আকৌ খেলপথাৰতে উঠিল ধোনীৰ খং!

কাৰ ওপৰত খং মহেন্দ্ৰ সিং ধোনীৰ?


Updated:May 9, 2019, 3:49 PM IST
আকৌ খেলপথাৰতে উঠিল ধোনীৰ খং!
কাৰ ওপৰত খং মহেন্দ্ৰ সিং ধোনীৰ?

Updated: May 9, 2019, 3:49 PM IST
সদায় 'মিষ্টাৰ কুল' হিচাপে জনা যায় ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক । কিন্তু ২০১৯ বৰ্ষৰ আইপিএলত বহুবাৰ খঙাল ৰূপত দেখা গ’ল ধোনীক । আইপিএলৰ Qualifier 1 মেচত নিজ দলৰে মুৰুলী বিজয়ৰ ওপৰত খঙত একো নাই হৈ পৰিল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনী ।
কেদাৰ যাদৱৰ আঘাতৰ বাবে চলিত আইপিএলৰ Qualifier 1 মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দলত স্থান দিয়া হৈছিল অপেনাৰ মুৰুলী বিজয়ক । কিন্তু গুৰুত্বপূৰ্ণ খেল খনত বিজয়ে ২৬ টা বলত ২৬ ৰাণ কৰি ধোনীৰ ৰোষত পৰে। 
প্ৰথম কোৱালিফায়াৰ খেলত মুম্বাই ইণ্ডিয়ানছৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সূৰ্যকুমাৰ যাদৱে । মুম্বাই ইণ্ডিয়ানছৰ ইনিংছৰ পঞ্চম অভাৰত দীপক চহৰৰ বলত মুৰুলী বিজয়ে সূৰ্যকুমাৰ যাদৱৰ কেচ এৰাত ধোনীয়ে খঙতে খেলপথাৰতে মুৰুলী বিজয়ক চিঞৰি চিঞৰি গালি পৰা দেখা পোৱা গৈছিল ।ধোনীৰ খং উঠা এই খেলুৱৈজনকে মুম্বাই ইণ্ডিয়ানছৰ হাতত চেন্নাই ছুপাৰ কিংছৰ পৰাজয়ৰ অন্যতম কাৰক হিচাপে অভিহিত কৰা হৈছে ।

উল্লেখ যোগ্য যে Qualifier 1 মেচ খনত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰকিংছক ৬ উইকেটত পৰাস্ত কৰি চলিত বৰ্ষৰ আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰে ।
ইয়াৰ পূৰ্বেও এখন খেলত মহেন্দ্ৰ সিং ধোনীয়ে খেল চলি থকাৰ মাজতে এটা ভুল সিদ্ধান্তৰ বাবে খেল পথাৰত প্ৰৱেশ কৰি এম্পায়াৰৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত হৈছিল । যাৰ বাবে বিতৰ্কতো সোমাই পৰিছিল মহেন্দ্ৰ সিং ধোনী।
আৰু চাওক পৰৱৰ্তী বাতৰি