ন্যায়ৰ দেৱতা শনি দেৱ (Shani Dev)ৰ পূজা কৰি আপুনি শনি দোষৰ পৰা সকাহ পাব পাৰে। কিন্তু বহুতে জানি-বুজি বা অজানিতে এনে কিছুমান কাম কৰে যাৰ বাবে শনিদেৱৰ কোপ দৃষ্টি তেওঁলোকৰ ওপৰত পৰিবলৈ ধৰে। সেই ব্যক্তিজনৰ ভুল কৰ্ম আৰু আচৰণৰ বাবেই শনি দেৱৰ খং উঠে। এতিয়া প্ৰশ্ন হয়, আপোনাৰ ওপৰত শনি দেৱৰ খং উঠিছে নে নাই কেনেকৈ জানিব? কিছুমান সংকেতৰ পৰা শিনদেৱ ৰুষ্ট হোৱাৰ কথা জানিব পাৰি। পুৰীৰ জ্যোতিষী ড° গণেশ মিশ্ৰৰ পৰা জানি লওক সবিশেষ।
শনি দেৱৰ খং উঠাৰ সংকেত১/ যেতিয়া আপোনাৰ কামৰ অৱনতি হ’বলৈ আৰম্ভ কৰে।
২/ যেতিয়া আপুনি কথা পাতি মিছা কথা ক’বলৈ আৰম্ভ কৰে।
৩/ আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।
৪/ আদালতৰ গোচৰ বা বিতৰ্কত জড়িত হৈ পৰা।
৫/ মনত সদায় অস্থিৰতা আৰু ভয় থকা।
৬) হঠাতে টকাৰ ক্ষতি হয়।
এইবোৰ কাৰণত শনি দেৱৰ খং উঠে১/ যেতিয়া আপুনি মদ, জুৱা আদি বেয়া আসক্তিৰ বলি হয়।
২/ আনৰ প্ৰতি ছল-কপটৰ মনোভাৱ পোষণ কৰিলে।
৩/ আনক ঘৃণা কৰিলে আৰু চুৰি কৰিলেও ক্ৰোধিত হয় শনি দেৱ।
৪/ চাফাই কৰ্মী, চাকৰ বা আপোনাৰ তলৰ কৰ্মচাৰীৰ লগত দুৰ্ব্যৱহাৰ কৰিলে।
৫/ পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠক অসন্মান কৰিলে।
৬) হঠাতে টকাৰ ক্ষতি হয়।
৭/ যেতিয়া আপুনি আন কাৰোবাৰ অধিকাৰ বা ভাগ কাঢ়ি লৈ যায়।
৮) ৰোগাক্ৰান্ত আৰু অসহায় লোকক সহায় নকৰিলে।
৯/ যিসকলে নিজৰ ঘৰ লেতেৰা কৰি ৰাখে। সময়মতে চাফা কৰা নহয়।
১০) জীৱ-জন্তু বিশেষকৈ কুকুৰক হত্যা কৰা আৰু হাৰাশাস্তি কৰা সকলৰ প্ৰতিও শনি দেৱ অসন্তুষ্ট হয়।
১১) যিসকলে ব্যভিচাৰ কৰে। নাৰীৰ প্ৰতি ভুল মনোভাৱ ৰাখে।
১২) দেৱ-দেৱীক অপমান কৰা সকলৰ ওপৰতো শনি দেৱ ক্ষুব্ধ হৈ থাকে। এনে মানুহ শনি দেৱৰ ক্ৰোধৰ বলি হৈ পৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|