যেতিয়া News18-ৰ উদ্যোগ BYJU’S Young Genius ৰ প্ৰথম ছীজনটোৰ কথা ঘোষণা কৰা হৈছিল, ইয়াক লৈ প্ৰত্যাশা বহুত আছিল। হয়তো প্ৰথমবাৰৰ বাবে শিশুসকলে এখন মঞ্চত তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ ওলাইছিল, য’ত লাখ লাখ দৰ্শকে চাব আৰু হাজাৰ হাজাৰ শিশু অনুপ্ৰাণিত হ’ব। সংগীত আৰু নৃত্য প্ৰদৰ্শনৰ দৰে দুটামান শৈলীতে সীমিত কৰি নৰখা এই অনুষ্ঠানত শিশুসকলৰ ব্যতিক্ৰমী মানসিক দৃঢ়তা, শিক্ষা-সম্পৰ্কীয় প্ৰতিভা, ক্ৰীড়া-সম্পৰ্কীয় দক্ষতা আৰু বহুত কিবাকিবি BYJU’S Young Geniusৰ প্ৰধান আকৰ্ষণ আছিল।
প্ৰথমটো ছীজনৰ সফলতাৰ পাছতেই আন এটা ছীজন আহিবলৈ সাজু হৈ আছিল। সপোন যিদৰে সঁচা হয়, তেনেকৈয়ে BYJU’S Young Genius-ৰ দ্বিতীয়টো ছীজনৰ পঞ্জীয়নো পূৰ্ণোদ্যমে চলি আছে, যিটোৱে অভিভাৱক তথা শিশুসকলৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। এয়া হৈছে আপোনাৰ কাহিনীটো সহভাগ কৰি BYJU’S Young Genius 2-ত অংশগ্ৰহণ কৰাৰ এক সুবৰ্ণ সুযোগ।
BYJU’S YOUNG GENIUS-ত কিয় যোগদান কৰা উচিত-
এই অনুষ্ঠানটো, যিটোত শিশুসকলক নিজৰ ধৰণেৰে তেওঁলোকৰ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হয়, সেইটোত অংশগ্ৰহণ কৰিবৰ বাবে কেইবাটাও কাৰণ আছে। ইয়াত লাভ কৰিব পৰা আটাইতকৈ ডাঙৰ পুৰস্কাৰটো হ'ল শিশুসকলে নিজৰ প্ৰতিভাৰ ওপৰত গৌৰৱ কৰি সেয়া বিশ্বৰ সমুখত প্ৰদৰ্শন কৰাৰ আত্মবিশ্বাস আৰু সামৰ্থ্য অৰ্জন কৰাটো। দৰ্শকৰ সৈতে তেওঁলোকৰ এই সফলতাৰ যাত্ৰা সহভাগ কৰিলে আৰু অনেক প্ৰতিভা সৃষ্টি কৰিব পৰা যাব। কাৰণ, প্ৰতিভাশালী ব্যক্তিৰ প্ৰতিভা যদি লুকায়েই থাকে, তেন্তে কাৰ কি লাভ?
দ্বিতীয়তে, শিশুসকলে বিখ্যাত ব্যক্তি আৰু বিচাৰকৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পায়, যি তেওঁলোকৰ কামক ইতিবাচক সমালোচনা কৰাই নহয়, লগতে নিজৰ জীৱনৰ কাহিনীৰ জৰিয়তে শিশুসকলৰ মাজত আত্মবিশ্বাসো জাগ্ৰত কৰে। এই বিখ্যাত ব্যক্তিসকলে তেওঁলোকৰ প্ৰতিভা বিকশিত কৰিবলৈ কৰা তেওঁলোকৰ সংগ্ৰামৰ বিষয়ে শুনিলে আপোনাৰ শিশুটিৰ প্ৰতিভাকো উলিয়াই অনাৰ কাৰ্য মানসিকভাৱে কাৰ্যকৰী হ'ব পাৰে।
অৱশেষত, ছীজন 1-ৰ প্ৰতিযোগীসকলৰ জীৱন উন্নততৰ হোৱাৰ দিশে সলনি হোৱাৰ স্থায়ী পথ নিৰূপণ। সমগ্ৰ দেশ জুৰি থকা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চেনেলৰ নেটৱৰ্কৰ যোগেদি তেওঁলোকৰ প্ৰতিভাৰ কাহিনী প্ৰতিটো পৰিয়ালৰ কাষ চাপিবলৈ সক্ষম হ’ল। অংশুমান নন্দী, যি এতিয়া এজন প্ৰডিজি ড্ৰামাৰ হিচাপে বহুলভাৱে পৰিচিত, অথবা আটাইতকৈ কম বয়সীয়া শাস্ত্ৰীয় গায়ক স্বস্তিক ভৰদ্বাজ, 11 বছৰীয়া ৰিধিমা পাণ্ডে, যি ইমান কম বয়সতে জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ কৰিছিল, আৰু লগতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা আন সকলো প্ৰতিভাশালী শিশু এতিয়া বহুতো শিশু আৰু অভিভাৱকৰ বাবে প্ৰকৃত আদৰ্শ হৈ পৰিছে।
কেনেদৰে পঞ্জীয়ন/নামভৰ্তি কৰিব
এই কথাত কোনো সন্দেহ নাই যে, নতুন ছীজন আৰম্ভ হোৱাৰ লগে লগে এনে নতুন নতুন নাম সংযুক্ত হ’বহি। কিন্তু BYJU’S Young Genius-ৰ ছীজন 2-ত আপোনাৰ শিশুটিৰ পঞ্জীয়ন কৰোৱাবৰ বাবে অধিক সময় অপেক্ষা নকৰিব। পঞ্জীয়নৰ প্ৰায় সমাপ্ত হোৱাৰ পথত, আৰু আপোনাৰ শিশুটিৰ প্ৰতিভা অবিদিত হৈ ৰোৱাটো আপুনি জানো বাঞ্চা কৰিব?
ইয়ালৈ গৈ আবেদন প্ৰপত্ৰখন পূৰণ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|