• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Riyan Parag, IPL 2021 : চলিত IPLত ধাৰাবাহিকভাৱে ব্যৰ্থ ৰিয়ান পৰাগ, কিন্তু ৰিয়ানকে প্ৰশিক্ষক ছাংগাকাৰাই প্ৰতিখন খেলত সুবিধা দিয়াৰ আঁৰৰ ৰহস্য কি

Riyan Parag, IPL 2021 : চলিত IPLত ধাৰাবাহিকভাৱে ব্যৰ্থ ৰিয়ান পৰাগ, কিন্তু ৰিয়ানকে প্ৰশিক্ষক ছাংগাকাৰাই প্ৰতিখন খেলত সুবিধা দিয়াৰ আঁৰৰ ৰহস্য কি

Riyan Parag, IPL 2021 : ২০১৯ চনত ৰিয়ান পৰাগে এটা অৰ্ধ শতৰান সহ ৭ খন খেলত ১৬০ ৰান সংগ্ৰহ কৰিছে। পৰৱৰ্তী ২০২০ চনত ১২ খন খেলি ৮৬ ৰান কৰা ৰিয়ানে এইবাৰ ২০২১ চনত এইপৰ্য্যন্ত ১১ খন খেলত ৯৩ ৰান সংগ্ৰহ কৰে।

  • Share this:
ইন্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল (IPL)ত খেলা অসমৰ দ্বিতীয় গৰাকী ক্ৰিকেটাৰ হল অলৰাউণ্ডাৰ ৰিয়ান পৰাগ (Riyan Parag)। ২০১৯ বর্ষত IPLৰ দল ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ হোৱা অসমৰ উদিয়মান অলৰাউণ্ডাৰ ৰিয়ান পৰাগে চলিত ছিজনত উন্নত প্ৰদৰ্শনত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে।

বিগত দহখন খেলত সৰ্বাধিক ২৫ ৰান কৰিবলৈ সক্ষম হোৱা ৰিয়ানে হায়দৰাবাদ আৰু কলকাতাৰ বিৰুদ্ধে শূন্য ৰানতে আউট হয়। এইক্ষেত্ৰত ৰিয়ানৰ দুৰ্বল প্ৰদৰ্শনক মুকলিকৈ সমালোচনা কৰিছিল ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰা, সঞ্জয় মাঞ্জেকাৰ আৰু তাৰকা ক্ৰিকেটাৰ ডেল ষ্টেইনে। ইয়াৰ পিছতো মূল প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই বিগত ১১ খন খেলত ৰিয়ানক ৰাজস্থান ৰয়েলছৰ মুল দলত স্থান দিয়াৰ ৰহস্য কি বুলি প্ৰশ্ন কৰিছে ক্ৰিকেট প্ৰেমীয়ে।

ৰাজস্থান ৰয়েলছৰ সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰেক্টিছত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবেই ৰিয়ান পৰাগক প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই নিয়মিত ভাৱে মুল দলত স্থান দি আহিছে।

উল্লেখযোগ্য যে ২০১৯ চনত ৰিয়ান পৰাগে এটা অৰ্ধ শতৰান সহ ৭ খন খেলত ১৬০ ৰান সংগ্ৰহ কৰিছে। পৰৱৰ্তী ২০২০ চনত ১২ খন খেলি ৮৬ ৰান কৰা ৰিয়ানে এইবাৰ ২০২১ চনত এইপৰ্য্যন্ত ১১ খন খেলত ৯৩ ৰান সংগ্ৰহ কৰে।
Published by:Manjumoni Borah
First published: