• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ১২১ টকাৰ পৰা আৰম্ভ কৰক আপোনাৰ কন্যাৰ বিয়াৰ প্ৰস্তুতি, LICৰ এই পলিচীৰ জৰিয়তে পাব ২৭ লাখ

১২১ টকাৰ পৰা আৰম্ভ কৰক আপোনাৰ কন্যাৰ বিয়াৰ প্ৰস্তুতি, LICৰ এই পলিচীৰ জৰিয়তে পাব ২৭ লাখ

এই পলিচীৰ বাবে ন্যূনতম বয়স ৩০ বছৰ হ’ব লাগিব আৰু কন্যাৰ বয়স ১ বছৰ। এই পলিচী ২৫ বছৰৰ বাবে পাব, কিন্তু প্ৰিমিয়াম ২২ বছৰহে দিব লাগে।

  • Share this:
    নিজৰ জীয়ৰীৰ ভৱিষ্যতৰ চিন্তা সকলো পিতৃ–মাতৃয়ে কৰে আৰু জন্মৰ পিছৰে পৰা কন্যাৰ বাবে ভাল ইনভেষ্টমেণ্ট পলিচী কৰাৰ পৰিকল্পনা কৰে। LICৰ এনেকুৱা এটা পলিচী আছে যিটো LIC–এ কন্যাৰ বিয়াৰ বাবে বনাইচে। এই পলিচীৰ নাম কন্যাদান যোজনা। ইয়াত ১২১ টকা দৈনিক হিচাপত ৩৬০০ টকা প্ৰতিমাহে প্ৰিমিয়াম দিব লাগে। কিন্তু যদি কোনোবাই ইয়াতকৈ কম বা বেছি প্ৰিমিয়ামো দিব বিচাৰে তেতিয়াও কোনো সমস্যা নাই।

    এই পলিচীত যদি আপুনি দৈনিক ১২১ টকা হিচাপত জমা কৰে তেন্তে ২৫ বছৰত ২৭ লাখ টকা পাব। ইয়াৰ উপৰি যদি পলিচী লোৱাৰ পিছত মৃত্যু হয় তেন্তে পৰিয়ালে এই পলিচীৰ প্ৰিমিয়াম ভৰিব নালাগে আৰু প্ৰতিবছৰে ১ লাখ টকাকৈ দিয়া হয়। তদুপৰি ২৫ বছৰ সম্পূৰ্ণ হ’৸লে পলিচীৰ নমিনিয়ে লাভ কৰিব পৃথককৈ ২৭ লাখ টকা।

    এই পলিচীৰ বাবে ন্যূনতম বয়স ৩০ বছৰ হ’ব লাগিব আৰু কন্যাৰ বয়স ১ বছৰ। এই পলিচী ২৫ বছৰৰ বাবে পাব, কিন্তু প্ৰিমিয়াম ২২ বছৰহে দিব লাগে।

    এই পলিচীৰ বিষয়ে :
    >> পলিচী ২৫ বছৰৰ বাবে খুলিব পাৰি।
    >> ২২ বছৰলৈ দিব লাগিব প্ৰিমিয়াম।
    >> দৈনিক ১২১ টকা বা মাহিলী প্ৰায় ৩৬০০ টকা প্ৰিমিয়াম।
    >> মাজতে যদি বীমাকাৰীৰ মৃত্যু হয় পৰিয়ালে দিব নালাগে প্ৰিমিয়াম।
    >> পলিচীৰ বাকী থকা বছৰসমূহত কন্যাই লাভ কৰিব প্ৰতিবছৰে ১ লাখকৈ।
    >> পলিচীৰ সময় সম্পূৰ্ণ হ’৸লে নমিনিয়ে পাব ২৭ লাখ টকা।
    >> ১২১ টকাতকৈ কম বা বেছি প্ৰিমিয়ামো কৰিব পাৰে আপুনি।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    First published: