WhatsAppত শীঘ্ৰে উপলব্ধ হ’ব বিশেষ ফীচাৰ, পঠিওৱাৰ ৫ছেকেণ্ড পিছত নিজে ডিলিট হ’ব মেচেজ

হোৱাটছএপত শীঘ্ৰেই এনে এটা ফীচাৰ আহিব য’ত, ইউজাৰে টাইম ছেট কৰিব পাৰিব যে কিমান সময়ৰ পিছত মেচেজটো নিজে নিজে ডিলিট হ’ব। 

News18-Assam
Updated:October 2, 2019, 4:17 PM IST
WhatsAppত শীঘ্ৰে উপলব্ধ হ’ব বিশেষ ফীচাৰ, পঠিওৱাৰ ৫ছেকেণ্ড পিছত নিজে ডিলিট হ’ব মেচেজ
হোৱাটছএপত শীঘ্ৰেই এনে এটা ফীচাৰ আহিব য’ত, ইউজাৰে টাইম ছেট কৰিব পাৰিব যে কিমান সময়ৰ পিছত মেচেজটো নিজে নিজে ডিলিট হ’ব। 
News18-Assam
Updated: October 2, 2019, 4:17 PM IST
নিজৰ ব্যৱহাৰকাৰীসকলৰ কাৰণে হোৱাটছএপে শীঘ্ৰেই অতি এক বিশেষ ফীচাৰ দিবলৈ আগবাঢ়িছে। জানিব পৰা মতে কোম্পানীয়ে এনে ফীচাৰ অনাৰ বিবেচনা কৰি আছে য’ত পঠিওৱাৰ কিছু সময়ৰ পিছত মেচেজটো নিজে নিজে ডিলিট হৈ যাব। WABetaInfoৰ তথ্যত প্ৰকাশ কৰা মতে এই ফীচাৰৰ নাম ‘Disappering Message’।



নামটোৰ দৰেই এই ফীচাৰৰ সহায়ত মেচেজটো নিজে নিজে ডিলিট হৈ যাব। এই ফীচাৰ বৰ্তমান আল্ফা ষ্টেজত আছে অৰ্থাৎ হোৱাটছএপে এই ফীচাৰক লৈ কাম কৰি আছে। এই ফীচাৰ ৰোলআউট হোৱাৰ পিছত ইউজাৰে নিজৰ Group Infoত গৈ  ‘Disappearing’ৰ অপশ্যন চিলেক্ট কৰিব পাৰে। এইটো বাচনি কৰি On আৰু Off কৰি টাইম ছেট কৰিবলৈও অপশ্যন পাব।

ইয়াত সময়ৰ দুটা অপশ্যন আছে, প্ৰথম ৫ছেকেণ্ট আৰু দ্বিতীয়টো ১ঘণ্টা। যদি আপুনি ৫ছেকেণ্ড নিৰ্বাচন কৰে তেনেহ’লে মেচেজটো ৫ছেকেণ্ড পিছত ডিলিট হ’ব। এই অপশ্যনটো চিলেক্ট কৰাৰ পিছত মেচেজটো নিজে ডিলিট হ’ব। ভাল কথাটো হ’ল মেচেজটো ডিলিট হোৱাৰ পিছত মচি দিয়া মেচেজটোৰ কোনো ট্ৰেক নাথাকিব।

উদাহৰণস্বৰূপে যিটো মেচেজ আমি বৰ্তমান ‘Delete for everyone’ কৰো তাৰ পিছত চাটত লিখা থাকে যে ‘This message has been deleted’। ইয়াৰ দ্বাৰা সন্মুখৰ মানুহজনে গম পায় যে কিবা মেচেজ আহিছিল। কিন্তু এই নতুন ফীচাৰত মেচেজ ডিলিট হোৱাৰ পিছত কোনেও নেদেখিব যে কোনোবাই মেচেজ পঠিয়াই ডিলিট কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি