• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • নিজৰ কথাত অটল WhatsApp কৰ্তৃপক্ষ! বন্ধ হ’ব পাৰে এইসকল গ্ৰাহকৰ WhatsApp একাউণ্ট!

নিজৰ কথাত অটল WhatsApp কৰ্তৃপক্ষ! বন্ধ হ’ব পাৰে এইসকল গ্ৰাহকৰ WhatsApp একাউণ্ট!

গোপনীয়তা নীতিৰ অধিসূচনা WhatsAppৰ দ্বাৰা জাৰি কৰা হৈছিল আৰু নতুন এই আঁচনি গ্ৰহণ কৰিবলৈ চলিত বছৰৰ ১৫মে'ৰ দিনটো সময়সীমা হিচাপে বান্ধি দিয়া হৈছিল।

গোপনীয়তা নীতিৰ অধিসূচনা WhatsAppৰ দ্বাৰা জাৰি কৰা হৈছিল আৰু নতুন এই আঁচনি গ্ৰহণ কৰিবলৈ চলিত বছৰৰ ১৫মে'ৰ দিনটো সময়সীমা হিচাপে বান্ধি দিয়া হৈছিল।

গোপনীয়তা নীতিৰ অধিসূচনা WhatsAppৰ দ্বাৰা জাৰি কৰা হৈছিল আৰু নতুন এই আঁচনি গ্ৰহণ কৰিবলৈ চলিত বছৰৰ ১৫মে'ৰ দিনটো সময়সীমা হিচাপে বান্ধি দিয়া হৈছিল।

  • Share this:
নতুন গোপনীয়তা নীতি (Privacy Policy)ক লৈ গ্ৰহণ কৰা সিদ্ধান্তত অটল আছে জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং ছাইট হোৱাটছএপ (WhatsApp)। হোৱাটছএপে স্পষ্টকৈ উল্লেখ কৰিছে যে গোপনীয়তাৰ নীতি গ্ৰহণৰ বাবে তেওঁলোকে বান্ধি দিয়া সময়সীমাৰ কোনো সলনি কৰা নহ'ব।

কোম্পানীটোৱে লগতে কৈছে যে আমি ব্যৱহাৰকাৰীসকলক ১৫ মে'ৰ পিছত আৰু সময় দিয়া নাই। গতিকে যিসকল ব্যৱহাৰকাৰীয়ে গোপনীয়তাৰ নীতি গ্ৰহণ কৰা নাই, এতিয়াৰে পৰাা তেওঁলোকৰ একাউণ্ট বন্ধ হৈ পৰা আৰম্ভ কৰিব। দিল্লী উচ্চ ন্যায়ালয়ত কোম্পানীটোৰ পক্ষ অৱতীৰ্ণ হৈ অধিবক্তা কপিল চিব্বালে কয় যে গোপনীয়তাৰ নীতি গ্ৰহণ নকৰা যিকোনো ব্যৱহাৰকাৰীৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব।

হোৱাটছএপে জানুৱাৰী ২০২১ৰ পৰাই জাননী প্ৰেৰণ কৰি আহিছে -

চিব্বালে লগতে কয়, আমি ব্যৱহাৰকাৰীসকলক আঁচনিখনত সন্মত হ'বলৈ আহ্বান জনাইছো। যদি তেওঁলোকে সন্মত নহয়, তেন্তে আমি তেওঁলোকৰ একাউণ্ট বন্ধ কৰি দিম। এই নীতি স্থগিত কৰাৰ কোনো প্ৰস্তাৱ নাই। কোম্পানীৰ নতুন গোপনীয়তা নীতিক লৈ বিতৰ্ক আৰম্ভ হৈছে। কোম্পানীয়ে এই গোপনীয়তাৰ আঁচনিখন পিছুৱাই দিয়া নাই।

লক্ষ্যণীয়া যে গোপনীয়তা নীতিৰ অধিসূচনা WhatsAppৰ দ্বাৰা জাৰি কৰা হৈছিল আৰু নতুন এই আঁচনি গ্ৰহণ কৰিবলৈ চলিত বছৰৰ ১৫মে'ৰ দিনটো সময়সীমা হিচাপে বান্ধি দিয়া হৈছিল। আঁচনিখন প্ৰথমবাৰৰ বাবে ২০২১ৰ জানুৱাৰীত জাৰি কৰা হৈছিল, যাৰ সময়সীমা ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত ইয়াৰ সময়সীমা ২০২১ চনৰ ১৫ মে' মাহলৈ পিছুৱাই দিয়া হৈছিল।

হোৱাটছএপে ফেচবুকৰ সৈতে শ্বেয়াৰ কৰিব ব্যৱহাৰকাৰীৰ তথ্য় -

হোৱাটছএপৰ নতুন নীতি অনুসৰি, কোম্পানীটোৰ মূল কোম্পানী ফেচবুকৰ সৈতে ব্যৱহাৰকাৰীৰ বাৰ্তালাপ সম্পৰ্কীয় কিছুমান তথ্য় শ্বেয়াৰ কৰাৰ অধিকাৰ থাকিব। ইয়াৰ বাবেই কোম্পানীটোৱে ব্যৱহাৰকাৰীসকলক এই নতুন গোপনীয়তা নীতি গ্ৰহণ কৰিবলৈ জাননী প্ৰেৰণ কৰি আহিছে। ব্যৱহাৰকাৰীৰ হোৱাটছএপ একাউণ্টটো কেৱল তেতিয়াহে অব্যাহত থাকিব যদি ইয়াক গ্ৰহণ কৰা হয়। ইতিমধ্যে এই বিষয়টোক লৈ দিল্লী উচ্চ ন্যায়ালয়ত শুনানি চলি আছে আৰু এই বিষয়টোক সম্প্ৰতি চলিত বৰ্ষত ৩ জুনলৈকে পিছুৱাই দিয়া হৈছে। অতিৰিক্ত ছলিচিটৰ জেনেৰেল চেতন শৰ্মা আৰু আবেদনকাৰীসকলৰ তৰফৰ পৰা হোৱাটছএপৰ এই স্থিতিৰ বিৰোধিতা কৰা হৈছিল। সেয়েহে আদালতে গোচৰটোৰ শুনানি স্থগিত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: