বিশ্বৰ বজাৰত অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ১০০ ডলাৰৰ তললৈ নামিছে। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে দেশৰ বজাত মঙলবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম জাৰি কৰিছে। আজিও ইন্ধনৰ দামৰ কোনো সালসলনি ঘটা নাই।
তেল কোম্পানীসমূহে ইয়াৰ পূৰ্বে ৬ এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ দাম পৰিৱৰ্তন কৰিছিল। ইয়াৰ পিছত দাম অপৰিৱৰ্তিত ৰখা হৈছে। দিল্লীত পেট্ৰ’ল ১০৫.৪১ টকা, মুম্বাইত পেট্ৰ’ল ১২০.৫১ টকাত বিক্ৰী হৈছে। ডিলাৰসমূহৰ ফালৰ পৰা জনোৱা হৈছে, গ্ল’বেল মাৰ্কেটত অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ৯৮ ডলাৰৰ আশে–পাশে আছে।
দেশৰ পাঁচখন মহানগৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম :
দিল্লী – পেট্ৰ’ল ১০৫.৪১ টকা, ডিজেল ৯৬.৬৭ টকা
মুম্বাই – পেট্ৰ’ল ১২০.৫১ টকা, ডিজেল ১০৪.৭৭ টকা
চেন্নাই – পেট্ৰ’ল ১১০.৮৫ টকা, ডিজেল ১০০.৯৪ টকা
কলকাতা – পেট্ৰ’ল ১১৫.১২ টকা, ডিজেল ৯৯.৮৩ টকা
গুৱাহাটী – পেট্ৰ’ল ১০৬.৮১ টকা, ডিজেল ৯২.৪৭ টকা
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|