এই ১০টা বেংকৰ জৰিয়তে সজাওক আপোনাৰ সপোনৰ ঘৰখন! Home Loan লোৱাৰ কথা ভাবিছে যদি জানি লওক এইসমূহ কথা

News18 Assam | News18-Assam
Updated:April 6, 2021, 2:26 PM IST
এই ১০টা বেংকৰ জৰিয়তে সজাওক আপোনাৰ সপোনৰ ঘৰখন! Home Loan লোৱাৰ কথা ভাবিছে যদি জানি লওক এইসমূহ কথা
যদি আপুনি এটা ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াৰ পূৰ্বেই আপুনি জানি লওক কোনটো বেংকৰ পৰা গৃহ ঋণ ল’লে আপুনি লাভান্বিত হ’ব।

যদি আপুনি এটা ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াৰ পূৰ্বেই আপুনি জানি লওক কোনটো বেংকৰ পৰা গৃহ ঋণ ল’লে আপুনি লাভান্বিত হ’ব।

  • Share this:
এখন সুন্দৰ ঘৰৰ সপোন সকলোৰে থাকে। ঘৰ কিনাটোৱে হৈছে সাধাৰণ মানুহৰ বাবে আটাইতকৈ ডাঙৰ মুলধন। ঘৰ সাজিবলৈয়ে মানুহে বিনিয়োগ কৰে জীৱনজোৰা সঞ্চয়ৰ ধন। অধিকাংশ লোকেই এটা ঘৰ কিনিবলৈ সহায় লয় গৃহ ঋণ (Home Loan)ৰ। এয়া কেৱল ম্যাদৰ ক্ষেত্ৰতে নহয়, পৰিমাণৰ ক্ষেত্ৰতো সাধাৰণ ব্যক্তি এজনে লোৱা আটাইতকৈ ডাঙৰ ঋণ। এই ক্ষেত্ৰত, গৃহ ঋণৰ বাবে আপুনি বিভিন্ন বেংক আৰু এনবিএফচিৰ গৃহ ঋণৰ হাৰ(Home Loan Interest Rate) তুলনা কৰিব লাগিব।

যদি আপুনি এটা ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াৰ পূৰ্বেই আপুনি জানি লওক কোনটো বেংকৰ পৰা গৃহ ঋণ ল’লে আপুনি লাভান্বিত হ’ব। জানি লওক যে ৩০ লাখ টকা আৰু ২০ বছৰৰ সময়সীমাৰ বাবে আপুনি কিমান পৰিমাণ EMI দিব লাগিব?

SBIৰ গৃহ ঋণ হৈ পৰিছে এতিয়া ব্যয়বহুল -

আপুনি এতিয়া ভাৰতীয় ষ্টেট বেংক (SBI)ৰ পৰা গৃহ ঋণ ল’লে অধিক সুত পৰিশোধ কৰিব লাগিব। ষ্টেট বেংকে গৃহ ঋণৰ সুতৰ হাৰ ৬.৭০ৰ পৰা ৬.৯৫% লৈ বৃদ্ধি কৰিছে। আপুনি এতিয়া গৃহ ঋণৰ ওপৰত প্ৰক্ৰিয়াকৰণ মাচুলো পৰিশোধ কৰিব লাগিব। যিটো পূৰ্বে ৩১ মাৰ্চলৈকে ৰেহাই দিয়া হৈছিল। কিন্তু এই প্ৰতিবেদনৰ মাধ্যমেৰে আমি আপোনাক আন বেংকৰ সুতৰ হাৰৰ বিষয়ে জনাম, য'ত আপুনি সস্তাতে লাভ কৰিব পাৰে গৃহ ঋণ।

জানি লওক অন্যান্য বেংকৰ সুতৰ হাৰ আৰু EMI বিৱৰণ -

১. কোটাক মহিন্দ্ৰা বেংক : সুতৰ হাৰ- ৬.৬৫ ৰ পৰা ৭.৩০%, EMI- ২২,৬৩৩ৰ পৰা ২৩,৮০২ টকা, প্ৰচেছিং মাচুল - ঋণৰ পৰিমাণৰ 2L২% +জিএছটি+ অন্যান্য আইনী মাচুল।

২. আই চি আই চি আই (ICICI)বেংক: সুতৰ হাৰ- ৬.৭০ৰ পৰা ৮.০৫%, EMI - ২২,৭২২ৰ পৰা ২৫,১৮৭ টকা, প্ৰচেছিং মাচুল - ঋণৰ পৰিমাণৰ ০.৫ৰ পৰা ২% লৈ বা ২,০০০ টকা +জিএছটি।

৩. এইচ ডি এফ চি (HDFC)বেংক: সুতৰ হাৰ- ৬.৭০ৰ পৰা ৭.২০%, EMI - ২২,৭২২ টকাৰ পৰা ২৩,৬২০ টকা, প্ৰচেছিং মাচুল - ঋণৰ পৰিমাণৰ ১.৫০% লৈকে।

৪. পঞ্জাৱ নেচনেল বেংক (PNB): সুতৰ হাৰ- ৬.৮৯ৰ পৰা ৮.৯০%, EMI- ২২,৯০০ ৰ পৰা ২৬,৭৯৯ টকা, প্ৰচেছিং মাচুল- বেংকৰ সৈতে যোগাযোগ কৰিব পাৰে৷

৫. বেংক অফ বৰোদা: সুতৰ হাৰ - ৬.৮৫ৰ পৰা ৮.৭০%, EMI- ২২,৯৯০ৰ পৰা ২৬,৪১৬ টকা, প্ৰচেছিং মাচুল - ঋণৰ পৰিমাণৰ ০.৫০% লৈকে (ন্যূনতম ৮,৫০০ টকা আৰু সৰ্বাধিক ২৫,০০০ টকা)।

৬. ভাৰতীয় কেন্দ্ৰীয় বেংক: সুতৰ হাৰ - ৬.৮৫ৰ পৰা ৯.০৫%, EMI- ২২,৯৯০ ৰ পৰা ২৭,০৮৮ টকা, প্ৰচেছিং মাচুল - ঋণৰ পৰিমাণৰ ০.৫০% লৈকে (সৰ্বাধিক ২০,০০০ টকা)।

৭. বেংক অফ ইণ্ডিয়া: সুতৰ হাৰ - ৬.৯৫ৰ পৰা ৮.৮৫%, EMI- ২৩,১৬৯ৰ পৰা ২৬,৭০৩ টকা, প্ৰচেছিং মাচুল।

৮. আই ডি বি আই বেংক (IDBI Bank) : সুতৰ হাৰ - ৬.৯০ৰ পৰা ৯.৯০%, EMI - ২৩,০৭৯ টকাৰ পৰা ২৮,৭৫২ টকা - প্ৰচেছিং মাচুল - ৫,০০০ টকাৰ পৰা ২০,০০০ টকা+জিএছটি।

৯. এক্সিছ বেংক (Axis Bank) : সুতৰ হাৰ - ৬.৯০ৰ পৰা ৮.৪০%, EMI- ২৩,০৭৯ৰ পৰা ২৫,৮৪৫ টকা, প্ৰচেছিং মাচুল - ঋণৰ পৰিমাণৰ ১%।

১০. কানাৰা বেংক: সুতৰ হাৰ - ৬.৯০ৰ পৰা ৮.৯০%, EMI- ২৩,০৭৯ৰ পৰা ২৬,৭৯৯ টকা, প্ৰচেছিং মাচুল - ঋণৰ পৰিমাণৰ ০.৫০% (ন্যূনতম ১,৫০০ টকা আৰু সৰ্বাধিক ১০,০০০ টকা)।



Source-
Published by: Sanjay Kumar Das
First published: April 6, 2021, 2:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি