ওজন নিয়ন্ত্ৰণ (Weight Loss) কৰাটো অন্যতম কঠিন কাম। পুৰুষেই হওক বা মহিলাই হওক, এটা সময়ৰ পিছত সকলোৱে সুস্থ ওজন বজাই ৰাখিবলৈ সংগ্ৰাম কৰিবই লাগে। ওজন কমাবলৈ একাধিক উপায় আছে যদিও আমাৰ মনত সদায় চলি থকা এটা কথা হ’ল যে আমাৰ কিয় ওজন বৃদ্ধি হয়? আমি স্বাস্থ্যসন্মত খাদ্য খাই আছোঁ, ব্যায়াম কৰি আছোঁ আৰু ভাল জীৱনশৈলী মানি চলি থকাৰ পিছতো কিয় ওজন বাঢ়ি গৈ আছে।
এই সমস্যা পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত প্ৰায়েই বেছিকৈ দেখা যায়। নাৰীৰ শৰীৰ গঠন জটিল। সময়ৰ লগে লগে ইহঁতে একাধিক পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ যায়। যৌৱনকালত ভৰি দিয়াৰ পিছত হৰম’নৰ পৰিৱৰ্তন আৰু ঋতুস্ৰাৱেই ওজন বৃদ্ধিত অৰিহণা যোগায় আৰু গৰ্ভাৱস্থাৰ পিছত আন বহুতো কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আমি চাৰিওফালে চাওঁ, ৪০ বছৰৰ ওপৰৰ মহিলাৰ ওজন (Weight Gain After 40) কম বয়সীয়াতকৈ বেছি হয়। যদি আপুনি ভাবিছে কিয় এনে হয়, তেন্তে আপোনাৰ প্ৰশ্নৰ এটা উত্তৰ আমাৰ বিশেষজ্ঞ হাতত আছে।
পুষ্টিবিদ অঞ্জলী মুখাৰ্জীয়ে তেওঁৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ৪০ বছৰৰ ওপৰৰ মহিলাৰ ওজন বৃদ্ধিৰ কাৰণসমূহ আলোকপাত কৰিছে। তেওঁৰ মতে, “৪০ বছৰৰ ওপৰৰ মহিলাসকলৰ ওজন বৃদ্ধি হোৱাৰ এটা মূল কাৰণ হ’ল তেওঁলোকৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হোৱা। কেইবছৰমানৰ আগৰ দৰে মহিলাৰ দেহত বিপাকীয় ক্ৰিয়াই কাৰ্যক্ষমভাৱে কেলৰি দাহন নকৰে। আনকি ব্যায়াম কৰা মহিলাসকলেও তেওঁলোকৰ পেটৰ চাৰিওফালে চৰ্বী বৃদ্ধি হোৱা দেখা পায়।”
৪০ বছৰৰ পিছতো ওজন নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰিব পৰা কিছুমান সহজ আৰু উপযোগী টিপছ শ্বেয়াৰ কৰিছে পুষ্টিবিদ অঞ্জলী মুখাৰ্জীয়ে।
১. যদি আপুনি জলপান খাব বিচাৰে, তেন্তে বাদাম, আলমণ্ড, আখৰোট, ডালিমৰ গুটি আৰু সূৰ্য্যমুখীৰ গুটি আদি খাওক।
২. সক্ৰিয় হৈ থাকিবলৈ আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিবলৈ আমাৰ শৰীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন থকাটো প্ৰয়োজন, গতিকে প্ৰটিন গ্ৰহণ বৃদ্ধি কৰক।
৩. দিনটোত মাত্ৰ ৩০ মিনিট ব্যায়াম কৰিলেও ওজন কমাই শক্তি আৰু নমনীয়তা গঢ়ি তুলিব পাৰে।
৪. আঁহযুক্ত খাদ্য খাব লাগে। ছাবজা বা চিয়া ছীড বা ইছাবগোল, দিনটোত এবাৰ বা দুবাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক।
৫. পুষ্টিৰ অভাৱৰ বিৰুদ্ধে যুঁজিবলৈ ভিটামিন, কেলচিয়াম, আৰু আইৰণৰ পৰিপূৰক থাকিব লাগে।
৬. যদি বাহিৰত খাইছে তেন্তে শস্যজাতীয় খাদ্য পৰিহাৰ কৰক।
৭. দৈনিক গোটা শস্য, গোটা দালি, সতেজ ফল-মূল, সতেজ শাক-পাচলি সেৱন কৰিব লাগে
৮. কমেও ৮ ঘণ্টা ভালদৰে টোপনি যোৱাটো অতি জৰুৰী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|