
এই ভিডিঅ’টো পত্নী সাক্ষীয়ে বনাইছে আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।
এই ভিডিঅ’টো পত্নী সাক্ষীয়ে বনাইছে আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।
বিশ্বকাপৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা দূৰত আছে এম এছ ধোনী। কিন্তু দলত নাথাকিলেও প্ৰায়ে চৰ্চাত থাকে মহেন্দ্ৰ সিং ধোনী। এইবাৰ ধোনীৰ আন এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
ভিডিঅ’টোত লাজতে ধোনীৰ গাল–মুখ ৰঙা হৈ পৰা দেখা গৈছে। এই ভিডিঅ’টো পত্নী সাক্ষীয়ে বনাইছে আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ভিডিঅ’ত সাক্ষীয়ে বাৰে বাৰে ধোনী ‘ছুইটী’ বুলি মতা শুনা গৈছে।
লগতে পঢ়ক– অনুৰাগীক চেলফী নিদিয়ে ছানী লিয়নীয়ে,কাৰণ– কোৰোণা ভাইৰাচ
দিল্লীৰ হোটেল তাজ পেলেচৰ পৰা ওলাই অহাৰ সময়তে পত্নী সাক্ষীয়ে ধোনীক ছুইটী ছুইটী বুলি মাতিবলৈ আৰম্ভ কৰে। সাক্ষীৰ কথা নুশুনাকৈয়ে ধোনীয়ে নিজৰ কাম কৰা দেখা গৈছে। কিন্তু আনটো ভিডিঅ’ত ধোনীয়ে পত্নীৰ কাষলৈ আহে আৰু সাক্ষীয়ে পুনৰ ছুইটী বুলি মাতিবলৈ ধৰে। সকলোৰে আগত এইদৰে মতাত লাজত ৰঙা পৰিছিল ধোনীৰ গাল–মুখ। তাৰ পিছতে হাঁহি হাঁহি ধোনীয়ে সাক্ষীক কিবা এটা কোৱা দেখা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|