হঠাৎ 'কণ্ঠশিল্পী সমাজৰ' whatsapp group ৰ পৰা left কৰিছে জুবিন গাৰ্গৰ। Flimfare award 2020 অনুষ্ঠান চলি থকাৰ মাজতে সদৌ অসম 'কণ্ঠশিল্পী সমাজৰ হোৱাটছএপ গ্ৰুপৰ পৰা ওলাই আহিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। কিন্তু কিয়? নিশা ৯.২০ বজাৰ পৰা ১০.০২ বজাত ভিতৰত ‘লেফ্ট’ হয় জুবিন গাৰ্গ। যিটো সময়ত সৰুসজাই ষ্টেডিয়ামত চলি আছিল ফিল্মফেয়াৰ অনুষ্ঠান। সেই সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰীৰ ফটো। যি ফটোৰ বাবে বহুতে জুবিন গাৰ্গক সমালোচনা কৰাও দেখিবলৈ পোৱা গল। তেনে সময়তে 'কণ্ঠশিল্পী সমাজ'ৰ whatsapp group ৰ পৰা জুবিন গাৰ্গ left হোৱাৰ খবৰ আহি পৰিছে news18 ৰ হাতত। 'কণ্ঠশিল্পী সমাজ' নামৰ whatsapp group ত আছে অসমৰ প্ৰায় সকলো কণ্ঠশিল্পীয়েই । কিন্তু কিয় জুবিন গাৰ্গ left হল 'কণ্ঠশিল্পী সমাজ'ৰ whatsapp group ৰ পৰা ? এই প্ৰশ্নৰ উত্তৰ নাই ? উওৰ দিয়া নাই জুবিন গাৰ্গেও। উল্লেখযোগ্য যে এই কণ্ঠশিল্পী সমাজ নামৰ whatsapp group ত মুঠ ৩৯৬ গৰাকী সদস্য আছে।
উল্লেখযোগ্য যে এমাহ পূৰ্বে ‘কা’ বিৰোধী আন্দোলনৰ ভৰপক সময়তে কণশিল্পী সমাজ নামৰ এই গোটটো গঠন কৰা হৈছিল। এই গোটৰ সভাপতি জুবিন গাৰ্গ আৰু সম্পাদক মানস ৰবীন।
Published by: Tulika Devi
FIRST PUBLISHED : February 17, 2020, 18:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।