মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক

শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক

আৰ্দ্ৰতা বজাই ৰাখিবলৈ শীতকালত ছালৰ যত্ন কেনেদৰে কাৰ্যকৰী কৰিব পাৰি সেইটো লৈ প্ৰশ্ন গঢ় লৈ উঠে।

আৰ্দ্ৰতা বজাই ৰাখিবলৈ শীতকালত ছালৰ যত্ন কেনেদৰে কাৰ্যকৰী কৰিব পাৰি সেইটো লৈ প্ৰশ্ন গঢ় লৈ উঠে।

  • Share this:
শীতকালত মানুহৰ শৰীৰৰ ছাল শুকান হৈ পৰে সেয়েহে ছালক বিশেষ যত্নৰ প্ৰয়োজন হয়। প্ৰকৃততে, এই ঋতুত বলা শুকান বতাহে ছালৰ আৰ্দ্ৰতা কম কৰে, যাৰ ফলত ই ক্ৰমান্বয়ে শুকান আৰু নিস্তেজ হৈ পৰে। শুষ্কতা পৰিহাৰ কৰিবলৈ মুখত ময়েশ্চাৰাইজাৰ বা আৰ্দ্ৰতা সমৃদ্ধ বস্তু প্ৰয়োগ কৰিব লাগে। ক্ৰীম বহুবাৰ প্ৰয়োগ কৰা স্বত্বেও, ছালৰ আৰ্দ্ৰতা ঘূৰি নাহে আৰু মুখৰ উজ্জ্বলতা চিৰদিনৰ বাবে নাইকিয়া হয়। এনে পৰিস্থিতিত, আৰ্দ্ৰতা বজাই ৰাখিবলৈ শীতকালত ছালৰ যত্ন কেনেদৰে কাৰ্যকৰী কৰিব পাৰি সেইটো লৈ প্ৰশ্ন গঢ় লৈ উঠে।

ময়েশ্চাৰাইজিং প্ৰয়োজনীয় নে স্ক্ৰাবিং?

ছালত লোচন বা ক্ৰীম প্ৰয়োগ কৰোঁতে, বহুবাৰ ইয়াৰ আৰ্দ্ৰতা ছালৰ ছিদ্ৰবোৰলৈ নাযায়। ছালত জমা হোৱা মৃত ছালৰ বাবে এনে হয়। দৰাচলতে, যেতিয়া আপুনি দীঘলীয়া সময়ৰ বাবে মুখৰ মৃত ছাল আঁতৰ নকৰে, সেইবোৰ ছালৰ ওপৰৰ পৃষ্ঠত স্তৰ হিচাপে জমা হয়, যাৰ ফলত ছাল শুকান দেখায় আৰু উজ্জ্বল ছাল সেইবোৰৰ তলত পুত খাই থাকে। এনে পৰিস্থিতিত, সপ্তাহত এবাৰ কৈ মুখখন এক্সফলিয়েট বা ঘঁহি দিয়া (স্ক্ৰাব কৰাৰ) প্ৰয়োজন। এনে কৰাৰ দ্বাৰা ছালৰ মৃত কোষবোৰ আঁতৰ হয় আৰু ময়েশ্চাৰাইজাৰে ইয়াৰ কাম ভালদৰে কৰিবলৈ সক্ষম হয়।

স্ক্ৰাবিঙৰ লাভালাভ-

হেল্থলাইনৰ মতে, শীতকালত শুকান ছালৰ সমস্যা যথেষ্ট বৃদ্ধি হয়। শুকান ছাল মৃত ছাল হৈ যায় আৰু ওপৰৰ পৃষ্ঠত লাগি থাকে। কিন্তু যেতিয়া আপুনি নিয়মীয়াকৈ স্ক্ৰাব কৰি থাকে, এই মৃত ছাল আঁতৰ হয় আৰু তেতিয়া লোচন বা ক্ৰীম ছালত লগালে ই ভালদৰে ছালত শোষিত হয়। কেৱল এয়াই নহয়, ঘঁহিলে (স্ক্ৰাব কৰিলে) ছালৰ ছিদ্ৰবোৰ অৱৰুদ্ধ নহয়,যাৰ বাবে শালমইনা, ব্রণৰ সমস্যাটো আঁতৰি থাকে।

ময়েশ্চাৰাইজিংৰ লাভালাভ-

ময়েশ্চাৰাইজাৰে ছালক হাইড্ৰেট কৰিবলৈ কাম কৰে। ঠাণ্ডাত আপোনাৰ ছাল ক্ৰমান্বয়ে শুকান হৈ পৰে, যাৰ ফলত সংক্ৰমণ হ’ব পাৰে। এনে পৰিস্থিতিত, ছাল কোমল আৰু পুষ্টিকৰ কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। অৱশ্যে, ৰাসায়নিক সমৃদ্ধ ময়েশ্চাৰাইজাৰৰ তুলনাত ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ আপুনি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব পাৰিলে উত্তম।

ইয়াৰ দ্বাৰা ক’ব পাৰি যে শীতকালত স্ক্ৰাবিং আৰু ময়েশ্চাৰাইজিং দুয়োটাই ছালৰ যত্নৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ অনুপস্থিতিত ছাল নিস্তেজ, শুকান আৰু কোঁচ খোৱাৰ সম্ভাৱনা থাকে।

শেহতীয়া বাতৰি