এই তিনিটা কাৰণত বহু যুৱতীয়ে নিবিচাৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ! জনাইছে বিশেষজ্ঞই

News18 Assam | News18-Assam
Updated:December 28, 2020, 11:30 PM IST
এই তিনিটা কাৰণত বহু যুৱতীয়ে নিবিচাৰে শাৰীৰিক  সম্পৰ্ক স্থাপন কৰিবলৈ! জনাইছে বিশেষজ্ঞই
সমাজ ব্যৱস্থা এতিয়া পৰিৱৰ্তন হৈছে। যদিও সমাজলৈ পৰিৱৰ্তন আহিছে, তথাপিও মহিলাসকলৰ প্ৰতি মানসিকতা সলনি হ’বলৈ এতিয়াও বহুত বাকী।

সমাজ ব্যৱস্থা এতিয়া পৰিৱৰ্তন হৈছে। যদিও সমাজলৈ পৰিৱৰ্তন আহিছে, তথাপিও মহিলাসকলৰ প্ৰতি মানসিকতা সলনি হ’বলৈ এতিয়াও বহুত বাকী।

  • News18 Assam
  • Last Updated: December 28, 2020, 11:30 PM IST
  • Share this:
সমাজ ব্যৱস্থা এতিয়া পৰিৱৰ্তন হৈছে। যদিও সমাজলৈ পৰিৱৰ্তন আহিছে, তথাপিও মহিলাসকলৰ প্ৰতি মানসিকতা সলনি হ’বলৈ এতিয়াও বহুত বাকী। সমাজ ব্যৱস্থাত এগৰাকী পুৰুষে সহজেই শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব পাৰে। কিন্তু মহিলাৰ ক্ষেত্ৰত ই কেতিয়াও সম্ভৱপৰ নহয়। তাৰ পিছতো বহুতে এই ধৰণৰ সমাজ ব্যৱস্থাকে সমৰ্থন কৰে। ইয়াৰ পূৰ্বেও বিশেষজ্ঞা পল্লৱী বৰ্নৱালে শাৰীৰিক সম্পৰ্কৰ দিশত সমাজৰ মহিলাসকল সন্মুখীন
হৈ অহা সমস্যাৰ বিষয়ে বিশ্লেষণ আগবঢ়াই আহিছে।

পল্লৱীয়ে জনাইছে যে, এগৰাকী যুৱকে এই বিষয়ৰ সন্দৰ্ভত তেওঁলৈ চিঠি লিখিছিল। চিঠিত উল্লেখ কৰিছিল যে, তেওঁৰ সৈতে বহু মহিলা মানসিক ভাবে ঘনিষ্ঠ হৈ পৰে। কিন্তু শাৰীৰিক সম্পৰ্কৰ কথা আহিলেই আঁতৰি যায়। ইয়াৰ কাৰণ কি?

তেতিয়া পল্লৱীয়ে জনাইছে যে,

সামাজিক ধাৰণাঃ আমাৰ সমাজ ব্যৱস্থাত মহিলাসকলক বিভিন্ন সময়ত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। ধাৰণা যে, এগৰাকী মহিলাই একাধিক পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক
স্থাপন কৰিলে মহিলাগৰাকীক সমাজত ভাল দৃষ্টিৰে চোৱা নহয়।

ভালপোৱা বা শাৰীৰিক সম্পৰ্ক সমীকৰণঃ

কিছুমান ব্যক্তিৰ বাবে মানসিক ঘনিষ্ঠতা বৃদ্ধি হ’লেই শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বা ই এক উদ্দীপনৰ বিষয় হৈ পৰা দেখা নাযায়। এই ধৰণৰ মানুহে যেতিয়ালৈকে অন্য লোকক গভীৰ ভাবে ভাল নাপাই, তেতিয়ালৈকে শাৰীৰিক সম্পৰ্কত লিপ্ত হ’ব নোৱাৰে।

অবাঞ্ছীত গৰ্ভধাৰণৰ ভয় ইয়াৰ এক অন্যতম কাৰণ।
Published by: Himangshu Bhuyan
First published: December 28, 2020, 11:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি