তথ্য গোপনীয়তাক লৈ নিৰন্তৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে জনপ্ৰিয় ছচিয়েল মিডিয়া এপ ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামেও। এইবাৰ ভাৰতত এই এপ কেইটা নিষিদ্ধ হোৱাৰ সময় ওচৰ চাপি আহিছে বুলি কৈ থকা হৈছে। দৰাচলতে, ২৫ ফেব্ৰুৱাৰীত তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে কেতবোৰ নতুন নিয়ম পালন কৰিবলৈ ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহক তিনি মাহৰ সময়সীমা বান্ধি দিছিল, যি ২৫ মে'ত অৰ্থাৎ আজি অন্ত পৰিব। তেনেস্থলত এপ কেইটাই কোনো সিদ্ধান্ত গ্ৰহণ নকৰাত আগন্তুক দুদিনৰ ভিতৰত নিষিদ্ধ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।
৩ মাহৰ ভিতৰত ডিজিটেল কণ্টেণ্ট নিয়ন্ত্ৰণ কৰিবলৈ আৰু এপসমূহৰ কাৰ্যক্ষেত্ৰ ভাৰতত থাকিবলৈ দেশৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত অনুপালন বিষয়া, নোডেল বিষয়া আদি নিয়োগ কৰিবলৈ কৈছিল। লগতে বান্ধি দিছিল এইকেইটা নিয়ম -
>> চৰকাৰে দিয়া আদেশৰ অধীনত, কোম্পানীবোৰে অনুপালন বিষয়া নিয়োগ কৰিব লাগিব আৰু তেওঁলোকৰ নাম আৰু যোগাযোগ ঠিকনা ভাৰতৰ হ'ব লাগিব, অভিযোগ নিষ্পত্তি, আপত্তিজনক কণ্টেণ্ট নিৰীক্ষণ, অনুপালন প্ৰতিবেদন আৰু আপত্তিজনক কণ্টেণ্ট আঁতৰাব লাগিব।
>> নতুন নিয়মৰ অধীনত, প্ৰতিৰক্ষা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়, আইন, তথ্য প্ৰযুক্তি আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ লোকসকলক লৈ এখন সমিতিও গঠন কৰা হ'ব। তেওঁলোকৰ আচৰণ বিধি উলংঘনৰ অভিযোগ বিচাৰ কৰাৰ অধিকাৰ থাকিব।
>> নতুন নিয়মবোৰৰ ভিতৰত আছে যিকোনো অভিযোগ গ্ৰহণ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত অভিযোগ নিস্পত্তি কৰা আৰু ১৫ দিনৰ ভিতৰত নিজস্ব পদক্ষেপ বা পদক্ষেপ নলোৱাৰ কাৰণবোৰ বৰ্ণনা কৰা।
চৰকাৰৰ এই নিৰ্দেশৰ পিছতে একাংশ প্লেটফৰ্মে ছয় মাহৰ সময় বিচৰাৰ বিপৰীতে আন একাংশই আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি থকা বুলি উল্লেখ কৰিছিল ।
ভাৰতীয় এপ KOO–এ প্ৰৱৰ্তন কৰিছে নতুন নিয়ম -
সূত্ৰ অনুসৰি, এই ছচিয়েল মিডিয়া প্লেটফৰ্মবোৰে এতিয়ালৈকে নতুন নিয়মবোৰ কাৰ্যকৰী কৰা নাই। যদিও ভাৰতীয় মাইক্ৰ'ব্লগিং ছাইট KOOএ শনিবাৰে জনায় যে ই এই মাহৰ শেষৰ ফালে নিৰ্ধাৰিত সময়সীমাৰ আগতেই ডিজিটেল প্লেটফৰ্মৰ বাবে দিয়া সকলো নতুন নিৰ্দেশনা অনুসৰণ কৰিছে তেওঁলোকে। যি আন কোনো ছচিয়েল মিডিয়া প্লেটফৰ্মে এতিয়ালৈকে এনে কৰা নাই।
ইপিনে জানিব পৰা মতে যিকোনো কোম্পানীয়ে এই নিয়মবোৰ পালন কৰাত ব্যৰ্থ হ'লে তেওঁলোকৰ মধ্যৱৰ্তী স্থিতিৰ সমাপ্তি হ'ব পাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা ল'ব পাৰি। লগতে, সূত্ৰসমূহে কৈছিল যে যদি কোম্পানীবোৰে ২৬ মে'ৰ ভিতৰত এই নতুন নিয়মবোৰ পালন কৰাত বিফল হয়, তেওঁলোকে তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯ৰ অধীনত তেওঁলোকক প্ৰদান কৰা নিৰাপত্তা হেৰুৱাব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|