সুৰা সেৱন কৰাৰ পূৰ্বে বহু লোকে চিয়েৰ্ছ কৰাটো এক নিয়মৰ দৰে। কিন্তু কিয় চিয়েৰ্ছ কৰা হয় ! ইয়াৰ অন্তৰালত আছে এক ঐতিহাসিক কাৰণ !
বন্ধুবৰ্গৰ সৈতে সুৰাপান কৰা লোকসকলৰ বাবে সুৰাপানৰ পূৰ্বে চিয়েৰ্ছ কৰাটো এক অভ্যাসৰ দৰে । সুৰাপান নকৰাসকলে নিশ্চয় বিভিন্ন মাধ্যমত চিয়েৰ্ছ কৰা দৃশ্য দেখিছে। দুই-তিনিজন বন্ধু লগ হৈ একলগে সুৰাপান কৰাৰ সময়ত বটলৰ পৰা মদ গিলাছত ঢলাৰ পিছত গিলাছকেইটা খুন্দিয়াই দি চিয়েৰ্ছ কৰা হয় । সুৰাপান কৰাৰ পূৰ্বে এনেদৰে চিয়েৰ্ছ কৰাৰ আঁৰত আছে কিছু আমোদজনক কাহিনী।
সুৰাপানৰ পূৰ্বে চিয়েৰ্ছ কৰা সন্দৰ্ভত বহুকেইটা প্ৰবাদ আছে। কিন্তু ইয়াৰ ভিতৰত সবাতোকৈ প্ৰচলিত দুটা প্ৰবাদ আছে। উল্লেখ্য যে ছিয়েৰ্ছ শব্দটোৰ সৃষ্টি হৈছিল মধ্যকালীন যুগত। সেই সময়ৰ লোকসকলে মদ্যপান কৰাৰ পূৰ্বে চিয়েৰ্ছ কৰিছিল।
এনেদৰে চিয়েৰ্ছ কৰাৰ এটা অন্যতম কাৰণ আছিল মধ্যযুগত শত্ৰুৱে প্ৰায় বিহ দি প্ৰতিপক্ষক হত্যা কৰাটো। লক্ষণীয়ভাৱে এই বিহ সৰ্বাধিক মিহলোৱা হৈছিল মদত। বহু সময়ত মদ খোৱা স্থানতে শত্ৰুৱে কৌশলেৰে মদৰ লগত বিহ মিলাই দিছিল। কালক্ৰমত এনে ঘটনা বৃদ্ধি পোৱাৰ লগে লগে বহু লোকে চিয়েৰ্ছ কৰি সুৰাপান কৰাৰ প্ৰথা আৰম্ভ কৰে।
যেতিয়া কেইবাজনো লোক লগ হৈ সুৰাপান কৰে, তেতিয়া মদৰ প্ৰথমটো গিলাছ লওঁতেই সকলোৱে এনেদৰে চিয়েৰ্ছ কৰে, যাতে গিলাছত থকা মদ গোটেইকেইটা গিলাছতে এটোপালকৈ হ'লেও মিহলি হৈ পৰে। ইয়াৰ ফলত সকলোৱে শংকামুক্ত হৈ সুৰাপান কৰিব পাৰে।
চিয়েৰ্ছ কৰা সন্দৰ্ভত প্ৰচলিত আন এটা কাৰণ হ’ল ক'লা যাদু। মধ্যযুগত ক'লা যাদুৰ প্ৰচলন অধিক আছিল। বিভিন্ন সম্প্ৰদায়ৰ মাজত ক’লা যাদুৰ ব্যাপক প্ৰভাৱ আছিল। একাংশই ধাৰণা কৰিছিল যে সুৰাপান কৰা স্থান বা আড্ডাথলীত এনে ধৰণৰ অপশক্তিয়ে সহজে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। সেয়েহে মদ খোৱাৰ সময়ত সকলোৱে গিলাছৰ দ্বাৰা শব্দৰ সৃষ্টি কৰি সেই ঠাইৰ পৰা অপশক্তি খেদাৰ চেষ্টা কৰিছিল।
এনেধৰণৰ এক প্ৰবাদো জনসাধাৰণৰ মাজত চৰ্চিত। এনে কিছুমান ধাৰণাৰ বশৱৰ্তী হৈ মধ্যযুগৰ পৰা প্ৰচলিত হৈ অহা এই ধাৰা বৰ্তমানো অধিকাংশ লোকে অব্যাহত ৰাখিছে যদিও বহুতে নাজানে ইয়াৰ অন্তৰালত জড়িত হৈ থকা কাহিনী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|