব বিচাৰে নেকি? উজ্বল ছালৰ ব্যৱহাৰ কৰক এইকেইবিধ ঘৰুৱা সামগ্ৰী...

সদায় ধুনীয়া হৈ থাকিব বিচাৰে নেকি? উজ্বল ছালৰ ব্যৱহাৰ কৰক এইকেইবিধ ঘৰুৱা সামগ্ৰী...

News18 Assam | News18-Assam
Updated:May 24, 2021, 12:54 PM IST
সদায় ধুনীয়া হৈ থাকিব বিচাৰে নেকি? উজ্বল ছালৰ ব্যৱহাৰ কৰক এইকেইবিধ ঘৰুৱা সামগ্ৰী...
বজাৰত উপলব্ধ অধিকাংশ ব্যয়বহুল সৌন্দৰ্য সামগ্ৰী ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে সমৃদ্ধ । যাৰ দীঘলীয়া ব্যৱহাৰে আপোনাৰ ছালৰ ক্ষতি কৰি

বজাৰত উপলব্ধ অধিকাংশ ব্যয়বহুল সৌন্দৰ্য সামগ্ৰী ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে সমৃদ্ধ । যাৰ দীঘলীয়া ব্যৱহাৰে আপোনাৰ ছালৰ ক্ষতি কৰি

  • Share this:
প্ৰতিগৰাকী মহিলাই নিজকে সুন্দৰ কৰি ৰাখি নিজৰ যৌৱন ধৰি ৰাখিবলৈ বিভিন্ন উপায় অৱলম্বন কৰে। মহিলাসকলে ভাল আৰু নিখুঁত ছাল (Spotless Skin) পাবলৈ যথাসম্ভৱ চেষ্টা কৰে। অৱশ্যে অস্বাস্থ্যকৰ জীৱনশৈলী, প্ৰদূষিত বায়ু আৰু সূৰ্যৰ ক্ষতিকাৰক ইউভি ৰশ্মিয়ে প্ৰতিদিনে ছাল নষ্ট কৰে। ইয়াৰ ফলত মুখৰ প্ৰাকৃতিক উজ্জ্বলতা হ্ৰাস হোৱাৰ লগতে মুখত বয়সৰ চাপ(Wrinkles) দেখা যায় ।

এইক্ষেত্ৰত ব্যৱহাৰ কৰা বেছিভাগ ব্যয়বহুল সৌন্দৰ্য সামগ্ৰীয়েই ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে সমৃদ্ধ, যাৰ দীঘলীয়া ব্যৱহাৰে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে। সেয়েহে নিখুঁত আৰু যৌৱনময় ছাল পাবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰি, যিয়ে কোনো ৰাসায়নিক পদাৰ্থ অবিহনে আপোনাৰ ছাল ভালে ৰখাত সহায় কৰিব। সেইবোৰ নিয়মীয় ব্যৱহাৰেআপোনাক চিৰ যৌৱনা কৰি ৰাখিব ।

গোলাপ জলে ছাল টান কৰে -

টান আৰু উজ্জ্বল ছালৰ বাবে সামান্য গোলাপ জল ব্যৱহাৰ কৰিব পাৰে। গোলাপ জলে আপোনাৰ মুখৰ গভীৰ পৰিষ্কাৰক (Deep Cleanser) হিচাপে কাম কৰে। ই আপোনাৰ ছালৰ বন্ধ ছিদ্ৰবোৰত থকা ধুলি আৰু মলি পৰিষ্কাৰ কৰে। লগতে, গোলাপ জলে আপোনাৰ চকুৰ গুৰিৰ জ্বলন হ্ৰাস কৰাৰ লগতে আপোনাৰ মুখখন সস্তেজ দেখাত সহায় কৰে।

গোলাপ জল এনেদৰে ব্যৱহাৰ কৰক -

  • এটা বাটিত ২ চাহ চামুচ গোলাপ জল, কেইটোপালমান গ্লিচাৰিণ আৰু ১/২ চাহ চামুচ নেমুৰ ৰস যোগ দিয়ক।


  • সকলোবোৰ ভালদৰে মিহলি কৰক আৰু কঁপাহৰ বল ব্যৱহাৰ কৰি মুখ আৰু ডিঙিত এই পেষ্টটো প্ৰয়োগ কৰক।

  • প্ৰতি নিশা শুবলৈ যোৱাৰ আগতে মাত্ৰ গোলাপ জল ব্যৱহাৰ কৰিলে আশ্বৰ্যজনক প্ৰভাৱ পৰিব পাৰে।


নেমুৰ ৰসে এণ্টি এজিঙৰ কাম কৰে -
নেমু ভিটামিন চি সমৃদ্ধ, যি হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট। এই এণ্টিঅক্সিডেণ্টবোৰ আপোনাৰ ছালৰ বাবে বহুত উপকাৰী। এইবোৰে আপোনাৰ ছালত এণ্টি-এজিং সামগ্ৰী হিচাপে কাম কৰে, দাগ, ফিন লাইন, আৰু ফ্ৰেকলৰ দৰে সকলো বয়সৰ লক্ষণ আঁতৰ কৰে। লগতে, নেমুৱে ছাল ব্লিচ কৰাত সহায় কৰে, আপোনাৰ মুখৰ চুলি পাতল কৰে যিয়ে আপোনাৰ ছাল প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তোলে।

নেমুৰ ৰস এনেদৰে ব্যৱহাৰ কৰক-
নেমুৰ ৰস চেপি ইয়াক আপোনাৰ মুখ আৰু ডিঙিত প্ৰয়োগ কৰক। ইয়াক আপোনাৰ মুখত ১৫ মিনিটৰ বাবে ৰাখক আৰু তাৰ পিছত সাধাৰণ পানীৰে ধুই দিয়ক।

তিয়ঁহ আৰু দৈয়ে ছালৰ এক্সফলিয়েট কৰে
সতেজ আৰু তৰুণ ছাল পাবলৈ নিয়মীয়াকৈ এক্সফলিয়েটিংৰ প্ৰয়োজন। দৈ আৰু তিয়ঁহৰ সংমিশ্ৰণে আপোনাৰ ছাল এক্সফলিয়েট কৰাৰ লগতে মৃত ছালৰ কোষ আঁতৰ কৰিবলৈ ভালদৰে কাম কৰে। দৈত লেক্টিক এচিড থাকে যিয়ে ছাল পৰিষ্কাৰ কৰে আৰু তিয়ঁহে ছালক শান্ত কৰি ৰখাত সহায় কৰে।

এনেদৰে ব্যৱহাৰ কৰক -

আধা কাপ দৈ লওক আৰু ইয়াক ২ চাহ চামুচ কটা তিয়ঁহৰ সৈতে মিহলি কৰক। ভালদৰে মিহলি কৰি আপোনাৰ ছালত ২০ মিনিটৰ বাবে প্ৰলেপ দিয়ক। মুখখন কুহুমীয়া পানীৰে ধুব।

অমিতাই ছাল নমনীয় কৰি তোলে -

উজ্জ্বল ছালৰ বাবে আপুনি অমিতা ব্যৱহাৰ কৰিব পাৰে। যি সৰ্বশ্ৰেষ্ঠ ফলবোৰৰ ভিতৰত এবিধ। এই ফলবিধ ভিটামিন এ সমৃদ্ধ যি এণ্টিঅক্সিডেণ্টৰ দৰে কাম কৰে আৰু আপোনাৰ ছাল তৰুণ আৰু স্বাস্থ্যৱান কৰি ৰাখে। লগতে, অমিতাত এক এনজাইম থাকে যি আপোনাৰ ছালৰ পৰা ছালৰ মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে, যাৰ ফলত ছাল কোমল আৰু মসৃণ দেখা যায়।

এনেদৰে ব্যৱহাৰ কৰক-

কেইটামান অমিতাৰ টুকুৰা কাটি ইয়াৰ পেষ্ট তৈয়াৰ কৰক। আপোনাৰ গোটেই মুখমণ্ডল আৰু ডিঙিত ১৫ মিনিটৰ বাবে প্ৰলেপ দি ৰাখক। তাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক।
Published by: Himangshu Bhuyan
First published: May 24, 2021, 12:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি