সাৱধান; আপোনাৰ WhatsApp ৰ ওপৰত পৰিব পাৰে বিদেশী প্ৰতিষ্ঠানৰ চোকা নজৰ

বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, অধিবক্তা, জেষ্ঠ সাংবাদিককে ধৰি প্ৰায় দেশৰ ২৫ জন লোকৰ WhatApp account ত নজৰ পৰিছে বিদেশী প্ৰতিষ্ঠানৰ।

News18-Assam
Updated:November 1, 2019, 2:22 PM IST
সাৱধান; আপোনাৰ WhatsApp ৰ ওপৰত পৰিব পাৰে বিদেশী প্ৰতিষ্ঠানৰ চোকা নজৰ
Source-Google
News18-Assam
Updated: November 1, 2019, 2:22 PM IST
বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, অধিবক্তা, জেষ্ঠ সাংবাদিককে ধৰি দেশৰ প্ৰায় ২৫ জন লোকৰ 'WhatApp account' ত নজৰ পৰিছে বিদেশী প্ৰতিষ্ঠানৰ। দিল্লীস্থিত জেষ্ঠ সাংবাদিক আশীষ গুপ্তৰো 'WhatsApp account' একে পদ্ধতিৰে hack হৈছে। যোৱা ৫ জুলাইত আশীষ গুপ্তৰ অজ্ঞাতে বিভিন্ন WhatsApp group ৰ পৰা exit হৈছিল। 'Israeli Spyware Pegasus' ছফ্টৱেৰৰ জৰিয়তে এনেদৰে হেক কৰা হৈছে বুলি অভিযোগ উঠিছে।

তাৰপাছত ৬ অক্টোবৰৰ নিশা জন স্কট ৰেলতন নামৰ এজন ব্যক্তিয়ে কানাডাস্থিত Citizen Labৰ সৈতে যোগাযোগ কৰে আৰু গুপ্তক অৱগত কৰে তেওঁৰ ‘WhatsApp account hack’ হোৱাৰ কথা । ‘Israeli spyware Pegasus’ ব্যৱহাৰ কৰি এই একাউণ্টসমূহৰ পৰা অহৰহ গোপনে তথ্য সংগ্ৰহ কৰি থকা হৈছিল।

জেষ্ঠ সাংবাদিক আশীষ গুপ্ত


Facebook ৰ দ্বাৰা পৰিচালিত WhatsApp-এ দাবী কৰে যে, WhatsApp account সমূহ ‘End to End Encryption’ পদ্ধতিৰে সম্পূৰ্ণ সুৰক্ষিত। কিন্তু দেশৰ ২৪ জন ব্যক্তিৰ এনেদৰে 'WhatsApp account' ৰ তথ্য গোপনে সংগ্রহ কৰাৰ কাৰ্যই আচৰিত কৰিছে সকলোকে। ইতিমধ্যে WhatsApp য়ে আমেৰিকাৰ আদালতত ‘Pegasus spyware’ ৰ নিৰ্মাতা NSO Group ৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ইতিমধ্যে WhatsApp ৰ পৰা প্ৰতিবেদন বিচৰাৰ কথা সদৰি কৰিছে ।

গুপ্ত যোৱা ৪০ বছৰ ধৰি সাংবাদিক আৰু বহু কেইটা মানৱ অধিকাৰ সংগঠনৰে জড়িত । তেওঁ চৰকাৰী প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত এনে কাৰ্য হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি