WhatsApp, ফেচবুক আৰু টুইটাৰৰ বাবে প্ৰয়োজন হ’ব নেকি আধাৰ? উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে ফেচবুকৰে আধাৰ সংযোগ সম্পৰ্কীয় গোচৰৰ শুনানি মাদ্ৰাছ হাইক’ৰ্টত অব্যাহত ৰখাৰ অনুমতি দিছে যদিও চূড়ান্ত সিদ্ধান্ত প্ৰদান নকৰিবলৈ কোৱা হৈছে।

News18-Assam
Updated:August 20, 2019, 4:50 PM IST
WhatsApp, ফেচবুক আৰু টুইটাৰৰ বাবে প্ৰয়োজন হ’ব নেকি আধাৰ? উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে
উচ্চতম ন্যায়ালয়ে ফেচবুকৰে আধাৰ সংযোগ সম্পৰ্কীয় গোচৰৰ শুনানি মাদ্ৰাছ হাইক’ৰ্টত অব্যাহত ৰখাৰ অনুমতি দিছে যদিও চূড়ান্ত সিদ্ধান্ত প্ৰদান নকৰিবলৈ কোৱা হৈছে।
News18-Assam
Updated: August 20, 2019, 4:50 PM IST
ফেচবুক, টুইটাৰ আৰু WhatsAppৰ দৰে ছচিয়েল মিডিয়া ছাইটৰ একাউণ্টৰ বাবেও আধাৰ লিং কৰাটো প্ৰয়োজন নেকি? ইউজাৰ প্ৰফাইল আধাৰৰ সৈতে সংযোগ কৰাক লৈ ফেচবুকৰ আবেদনৰ শুনানিৰ বাবে সন্মত হৈছে উচ্চতম ন্যায়ালয়। এই আবেদনসমূহত বিভিন্ন হাইক’ৰ্টত স্থগিত হৈ থকা গোচৰ শীৰ্ষ আদালতলৈ স্থানান্তৰ কৰাৰ দাবী কৰা হৈছে। উল্লেখযোগ্য এই বিষয়টোক লৈ চাৰিখন আবেদন দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত দুখন মাদ্ৰাছৰ, এখন ওড়িশাৰ আৰু এখন মুম্বাইৰ।

ইউজাৰ প্ৰফাইলৰ সৈতে আধাৰ সংযোগৰ বিষয়টো স্থানান্তৰ কৰাৰ দাবীৰে ফেচবুকে কৰা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, গুগল, টুইটাৰ আৰু আন ছচিয়েল নেটৱৰ্কিং ছাইটলৈ প্ৰেৰণ কৰিছে জাননী। ইফালে WhatsAppৰ ফালৰ পৰা কোৱা হৈছে যে পলিচী সম্পৰ্কীয় সিদ্ধান্ত হাইক’ৰ্টে কিদৰে ল’ব পাৰিব। এয়া সংসদৰ অধিকাৰৰ ভিতৰত পৰে। WhatsAppৰ ফালৰ পৰা কোৱা হৈছে যে সকলো বিষয় উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰা হওক।

উচ্চতম ন্যায়ালয়ে ফেচবুকৰে আধাৰ সংযোগ সম্পৰ্কীয় গোচৰৰ শুনানি মাদ্ৰাছ হাইক’ৰ্টত অব্যাহত ৰখাৰ অনুমতি দিছে যদিও চূড়ান্ত সিদ্ধান্ত প্ৰদান নকৰিবলৈ কোৱা হৈছে।

ফেচবুকৰ ফালৰ পৰাও দাবী কৰা হৈছে যে বিষয়টোৰ শুনানি উচ্চতম ন্যায়ালয়ত হওক। উচ্চতম ন্যায়ালয়ে ফেচবুকক প্ৰশ্ন কৰিছে যে মাদ্ৰাছ হাইক’ৰ্টত কিমানখন আবেদন স্থগিত হৈ আছে। ফেচবুকৰ ফালৰ পৰা দুখন আবেদনৰ বিষয়ে কোৱা হৈছে। ছচিয়েল মিডিয়াৰ ফালৰ পৰা কপিল ছিবালে কয় যে এই বিষয়টো উচ্চতম ন্যায়ালয়ে বিচাৰ কৰক আৰু নিৰ্দেশনা জাৰি কৰক। এয়া বৈশ্বিক বিষয় আৰু, সেয়েহে এনেকুৱা নহওক যে কোনো হাইক’ৰ্টে এটা নিৰ্দেশ দিয়ক আৰু আন আন হাইক’ৰ্টে আন এটা।

চৰকাৰে এই সন্দৰ্ভত ফেচবুক, WhatsApp, গুগল, ইউটিউবৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মৰ লগতে সকলো আবেদনকাৰী আৰু চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে আৰু ২ ছেপ্টেম্বৰলৈ সময় দিয়া হৈছে। ১৩ ছেপ্টেম্বৰত হ’ব গোচৰটোৰ পৰৱৰ্তী শুনানি।
আৰু চাওক পৰৱৰ্তী বাতৰি