T20 ক্ৰিকেটক বিদায় জনাব বিৰাট কোহলীয়ে! লৈছে ডাঙৰ সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:February 19, 2020, 1:35 PM IST
T20 ক্ৰিকেটক বিদায় জনাব বিৰাট কোহলীয়ে! লৈছে ডাঙৰ সিদ্ধান্ত
Source-Google

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলা। নিজৰ বোজা পাতল কৰিবলৈ বিৰাট কোহলীয়ে সংবাদ মেলত বিশেষ মন্তব্য প্ৰকাশ কৰে।

  • Share this:
T20 ক্ৰিকেটক বিদায় জনাব নেকি অধিনায়ক বিৰাট কোহলীয়ে? নিউজীলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ আগমুহূৰ্তত বিৰাট কোহলীয়ে লৈছে ডাঙৰ সিদ্ধান্ত। ৱৰ্ক লোড কম কৰাৰ চেষ্টা চলাইছে ভাৰতীয় ক্ৰিকেটদলৰ অধিনায়কজনে।

সংবাদিকৰ প্ৰশ্নত কোহলীয়ে কয় যে, তেওঁ এতিয়াৰ পৰাই ২০২৩ৰ বিশ্বকাপ ক্ৰিকেটৰ বাবে নিজকে সাজু কৰি তুলিবলৈ চেষ্টা কৰিছে। কিন্তু ২০২১ৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পিছতে কোহলীয়ে নিজৰ কেৰিয়াৰৰ ওপৰত সিদ্ধান্ত ল’ব। যদি ৱৰ্ক লোড অধিক হয় বা ২০২৩ত ভাৰতত হ’বলগীয়া বিশ্বকাপত প্ৰভাৱ পেলোৱা যেন দেখে, তেন্তে T20 ক্ৰিকেটক তেওঁ বিদায় জনাব!

উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটচমেন ডেভিড ৱাৰ্নাৰেও আগন্তুক ২০২১ চনৰ T20 বিশ্বকাপৰ পিছতে T20 ক্ৰিকেটক বিদায় জনাব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading