মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»নখৰ ৰং সলনি হৈছে নেকি? সাৱধান হওক, হ'ব পাৰে গুৰুতৰ অসুখৰ লক্ষণ

নখৰ ৰং সলনি হৈছে নেকি? সাৱধান হওক, হ'ব পাৰে গুৰুতৰ অসুখৰ লক্ষণ

News18 Assam | News18-Assam
Updated:April 9, 2021, 5:03 PM IST
নখৰ ৰং সলনি হৈছে নেকি? সাৱধান হওক, হ'ব পাৰে গুৰুতৰ অসুখৰ লক্ষণ
কেতিয়াবা স্বাস্থ্যজনিত কাৰণত নখৰ ৰং সলনি হোৱা দেখা যায়। 

কেতিয়াবা স্বাস্থ্যজনিত কাৰণত নখৰ ৰং সলনি হোৱা দেখা যায়। 

  • Share this:
মানুহৰ সৌন্দৰ্যত বৰ্ধনত নখৰ থাকে গুৰুত্বপূৰ্ণ ভূমিকা। কেতিয়াবা স্বাস্থ্যজনিত কাৰণত নখৰ ৰং সলনি হোৱা দেখা যায়।  ভিতৰি ভিতৰি গুৰুতৰ ৰোগত ভুগি থাকিলেও নখৰ ৰং সলনি হয়। গতিকে নখৰ ৰং সলনি হোৱাক কেতিয়াও সহজ ভাবে ল'ব নালাগে।

নখৰ ৰঙে যদি এনে ৰূপ লয়ঃ


  • নখৰ বৰণ হালধীয়া হ'লেঃ শৰীৰত অত্যাধিক পৰিমাণে Fungal Infection  হ'লে নখৰ ৰং হালধীয়া হৈ পৰা দেখা যায়। আনকি নখৰ ওচৰত খজুৱটিও হয়। আৰু শেষত নখ অনিষ্ট কৰি পেলায়। গতিকে নখৰ ৰং হালধীয়া হলে শীঘ্ৰে এগৰাকী চৰ্ম ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

  • নখৰ ৰং হালধীয়া হোৱা, থাইয়ৰড, ডাইবেটিচ আৰু হাওঁফাওঁৰ বেমাৰৰ লক্ষণো হ'ব পাৰে।

  • সেইদৰে শৰীৰত প্ৰটিন, জিংক আৰু ভিটামিনৰ অভাৱ হ'লে নখত বগা দাগ পৰা দেখা যায়।

  • ইয়াৰ উপৰিও, নখত যদি বগা চিহ্ন দেখা যায়, তেতিয়া বিক্ক অথবা লিভাৰৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। ই আনকি হেপাটাইটিচৰ লক্ষণো হ'ব পাৰে।


  • নখত যদি নীলা অথবা কলা চামনি পৰে, তেনিতে সাৱধান হওক। কাৰণ শৰীৰত ৰক্ত সঞ্চালন সঠিককৈ নহ'লে বা হৃদজনিত ৰোগত আক্ৰান্ত হলে এনে লক্ষণে দেখা দিয়ে।

Published by: Himangshu Bhuyan
First published: April 9, 2021, 5:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি