உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবনে হিমা দাসে। ২৪-২৮ জুনত হিমা সম্মূখীন হ’ব অন্তিমটো অগ্নি পৰীক্ষাৰ।

    টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবনে হিমা দাসে। ২৪-২৮ জুনত হিমা সম্মূখীন হ’ব অন্তিমটো অগ্নি পৰীক্ষাৰ।

    ব্যক্তিগত ২০০ মিটাৰ আৰু মহিলাৰ ৪×১০০ মিটাৰ ৰীলেত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব লাগিব হিমাই।

    ব্যক্তিগত ২০০ মিটাৰ আৰু মহিলাৰ ৪×১০০ মিটাৰ ৰীলেত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব লাগিব হিমাই।

    ব্যক্তিগত ২০০ মিটাৰ আৰু মহিলাৰ ৪×১০০ মিটাৰ ৰীলেত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব লাগিব হিমাই।

    • Share this:
    আৰু ৩৭ দিন পিছত জাপানৰ ৰাজধানী চহৰ টকিঅ’ত আৰম্ভ হ’ব বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ  অলিম্পিক গেমছ (Olympic Games)। কোভিডৰ বাবে এবছৰ পিছুৱাই এতিয়া ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ত অনুষ্ঠিত হ’ব বিশ্ব ক্ৰীড়াৰ শ্ৰেষ্ঠ মহাসমৰখন।

    ক্ৰীড়াৰ এই বিপুল বিশ্ব যুদ্ধত এই পৰ্যন্ত অসমৰ পৰা যোগ্যতা অৰ্জন কৰিছে কেৱল মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। এতিয়াও অলিম্পিকৰ যোগ্যতা নিৰ্ণয়ৰ অপেক্ষাত আছে "ধিং এক্সপ্ৰেছ" হিমা দাসে।

    অসমৰ স্প্ৰীণ্টাৰ হিমা দাসৰ সম্মূখত টকিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে অন্তিমটো সুযোগ আহি পৰিছে। ২৪-২৮ জুনত পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাজ্যিক এথলেটিকছত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব পাৰিলেই হিমা দাসে কোৱালিফাই কৰিব টকিঅ’ অলিম্পিকৰ বাবে। অৱশ্যে হিমা দাসে মহিলাৰ ব্যক্তিগত ২০০ মিটাৰ আৰু মহিলাৰ ৪×১০০ মিটাৰ ৰীলেৰ বাবেহে পাটিয়ালাৰ অগ্নি পৰিক্ষাৰ সম্মূখীন হ’ব।

    পাটিয়ালাৰ ৰাষ্ট্ৰীয় এথলেটিকছ হ’ল হিমাৰ টকিঅ’ অলিম্পিকৰ অন্তিমটো সুযোগ, য’ত তেওঁ ব্যক্তিগত ২০০ মিটাৰ দৌৰত ২২:০৮ ছেকেণ্ড আৰু ৪×১০০ মিটাৰ ৰীলেত শ্ৰেষ্ঠ টাইমিং হ’ব লাগিব ৪৪:৪৫ ছেকেণ্ড। হিমাৰ উপৰি ৰীলেত ভাৰতীয় মহিলা দলটোৰ আন সাম্ভাব্য খেলুৱৈ সকল হ’ল ক্ৰমে দ্যুতি চান্দ, ধনলক্ষ্মী, ছামলি নন্দা।

    হিমাৰ সম্প্ৰতি পাটিয়ালাৰ অনুশীলন সম্পৰ্কে খবৰ ৰাখিছে প্ৰশিক্ষক নিপন দাসে। ইফালে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাই পাটিয়ালাৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাৰ বাবে হিমা দাসক শুভেচ্ছা জ্ঞাপন কৰে।
    Published by:Manjumoni Borah
    First published: