• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Lord Shiva Puja: ভগৱান শিৱৰ উপাসনাত কিয় ব্যৱহাৰ কৰা হয় 'বিল্বপত্ৰ', জানি লওক এই জৰুৰী কথাবোৰ

Lord Shiva Puja: ভগৱান শিৱৰ উপাসনাত কিয় ব্যৱহাৰ কৰা হয় 'বিল্বপত্ৰ', জানি লওক এই জৰুৰী কথাবোৰ

Lord Shiva Puja: সোমবাৰে শিৱক চন্দন কাঠ, অক্ষত বিল্বপত্ৰ বা বেলপাত, ধতুৰাৰ ফুলেৰে পূজা কৰিব লাগে। এই সকলোবোৰ বস্তু ভগৱান শিৱৰ অতি প্ৰিয়। ভোলানাথক এইবোৰ বস্তুৰে পূজা আগবঢ়ালে সুখী হয় আৰু ভক্তক কৃপা কৰে

Lord Shiva Puja: সোমবাৰে শিৱক চন্দন কাঠ, অক্ষত বিল্বপত্ৰ বা বেলপাত, ধতুৰাৰ ফুলেৰে পূজা কৰিব লাগে। এই সকলোবোৰ বস্তু ভগৱান শিৱৰ অতি প্ৰিয়। ভোলানাথক এইবোৰ বস্তুৰে পূজা আগবঢ়ালে সুখী হয় আৰু ভক্তক কৃপা কৰে

Lord Shiva Puja: সোমবাৰে শিৱক চন্দন কাঠ, অক্ষত বিল্বপত্ৰ বা বেলপাত, ধতুৰাৰ ফুলেৰে পূজা কৰিব লাগে। এই সকলোবোৰ বস্তু ভগৱান শিৱৰ অতি প্ৰিয়। ভোলানাথক এইবোৰ বস্তুৰে পূজা আগবঢ়ালে সুখী হয় আৰু ভক্তক কৃপা কৰে

  • Share this:
সোমবাৰ (Monday)টো ভগৱান শিৱ (Lord Shiva)ৰ বাবে উৎসৰ্গিত দিন। কোৱা হয় যে যদি সোমবাৰে ভগৱান শিৱক সঁচা হৃদয়েৰে পূজা কৰা হয় তেন্তে তেওঁ সকলো দুখ-কষ্ট, বেদনাৰ পৰা মুক্ত হয় আৰু সকলো আকাংক্ষা পূৰণ হয়। শিৱই সদায় তেওঁৰ ভক্তসকলৰ ওপৰত অনুগ্ৰহ প্ৰদান কৰি আহিছে।

বিশ্বাস কৰা হয় যে সোমবাৰে ৰাতিপুৱা উঠি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ গা ধুই উপাসনা কৰিব লাগে। আজিৰ দিনটোত ভগৱান শিৱৰ সৈতে মাতৃ পাৰ্বতী আৰু নন্দীকো গংগাজলেৰে উপাসনা কৰা উচিত। সোমবাৰে শিৱক চন্দন কাঠ, অক্ষত বিল্বপত্ৰ বা বেলপাত, ধতুৰাৰ ফুলেৰে পূজা কৰিব লাগে। এই সকলোবোৰ বস্তু ভগৱান শিৱৰ অতি প্ৰিয়। ভোলেনাথক এইবোৰ বস্তুৰে পূজা আগবঢ়ালে সুখী হয় আৰু ভক্তক অনুগ্ৰহ কৰি কৃপা কৰে। সোমবাৰে, ভগৱান শিৱক ঘিউ, চেনী আৰু ঘেঁহুৰ আটাৰে তৈয়াৰ কৰা নৈবেদ্য  বা ভোগ আগবঢ়োৱা উচিত। আনহাতে বিল্বপত্ৰ ভগৱান শিৱৰ অতি প্ৰিয়। ভোলেনাথক পানী দিয়াৰ সময়ত এটা বিল্বপত্ৰও আগবঢ়োৱা হয়। ভগৱান শিৱৰ উপাসনাত বিল্বপত্ৰ কিয় ব্যৱহাৰ কৰা হয় জানোঁ আহক।

-  বেল গছত মা লক্ষ্মী বাস কৰে। কোৱা হয় যে ইয়াক পূজা কৰিলে দৰিদ্ৰতা দূৰ হয়।

-  ঘৰত বেল গছ ৰোপণ বা দৈনিক বেল গছৰ দৰ্শন কৰিলে সকলো পাপৰ পৰা মুক্তি পায় । ঘৰত বেল গছ থাকিলে পৰিয়ালৰ সকলো সদস্য বিভিন্ন পাপৰ পৰা মুক্ত হয়।

- দেওবাৰে আৰু দ্বাদাশী তিথিত বেল গছৰ উপাসনা বিশেষ গুৰুত্বপূৰ্ণ। এই দিনটোত পূজা কৰিলে এজন মানুহক ব্ৰহ্মহত্যাৰ দৰে ডাঙৰ পাপৰ পৰাও মুক্ত কৰে। ইয়াৰ প্ৰভাৱে খ্যাতি আৰু সন্মান আনি দিয়ে।

- ঘৰৰ উত্তৰ-পশ্চিম দিশত থকা বেল গছ থাকিলে সফলতা আহে । উত্তৰ-দক্ষিণ দিশত বেল গছ থকাটোৱে সুখ আৰু শান্তি বৃদ্ধি কৰে। আনহাতে, যদি এই গছ ঘৰৰ চৌহদৰ মাজত থাকে তেন্তে জীৱন মিঠা হৈ পৰে।

কোৱা হয় যে যদি এটা শৱদেহ যদি বেল গছৰ তলেৰে শ্মশানলৈ নিয়া হয় তেন্তে ই মোক্ষ প্ৰাপ্তি কৰে। ইয়াৰ উপৰি বেল গছত নিয়মীয়াকৈ পানী দিলে পূৰ্ব পুৰুষসকল সন্তুষ্ট হয় আৰু সকলো পিতৃ দোষৰ পৰা মুক্তি দিয়ে।

- বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখিবলৈ বেল গছৰ গুৰুত্ব আছে। ই আপোনাৰ চাৰিওফালৰ পৰিৱেশ বিশুদ্ধ আৰু পবিত্ৰ কৰি ৰাখে। যেতিয়া ঘৰৰ চাৰিওফালে বেল গছ থাকে সাপ বা বিষাক্ত জন্তু আদি নাথাকে।

- বিশ্বাস কৰা হয় যে বেল গছ ৰোপণ কৰিলে বংশ বৃদ্ধি হয় আৰু ভগৱান শিৱৰ বিশেষ অনুগ্ৰহ লাভ কৰে। বেল গছৰ তলত শিৱ লিংগৰ পূজা কৰিলে সকলো মনোকামনা পূৰণ হয়।

- বিশ্বাস কৰা হয় যে বেল গছ থকা ঠাইখন কাশী তীৰ্থৰ দৰে শ্ৰদ্ধা আৰু পৱিত্ৰৰ স্থান হৈ পৰে। সেই ঠাইত অক্ষয় পুণ্য প্ৰাপ্ত হয়। এই গছ কাটিলে পাপ বুলি গণ্য কৰা হয়।, যাৰ ফলত সন্তানৰ হানি হয় বুলিও বিশ্বাস কৰা হয়।

(Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শ প্ৰচলিত বিশ্বাস আৰু ধাৰণাৰ ওপৰত আধাৰিত। নিউজ১৮ অসম নৰ্থইষ্টে এইবোৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by:Manjumoni Borah
First published: