• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IPL 2021: কিয় ধোনীৰ নতুন নাম হৈ পৰিল প্ৰফেছাৰ চাহাব ? চতুৰ্থবাৰলৈ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ, আকৌ স্বপ্নভংগ কলকাতা নাইট ৰাইডাৰ্ছৰ...

IPL 2021: কিয় ধোনীৰ নতুন নাম হৈ পৰিল প্ৰফেছাৰ চাহাব ? চতুৰ্থবাৰলৈ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ, আকৌ স্বপ্নভংগ কলকাতা নাইট ৰাইডাৰ্ছৰ...

চতুৰ্থবাৰৰ বাবে আইপিএলৰ বিজয়ী হোৱা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ধোনীক প্ৰশংসা সকলোৰে, যোৱা চিজনত প্লে অফৰ পৰা বাহিৰ হোৱা চেন্নাই চুপাৰ কিংছ পুনৰ অপ্ৰতিৰোধ্য।

চতুৰ্থবাৰৰ বাবে আইপিএলৰ বিজয়ী হোৱা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ধোনীক প্ৰশংসা সকলোৰে, যোৱা চিজনত প্লে অফৰ পৰা বাহিৰ হোৱা চেন্নাই চুপাৰ কিংছ পুনৰ অপ্ৰতিৰোধ্য।

চতুৰ্থবাৰৰ বাবে আইপিএলৰ বিজয়ী হোৱা চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ধোনীক প্ৰশংসা সকলোৰে, যোৱা চিজনত প্লে অফৰ পৰা বাহিৰ হোৱা চেন্নাই চুপাৰ কিংছ পুনৰ অপ্ৰতিৰোধ্য।

  • Share this:
চতুৰ্থবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(IPL) ত বিজয়ীৰ খিতাপ দখল কৰাৰ পিছতে পুনৰ চৰ্চিত হৈছে মহেন্দ্ৰ সিং ধোনী। অত্যন্ত আত্মবিশ্বাসী ধোনীৰ নতুন নাম হৈ পৰিছে প্ৰফেচাৰ চাহাব। ১০ অভাৰত কলকাতাৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছতো নিখুত পৰিকল্পনাৰে প্ৰতিপক্ষক শলঠেকত পেলাই দলক জয়ৰ সোৱাদ দিয়া ধোনীক খেল চলি থকাৰ সময়ত প্ৰফেছাৰ চাহাব বুলি সম্বোধন কৰিলে মেচৰ ধাৰাভাষ্যকাৰে। ২০১০ আৰু ২০১১ত ক্ৰমাগত ভাৱে দুবাৰ IPLত CSKক জয়ৰ সোৱাদ দিয়া ধোনীৰ নেতৃত্বত ২০১৮ত পুনৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল চেন্নাই চুপাৰ কিংছে( CSK )। কিন্তু দুৰ্ভাগ্যজনক ভাৱে ২০২০ চনত প্লে অফৰ পৰাই বাহিৰ হৈছিল CSK। ইয়াৰ পিচতে ধোনীৰ সক্ষমতাক লৈয়ো প্ৰশ্ন উঠিছিল। পিছে এইবাৰ আইপিলত দলক ফাইনেললৈ নিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল মহেন্দ্ৰ সিং ধোনীয়ে।

দুৰ্দান্ত বেটিঙেৰে CSKৰ ৰাণৰ পাহাৰ:

টছত পৰাজিত হৈয়ো বেটিঙৰ সুযোগ পোৱা CSKয়ে সুযোগৰ সদব্যৱহাৰ কৰিছিল। অপেনাৰ ঋতুৰাজ গাইকোৱাড আৰু ডুপ্লেচিয়ে মাত্ৰ ৮.১ অভাৰতে  ৬১ৰাণ যোগ দিবলৈ সক্ষম হৈছিল। ৩২ৰাণৰ ব্যক্তিগত স্ক'ৰত গাইকোৱাড আউট হোৱাৰ পিছত ৰবীন উথাপ্পাই কলকাতাৰ বলাৰক দিশহাৰা কৰিছিল। উথাপ্পাই মাত্ৰ ১৫টা বলত ৩টা ৬ কোবাই ৩১ৰাণ সংগ্ৰহ কৰে। তেঁও ডুপ্লেচিৰ সৈতে ৬০ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পিচতে ডুপ্লেচিক সংগ দিয়ে মইন আলীয়ে। মইনে ২০টা বলত ৩৭ ৰাণ সংগ্ৰহ কৰে। ডুপ্লেচিয়েও কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে ইনিংছৰ অন্তিমটো বল পৰ্য্যন্ত খেলি ৮৬ৰাণ সংগ্ৰহ কৰে। ইনিংছৰ অন্তিমটো বলতহে ডুপ্লেছি আউট হয়।

তৃতীয় বাৰৰ বাবে স্বপ্নভংগ কলকাতাৰ:

তৃতীয়বাৰৰ বাবে IPLৰ চেম্পিয়ন হোৱাৰ স্বপ্নভংগ ঘটিল কলকাতাৰ। প্ৰথম অৱস্থাত কলকাতা নাইট ৰাইডাৰ্ছে এটাও উইকেট নেহেৰুৱাকৈ ৯১ৰাণ সংগ্ৰহ কৰি নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছিল। শাৰ্দিল ঠাকুৰে ৯১ৰাণত প্ৰথমটো উইকেট লোৱাৰ পিছতে তাছপাতৰ দৰে খহিল কলকাতাৰ বেটিংক্ৰম। ৯১ৰাণত এটা উইকেট হেৰুওৱা কলকাতাই ১২৮ৰাণত ৮ টা উইকেট হেৰুৱাই পৰাজয়ৰ গৰাহত পৰে। অৱশেষত ১৯৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১৬৫ৰাণতে সন্তুষ্ট থাকিব লগীয়া হয় কলকাতা নাইট ৰাইডাৰ্ছ। চেন্নাইৰ শাৰ্দুল ঠাকুৰে ৩টা উইকেট দখল কৰাৰ বিপৰীতে জাদেজা আৰু হেজলইডে দুটাকৈ আৰু ব্ৰেভো আৰু দীপক চাহাবে ১টাকৈ উইকেট দখল কৰে। এইদৰে পুনৰ সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি নিজৰ সক্ষমতাক দেখুৱালে এসময়ত ভাৰতক বিশ্বকাপৰ জয়ৰ সোৱাদ দিয়া অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।
Published by:Kokil Sarma
First published: