• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Penalty: দেশৰ তিনিটাকৈ বেংকৰ ওপৰত ২৩ লাখ টকাৰ জৰিমণা আৰোপ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ, জানক ইয়াৰ আঁৰৰ কাৰণ ...

Penalty: দেশৰ তিনিটাকৈ বেংকৰ ওপৰত ২৩ লাখ টকাৰ জৰিমণা আৰোপ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ, জানক ইয়াৰ আঁৰৰ কাৰণ ...

ভাৰতীয় ৰিজাৰ্ভ বেংকে মোগাভিৰা কো-অপাৰেটিভ বেংক লিমিটেড, ইণ্ডাপুৰ নগৰ সমবায় বেংক আৰু বাৰামতী সমবায় বেংক লিমিটেডৰ ওপৰত জৰিমনা আৰোপ কৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে মোগাভিৰা কো-অপাৰেটিভ বেংক লিমিটেড, ইণ্ডাপুৰ নগৰ সমবায় বেংক আৰু বাৰামতী সমবায় বেংক লিমিটেডৰ ওপৰত জৰিমনা আৰোপ কৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে মোগাভিৰা কো-অপাৰেটিভ বেংক লিমিটেড, ইণ্ডাপুৰ নগৰ সমবায় বেংক আৰু বাৰামতী সমবায় বেংক লিমিটেডৰ ওপৰত জৰিমনা আৰোপ কৰিছে।

  • Share this:
ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ তিনিটাকৈ সমবায় বেংক (Co-Operative Banks)ৰ ওপৰত আৰোপ কৰিছে মুঠ ২৩ লাখ টকাৰ জৰিমনা । মোগাভিৰা কো-অপাৰেটিভ বেংক লিমিটেড(Mogaveera Co-operative Bank Limited)ৰ ওপৰত ১২ লাখ টকা , ইন্দাপুৰ নগৰ সমবায় বেংক (Indapur Urban Cooperative Bank)ৰ ওপৰত ১০ লাখ টকা আৰু বাৰামতী সমবায় বেংক লিমিটেড (Baramati Sahakari Bank Limited) ৰ ওপৰত ১ লাখ টকা জৰিমনা আৰোপ কৰা হৈছে । কেন্দ্ৰীয় বেংকটোৱে বিভিন্ন নিয়ম অনুসৰণ নকৰাৰ বাবে তিনিওটা সমবায় বেংকৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই কঠোৰ সিদ্ধান্ত ।

মোগাভিৰাই পুঁজি সম্পূৰ্ণৰূপে স্থানান্তৰ কৰা নাছিল -

ৰিজাৰ্ভ বেংকে জনায় যে মোগাভিৰা কো-অপাৰেটিভ বেংক লিমিটেডৰ ওপৰত কৰা তদন্তত দেখা গৈছে যে বেংকে জমাকৰ্তাৰ শিক্ষা আৰু সজাগতা পুঁজিৰ (DEA Fund) দাবীবিহীন জমা (Unclaimed Deposits) ক সম্পূৰ্ণৰূপে স্থানান্তৰ কৰা নাছিল । ইয়াৰ উপৰিও, সমবায় বেংকটোৱে বছৰি নিষ্ক্ৰিয় একাউণ্টবোৰ (Inoperative Accounts)ৰো পৰ্যালোচনা কৰা নাছিল। আনহাতে বেংকটোৱে একাউণ্টৰ বিপদাশংকা শ্ৰেণীবিভাজনৰ বাবে সাময়িক সমীক্ষাৰ কোনো প্ৰণালীও সৃষ্টি কৰা নাই। একে সময়তে, কেন্দ্ৰীয় বেংকটোৱে জনায় যে উক্ত সময়বায় বেংকটোৰ বহু গ্ৰাহক পোৱা গৈছে, যাৰ বহু ইউনিক গ্ৰাহক পৰিচয় কোড (UCICs) আছে । আনফালে বহু গ্ৰাহকৰ UCIC একেটা হোৱা দেখা গৈছে। এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই বেংকটোক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে ।

আন দুটা সমবায় বেংকৰ ওপৰতো আৰোপ কৰা হৈছে জৰিমনা -

কেন্দ্ৰীয় বেংকৰ মতে, ইন্দাপুৰ নগৰ সমবায় বেংকৰ বিত্তীয় স্থিতিৰ পৰিপ্ৰেক্ষিতত দেখা গৈছিল যে বেংকে অসুৰক্ষিত ঋণৰ ওপৰত কোনো সীমা নিৰ্ধাৰণ কৰা নাই। ইয়াৰ উপৰিও, এই সমবায় বেংকে একাউণ্টৰ বিপদাশংকা শ্ৰেণীবিভাজন (Risk Categorization)ৰ বাবে সাময়িক সমীক্ষাৰ কোনো প্ৰণালীও সৃষ্টি কৰা নাই। তদুপৰি, বেংকে আন বহু নিয়ম অনুসৰণ কৰা নাছিল। সেয়েহে বেংকটোক ১০ লাখ টকাৰ জৰিমনা বিহা হৈছিল।

ইয়াৰ লগতে বাৰামতী সমবায় বেংকৰ এক অনুসন্ধানত দেখা গৈছে যে বেংকটোৱে বিচক্ষণ আন্তঃ-বেংক বিপদাশংকাৰ সীমা অতিক্ৰম কৰিছে। সেয়েহে, বেংকটোক ১ লাখ টকা জৰিমনা বিহা হৈছে।
Published by:Kokil Sarma
First published: