মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »WhatsApp ব্যৱহাৰ কৰাসকলৰ বাবে তিনিটা সুন্দৰ Tips, জানি থওক এতিয়াই

WhatsApp ব্যৱহাৰ কৰাসকলৰ বাবে তিনিটা সুন্দৰ Tips, জানি থওক এতিয়াই

আজি আপোনাক জনাবলৈ লৈছো WhatsAppৰ তিনিটা এনেকুৱা ফিচাৰৰ বিষয়ে, যিবোৰ হয়তো বহুতেই নাজানে!

আজি আপোনাক জনাবলৈ লৈছো WhatsAppৰ তিনিটা এনেকুৱা ফিচাৰৰ বিষয়ে, যিবোৰ হয়তো বহুতেই নাজানে!

  • Share this:
WhatsApp বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় ছচিয়েল মেছেজিং এপ। স্মাৰ্টফোন ব্যৱহাৰ কৰা প্ৰতিজন লোকেই ব্যৱহাৰ কৰে WhatsApp। WhatsApp অবিহনে যেন আজিকালি সময় নাযায় প্ৰতিজন লোকৰে। WhatsAppৰ জৰিয়তে আমি ইজনে সিজনৰ সৈতে মেছেজ, ফটো, ভিডিঅ’, অডিঅ’ মেছেজ আদি প্ৰেৰণ কৰিব পাৰো। আজিকালি WhatsAppৰ জৰিয়তে ধন লেনদেনৰ সুবিধাও উপলব্ধ। কিন্তু আমি বহুতেই WhatsAppৰ কেতবোৰ ফিচাৰৰ বিষয়ে হয়তো নাজানো!

আজি আপোনাক জনাবলৈ লৈছো WhatsAppৰ তিনিটা এনেকুৱা ফিচাৰৰ বিষয়ে, যিবোৰ হয়তো বহুতেই নাজানে! আপুনিও জানি লওক WhatsAppৰ তিনিটা সুন্দৰ Tips। যি কৌশল ব্যৱহাৰ কৰি আপুনি আপোনাৰ ফোন মেম’ৰী বচোৱাৰ লগতে আন কিছুমান সুবিধা ল’ব পাৰিব।

প্ৰথম টিপছ : WhatsAppত যদি কোনো লোকৰ প্ৰফাইল ফটোত ক্লিক কৰে তেন্তে আপুনি এটা আই (i) বুটাম দেখিব। ইয়াৰ কাম কি? যদিহে আপুনি এই আই বুটামটোত ক্লিক কৰে তেন্তে তলত Media visibility অপচন দেখিব। ইয়াত যদি আপুনি Noত ক্লিক কৰে তেন্তে সেই লোকজনে যি ফটো বা ভিডিঅ’ আপোনালৈ প্ৰেৰণ কৰিব সেয়া আপোনাৰ ফোন গেলাৰীত ছেভ নহ’ব। যাৰ ফলত আপোনাৰ ফোন ষ্ট’ৰেজ ফুল হোৱাৰ পৰা ৰক্ষা পৰিব।

দ্বিতীয় টিপছ : ছেটিংছলৈ যাওক। তাত Privacy অপচনত ক্লিক কৰক। ইয়াৰ পিছত Last Seen and online অপচনত ক্লিক কৰক। Last Seenত গৈ আপুনি ওপৰত Nobody ক্লিক কৰক আৰু তলত Same as last seenত ক্লিক কৰক। ইয়াৰ ফলত WhatsAppত আপুনি অনলাইন থাকিলেও সকলোৱে অফলাইন দেখিব।

তৃতীয় টিপছ : আপুনি যদি কাৰোবাৰ ষ্টেটাছ চাই, তেতিয়া সেই লোকজনে জানিব পাৰে যে আপুনি তেওঁৰ ষ্টেটাছ চাইছে। যদি আপুনি বিচাৰে যে আপুনি ষ্টেটাছ চোৱা বুলি জানিব নালাগে তেন্তে আপুনি Settingsলৈ যাওক, তাৰ পিছত Privacyলৈ যাওক। ইয়াৰ পিছত Read receipts অপচনটো অফ কৰি দিয়ক। এয়া কৰিলে আপুনি কাৰোবাৰ ষ্টেটাছ চালেও সেই লোকজনে গম নাপাব যে আপুনি তেওঁৰ ষ্টেটাছ চাইছে।

শেহতীয়া বাতৰি