உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • আছেনে খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম? কিদৰে কৰিব পঞ্জীয়ন আৰু তথ্য শুধৰণি? ১৫ ডিচেম্বৰ সময়সীমা

    আছেনে খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম? কিদৰে কৰিব পঞ্জীয়ন আৰু তথ্য শুধৰণি? ১৫ ডিচেম্বৰ সময়সীমা

    ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে কি কৰিব লাগিব?

    ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে কি কৰিব লাগিব?

    ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে কি কৰিব লাগিব?

    • Share this:
    ভোটাৰ খচৰা তালিকাত আপোনাৰ নাম আছেনে? প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। নামসহ আপোনাৰ অন্যান্য তথ্যপাতিসমূহৰ শুধৰণি তথা অধিক তথ্যৰ বিষয়ে জানিব বিচাৰিলে www.ceoassam.nic.in আৰু www.nvsp.in ৱেবচেইটত ক্লীক কৰক।

    খচৰা ভোটাৰ তালিকাত নাম কৰ্তন, তথ্য শুধৰণি, অভিযোগ আদিৰ বাবে সুবিধা প্ৰদান কৰিছে । ইয়াৰ বাবে ১৫ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব নাগৰিকে। অনলাইন বা অফলাইন দুই  ধৰণেই আবেদন কৰিব পাৰিব। অনলাইনৰ  যোগেদি www.ceoassam.nic.in আৰু www.nvsp.inৰ পৰা ডাউন লোড কৰিব পাৰিব।



    নিৰ্বাচনী পঞ্জীয়কৰ কাৰ্যালয়ৰ যোগেদিও আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। অনলাইন বা অফলাইনৰ জৰিয়তে নতুনকৈ নাম পঞ্জীয়ন, তথ্য শুধৰণি, নাম কৰ্তন কৰিব পাৰিব। সলনি কৰিব পাৰিব ভোটদান কেন্দ্ৰ।

    কোনবোৰ ভুলত কেনেদৰে আগবাঢ়িব লাগিব?

    • আপোনাৰ নাম একাধিক ঠাইত পঞ্জীয়ন হৈ থাকিলে প্ৰপত্ৰ ৭ যোগে আবেদন কৰিব লাগিব।

    • নাম শুধৰণিৰ বাবে প্ৰপত্ৰ ৮ যোগে আবেদন কৰিব লাগিব। সমষ্টিৰ ভিতৰতে ঠিকনা সলনি কৰিলে প্ৰপত্ৰ ৮ (ক) যোগে আবেদন কৰিব লাগিব।

    • ভোটাৰ তালিতাক নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰপত্ৰ ৬ যোগে কৰিব লাগিব আবেদন।


    ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে কি কৰিব লাগিব?

    পত্ৰ পূৰণ কৰি নিৰ্বাচন পঞ্জীয়ক বিষয়া, বুথ পৰ্যায়ৰ বিষয়াক দাখিল কৰিব লাগিব। অনলাইন যোগে  WWW.NVSP.IN ত আবেদন কৰিব পাৰিব। অফলাইন যোগে কৰিলে চিইঅ’ বা ডিইঅ’ ৱেবচাইটৰ পৰা প্ৰপত্ৰ ৬ ডাউন লোড কৰি সম্পন্ন কৰিব লাগিব।
    Published by:Himangshu Bhuyan
    First published: