আহি আছে WhatsApp Pay সেৱা, মেচেজ পঠিওৱাৰ দৰেই সহজ হ’ব ধনৰ লেনদেন

দেশত ডিজিটেল বিপ্লৱৰ প্ৰতি দৃষ্টি ৰাখি এইবছৰে এই সেৱাৰ আৰম্ভনি কৰাৰ সম্ভাৱনা। 

News18
Updated:July 25, 2019, 4:26 PM IST
আহি আছে WhatsApp Pay সেৱা, মেচেজ পঠিওৱাৰ দৰেই সহজ হ’ব ধনৰ লেনদেন
দেশত ডিজিটেল বিপ্লৱৰ প্ৰতি দৃষ্টি ৰাখি এইবছৰে এই সেৱাৰ আৰম্ভনি কৰাৰ সম্ভাৱনা। 
News18
Updated: July 25, 2019, 4:26 PM IST
Whatsappত অতি শীঘ্ৰে ইউপিআই বেচড পেমেণ্ট চাৰ্ভিচ আৰম্ভ হ’বলৈ গৈ আছে। হোৱাটছএপৰ গ্ল’বেল হেড উইল কেথাকাৰ্টে নতুন দিল্লীত আয়োজন কৰা এক ইভেণ্টত এই বিষয়ে সদৰি কৰে। এই ইভেণ্টত মুৰব্বীগৰাকীৰ লগতে উপস্থিত থাকে নীতি আয়োগৰ চেয়াৰমেন অমিতাভ কান্তো। ইভেণ্টৰ প্ৰধান ফ’কাচ আছিল হোৱাটছএপত কিদৰে মানুহক সংযুক্ত কৰিব পাৰি। কেথাকাৰ্টে কয়,
ভাৰতত ডিজিটেল বিপ্লৱ দ্ৰুততৰ কৰিবলৈ আমি সকলো ৰেগুলেশ্যনছৰ পালন কৰি এইবছৰৰ শেষৰ ফালে সমগ্ৰ দেশত পে চাৰ্ভিছ আৰম্ভ কৰিবলৈ লৈছো। দেশৰ ডিজিটেল পেমেণ্ট উদ্যোগ ২০২৩চনলৈ বাঢ়ি ১ ট্ৰিলিয়ন ডলাৰৰ হৈ পৰিব।


হোৱাটছএপৰ ব্যৱসায় দিনক দিনে দ্ৰুত গতিত বৃদ্ধি পোৱাৰ প্ৰসংগত উইল কাথাকাৰ্টে উল্লেখ কৰে যে, ক্ষুদ্ৰ ব্যৱসায় সমূহ হোৱাটছএপৰ জৰিয়তে গ্ৰাহকৰ সৈতে সংযুক্ত হৈছে। ইয়াৰ লগে লগে তেওঁ হোৱাটছএপ পেমেণ্টৰ বিষয়েও সদৰি কৰে।

হোৱাটএছএপ পেমেণ্টৰ বিষয়ে আলোচনা কৰোতে উইল কেথাকাৰ্টে কয়,
হোৱাটছএপ পেমেণ্টৰ সহায়ত হোৱাটছএপত পেমেণ্ট কৰাতো মেচেজ পঠিওৱাৰ দৰেই সহজ হৈ পৰিব। আমি এই সেৱা ভাৰতত এই বছৰে আৰম্ভ কৰিবলৈ গৈ আছো।


নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে কয়,
ভাৰতত হোৱাটছএপ পে’ৰ ভালেমান ইউজাৰ্ছ আছে আৰু সেয়ে কোম্পানীয়ে হোৱাটছএপ পে’ শীঘ্ৰে আৰম্ভ কৰাটো প্ৰয়োজন। আমি ভাৰতত এই সেৱাৰ আদৰণি জনাইছো। মানুহৰ যথেষ্ট সুবিধা হ’ব এই সেৱাৰ জৰিয়তে।


দৰাচলতে হোৱাটছএপ পে ভাৰতত লন্স কৰাক লৈ দীঘলীয়া দিনৰ পৰা চৰ্চা চলি আছে। ইয়াৰ টেষ্টিঙো কৰা হৈছিল কিন্তু ডাটা লোকেলাইজেশ্যনক লৈ বিষয়টো ৰৈ আছিল।

এই বিশেষ ইভেণ্টত বহু সংখ্যক ক্ষুদ্ৰ ব্যৱসায়ৰ হেডকো আমন্ত্ৰণ কৰা হৈছিল বুজাই দিয়া হৈছিল যে হোৱাটছএপ পে’ ৰ দ্বাৰা তেওঁলোকৰ ব্যৱসায়ত কেনেকৈ সহায় হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি