• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চিকিৎসক-নাৰ্ছে কিয় বগা কাপোৰ পৰিধান কৰে, আপুনি জানেনে?

চিকিৎসক-নাৰ্ছে কিয় বগা কাপোৰ পৰিধান কৰে, আপুনি জানেনে?

চিকিৎসক অথবা নাৰ্ছক সদায় বগা কাপোৰত দেখা যায়।

চিকিৎসক অথবা নাৰ্ছক সদায় বগা কাপোৰত দেখা যায়।

চিকিৎসক অথবা নাৰ্ছক সদায় বগা কাপোৰত দেখা যায়।

  • Share this:
চিকিৎসক অথবা নাৰ্ছক সদায় বগা কাপোৰত দেখা যায়। চিকিৎসক-নাৰ্ছে সাধাৰণতে বগা কাপোৰেই পৰিধান কৰে। পিছে কিয় কেৱল বগা কোট অথবা বগা ৰঙৰ ইউনিফৰ্ম চিকিৎসক-নাৰ্ছে ব্যৱহাৰ কৰে আপোনাৰ জানিবলৈ মন নাযায়নে?

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, ১৯ শতিকাৰ পৰাই চিকিৎসক-নাৰ্ছে বগা কাপোৰ পৰিধান কৰি আহিছে। ৰোগীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিয়ম প্ৰযোজ্য কৰা হৈছিল। কাৰণ বগা ৰঙৰ কাপোৰত তেজ অথবা চিকিৎসাত ব্যৱহৃত অন্য কেমিকেল খুব সহজেই জিলিকি উঠে। ফলত চিকিৎসক-নাৰ্ছৰ স্বচ্ছতাৰ দিশত বগা কাপোৰে যথেষ্ট সহায় কৰে।

আনহাতে বগা ৰঙৰ কাপোৰত চিকিৎসক তথা নাৰ্ছক দেখি ৰোগীয়ে যথেষ্ট মনোবল পায় বুলিও এক গৱেষণাত পোহৰলৈ আহিছিল। সেয়ে বিশ্বৰ সকলো দেশৰ চিকিৎসক তথা নাৰ্ছে কেৱল বগা কাপোৰেই পৰিধান কৰে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি