உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Bubble Wrap: আপুনিও এই কামটো কৰি পাইছে নেকি? আঁৰত আছে ডাঙৰ কাৰণ

    Bubble Wrap: আপুনিও এই কামটো কৰি পাইছে নেকি? আঁৰত আছে ডাঙৰ কাৰণ

    Bubble Wrap: যেতিয়া এজন ব্যক্তিয়ে বাবল ৰেপৰ বুদবুদবোৰ ফুটাই পেলায়, তেতিয়া তেওঁৰ মনোযোগ ডাইভাৰ্ট হৈ পৰে।

    Bubble Wrap: যেতিয়া এজন ব্যক্তিয়ে বাবল ৰেপৰ বুদবুদবোৰ ফুটাই পেলায়, তেতিয়া তেওঁৰ মনোযোগ ডাইভাৰ্ট হৈ পৰে।

    Bubble Wrap: যেতিয়া এজন ব্যক্তিয়ে বাবল ৰেপৰ বুদবুদবোৰ ফুটাই পেলায়, তেতিয়া তেওঁৰ মনোযোগ ডাইভাৰ্ট হৈ পৰে।

    • Share this:
    অনলাইনতে হওক বা বজাৰতেই হওক, ঠুনুকা বস্তু কিবা কিনিলেই এইবোৰৰ  বেছিভাগেই বাবল ৰেপ (Bubble Wrap)ত পেকেজিঙৰ সৈতে আহে। টিভি, ফ্ৰীজ বা আন কিছুমান মূল্যৱান সামগ্ৰী বাবল ৰেপত  সুৰক্ষিত কৰি পেকেট কৰা হয় যাতে দামী বস্তুবোৰ ভাঙি যোৱাৰ আশংকা কম হয়। লগতে এই সামগ্ৰীবোৰত আঁচোৰ পৰিবলৈও নিদিয়ে বাবল ৰেপে। কিন্তু আপুনি মন কৰিছেনে বস্তুটো খুলি দিয়াৰ লগে লগে ল’ৰা-ছোৱালী আৰু বুঢ়া-বুঢ়ী সকলোৱে এই বাবল ৰেপবোৰ ফুটাবলৈ হেতা-ওপৰা লগায়।

    কেতিয়াবা ভাবিছেনে এই বাবল ৰেপবোৰ দেখাৰ পিছত কিয় ফুটাবলৈ মন যায়? দেখাত সাধাৰণ যেন লাগিলেও ইয়াৰ কাৰণ মনোবিজ্ঞানৰ লগত জড়িত হৈ আছে। যাৰ বাবে এজন ব্যক্তিয়ে বুদবুদটো মোহাৰি থকা দেখাৰ লগে লগে বা হাতত অহাৰ লগে লগে ব্যক্তিজনে নিমিষতে ফুটাবলৈ আৰম্ভ কৰে। যেতিয়ালৈ সকলো বুদবুদ ফাটি নাযায়, তেতিয়ালৈকে মানুহজনে শান্তি নাপায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে মানুহে বাবল ৰেপ ফুটাবলৈ কিয় পাগলৰ দৰে হৈ পৰে? ইয়াৰ আঁৰত এটা মানসিক কাৰণ আছে।

    মনোবিজ্ঞানৰ মতে, যেতিয়া এজন ব্যক্তি মানসিক চাপত পৰে, তেতিয়া তেওঁ সৰু সৰু স্পঞ্জী বস্তু ধৰি ৰাখি বহুত আৰাম পায়। সেইবাবেই মানসিক চাপৰ বাবে সৰু সৰু স্পঞ্জী বল তৈয়াৰ কৰা হৈছে। সেইবোৰ টিপিলে টেনচন কমা যেন লাগে আৰু মনটো পাতল হৈ পৰে। ইয়াৰ বাবেই এজন লোকে ইটোৰ পিছত সিটো বাবল ভাঙিবলৈ ইচ্ছা কৰি থাকে।

    মনোযোগ ডাইভাৰ্ট হৈ যায়
    যেতিয়া এজন ব্যক্তিয়ে বাবল ৰেপৰ বুদবুদবোৰ ফুটাই পেলায়, তেতিয়া তেওঁৰ মনোযোগ ডাইভাৰ্ট হৈ পৰে। কিছুসময় বা কিছুদিনৰ বাবে জীৱনৰ সকলো উত্তেজনা আৰু কষ্ট পাহৰি মানুহ এজনৰ গোটেই মনোযোগ বাবল ৰেপৰ বুদবুদৰ মাজত সোমাই থাকে। সেইবাবেই এজন ব্যক্তিৰ হাতত বাবল ৰেপ পৰিলেই তেতিয়া তেওঁ সেইবোৰ ফুটাই পেলোৱাত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে আৰু বাকী সকলো পাহৰি যায়। এতিয়া বুজিলেনে যে বহু ডাঙৰ হোৱাৰ পিছতো বাবল ৰেপ দেখি মানুহ কিয় কেঁচুৱাৰ দৰে হৈ পৰে?
    Published by:Manjumoni Borah
    First published: