உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Rice Conservation : ৩০ বছৰ পিছত খাবলৈ নাপাব ভাত! কাৰণ কি?

    Rice Conservation : ৩০ বছৰ পিছত খাবলৈ নাপাব ভাত! কাৰণ কি?

    যদি ধান খেতি কৰা কৃষকসকলে বৰ্তমানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখে আৰু ২০৫০ৰ ভিতৰত তেওঁলোকৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলি অধ্যায়নত অনুমান কৰা হয়।

    যদি ধান খেতি কৰা কৃষকসকলে বৰ্তমানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখে আৰু ২০৫০ৰ ভিতৰত তেওঁলোকৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলি অধ্যায়নত অনুমান কৰা হয়।

    যদি ধান খেতি কৰা কৃষকসকলে বৰ্তমানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখে আৰু ২০৫০ৰ ভিতৰত তেওঁলোকৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলি অধ্যায়নত অনুমান কৰা হয়।

    • Share this:
    আগন্তুক ৩০টা বছৰলৈ আমি যেতিয়াই বিচাৰো ভাত খাব পাৰিম নে? বিশ্বৰ সৰ্ববৃহৎ চাউল বিকশিত অঞ্চলবোৰৰ ভিতৰত ভাৰতৰ এক অন্যতম স্থানত ক্ষেত্ৰ অধ্যয়ন কৰি এই প্ৰশ্ন উত্থাপন কৰিছিল ইলিনয়চ বিশ্ববিদ্যালয়ৰ আমেৰিকান গৱেষকৰ এটা দলে।

    তেওঁলোকে অধ্যনয়ত দেখিছিল যে মাটি সংৰক্ষণ প্ৰযুক্তিত বিনিয়োগ কৰা আৰু শস্যৰ সময়ত আৱৰ্জনা সীমিত কৰাটো হৈছে পৰৱৰ্তী ৩০ বছৰত চাউলৰ অভাৱৰ আশংকা হ্ৰাস কৰাৰ মুখ্য উপায়। এই গৱেষণাটোৱে উত্তৰ-পূব ভাৰতৰ বিহাৰৰ বৰলাগ ইনষ্টিটিউট ফৰ দক্ষিণ এছিয়াৰ ফাৰ্মত ধানৰ খেতিৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ উদ্দেশ্য আছিল ২০৫০ চনলৈ প্ৰয়োজন হ'বলগীয়া ধানৰ উৎপাদন আৰু পানীৰ চাহিদা অনুমান কৰা আৰু ধানৰ খেতি কৰা কৃষকসকলে কেনেকৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে খাপ খাব পাৰে তাৰ মূল্যায়ন কৰা।

    এই সম্পৰ্কত ইলিনযচ় বিশ্ববিদ্যালয়ৰ কৃষি আৰু জৈৱিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক তথা অধ্যয়নটোৰ মুখ্য গৱেষক প্ৰশান্ত কলিতাই এনেদৰে কয়, "যিহেতু বতৰ সলনি হ'লে, ই উষ্ণতা, বৰষুণ আৰু কাৰ্বন ডাই অক্সাইডৰ ঘনত্বক প্ৰভাৱিত কৰে। যিবোৰ হৈছে শস্য বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় উপাদান, বিশেষকৈ ধান খেতিৰ বাবে।

    তেওঁ লগতে কয়, "সামগ্ৰিকভাৱে প্ৰতি কিলোগ্ৰাম ধানৰ উৎপাদন আৰু প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰায় ৪ হাজাৰ লিটাৰ পানী যায়।"

    তেওঁ কয় যে তেওঁৰ নেতৃত্বত দলটোৱে ধান উৎপাদনৰ হাৰ আৰু জলবায়ুৰ স্থিতি প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় পানীৰ পৰিমাণ মূল্যায়ন কৰিছিল। গৱেষকসকলে তাৰ পিছত ধানৰ উৎপাদন বজাই ৰখাৰ বাবে সম্প্ৰতি ৰূপায়ণ কৰিব পৰা কৌশল চিনাক্ত কৰিবলৈ কম্পিউটাৰ অনুকৰণ মডেল চলাইছিল।

    পানীৰ প্ৰয়োজনীয়তা আৰু আৱৰ্জনা হ্ৰাস কৰা -
    যদি ধান খেতি কৰা কৃষকসকলে বৰ্তমানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখে আৰু ২০৫০ৰ ভিতৰত তেওঁলোকৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলি অধ্যায়নত অনুমান কৰা হয়। এই কথা উল্লেখ কৰি অধ্যাপক কলিতাই কয়, "আমাৰ মডেলিং ফলাফলে দেখুৱায় যে শস্য বৃদ্ধিৰ স্তৰ সংকুচিত হৈছে। আপুনি ৰোপণ কৰা দিনৰ পৰা আপুনি চপোৱা দিনলৈ মুঠ পৰিপক্কতাৰ সময় কম হৈ আছে। শস্যবোৰ দ্ৰুততাৰে পৰিপক্ক হৈ আছে আৰু ইয়াৰ ফলত আপুনি উৎপাদনৰ সম্পূৰ্ণ সম্ভাৱনা নাপাব।"

    এই অধ্যয়নত বাছনি কৰা এক প্ৰচেষ্টা আছিল যে সংৰোপণৰ পৰিৱৰ্তে প্ৰত্যক্ষ ধানৰ বীজৰ ব্যৱহাৰ। এই পদ্ধতিটো পৰিৱেশ অনুকূল আৰু বহনক্ষম, লগতে ইয়ে যথেষ্ট কম পানীৰে একে ধৰণৰ উৎপাদনৰ সৈতে ধান উৎপাদন কৰিবলৈ সহায় কৰিব। শস্যৰ অৱশিষ্টবোৰ মাটিত ৰখাৰ লগতে এক প্ৰকাৰৰ মাটি সংৰক্ষণৰ প্ৰক্ৰিয়াও পানী সংৰক্ষণৰ কৌশল হিচাপে উল্লেখ কৰা হৈছে।

    ইপিনে গৱেষকসকলে শস্য চপোৱাৰ সময়ত আৰু তাৰ পিছত খাদ্য আৱৰ্জনাৰ প্ৰতিও দৃষ্টি ৰাখিছে, যি খাদ্য আৰু কৃষি সংগঠনৰ মতে, প্ৰায় ৩০% শস্য। এই লোকচান হ্ৰাস কৰাৰ প্ৰচেষ্টাই শস্যৰ উপলব্ধতা আৰু খাদ্য সুৰক্ষা বৃদ্ধি কৰিব পাৰে বুলি উল্লেখ কৰে গৱেষকসকলে।

    এই গৱেষণাৰ ফলাফল অনুসৰি ৬০% ধান খেতি বৃদ্ধিৰ বাবে সৰ্বশ্ৰেষ্ঠ কৌশল হ'ব অতিৰিক্ত পানীৰ প্ৰয়োজনীয়তা হ্ৰাস কৰা। সেয়েহে এই দুটা কৃষি কৌশল একত্ৰিত কৰি ধান খেতি কৰিব লাগিব।
    Published by:Sanjay Kumar Das
    First published: