உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • শৰীৰৰ এই ৮টা স্থানত তিল থকা মানেই ধনী হোৱাৰ লক্ষণ...!

    শৰীৰৰ এই ৮টা স্থানত তিল থকা মানেই ধনী হোৱাৰ লক্ষণ...!

    Source-Google

    Source-Google

    একাংশই বিশ্বাস কৰে ভাগ্যক। বহুতে ক’ব খোজে যে, ভাগ্য আগতীয়াকৈয়ে নিৰ্ধাৰণ কৰা থাকে। ভাগ্য সলনি  কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই।

    • Share this:
    পৃথিৱীৰ সকলো লোকেই ধনী হ’বলৈ বিচাৰে। আৰ্থিক স্বচ্ছলতা আৰু বিলাসী জীৱন কটাবলৈ মানুহে অক্লান্ত পৰিশ্ৰম কৰে। মানুহৰ ভৱিষ্যত কিমান সুন্দৰ হ’ব, সেয়া নিৰ্ভৰ কৰে তেওঁলোকৰ কৰ্মৰ ওপৰত।  তাৰ মাজতো একাংশই বিশ্বাস কৰে ভাগ্যক। বহুতে ক’ব খোজে যে, ভাগ্য আগতীয়াকৈয়ে নিৰ্ধাৰণ কৰা থাকে। ভাগ্য সলনি  কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই।

    Samudrika Shastraৰ মতে, ভাগ্য বা ভৱিষ্যত গঢ়ি তোলাৰ বাবে কিছুমান লক্ষণ জন্মগত ভাবেই থাকে।  যাৰ এটা মাধ্যম হ’ল তিল। শৰীৰৰ বিভিন্ন অংশত থকা তিলৰ অৱস্থানে মানুহৰ ভৱিষ্যত সম্পৰ্কে শুভ-অশুভ ইংগিত দিয়ে বুলি বিশ্বাস কৰে একাংশ লোকে।

    বিশ্বাস কৰে যে, শৰীৰৰ কিছু বিশেষ অংশত তিল থাকিলে ধনী হোৱাৰ সম্ভাৱনা থাকেঃ

    • ঠুটৰিৰ ঠিক ওপৰ অংশত তিল থাকিল! এই স্থানত তিল থাকিলে বিশ্বাস কৰা হয় যে, পুৰষ-বা নাৰী ভৱিষ্যতে প্ৰচূৰ ধন-সম্পত্তিৰ অধিকাৰী হৈ উঠে। সেইদৰে এই স্থানত তিল থাকিলে মানুহ কিছু পৰিমাণে জেদি স্বভাৱৰ হয়।

    • নাকৰ সোঁফালে তিল থাকিলে মানুহ ধনী হোৱাৰ সম্ভাৱনা প্ৰৱল।  ৩০ বছৰৰ পিছতে আৰম্ভ হয় সাফল্যৰ যাত্ৰা।

    • Samudrika Shastraৰ মতে, কঁকালত তিল থাকিলে ধনী হোৱাৰ সম্ভাৱনা থাকে। দিনে দিনে বাঢ়ি যায় সম্পত্তি।

    • বিশেষজ্ঞৰ মতে, বিবাহৰ পিছত বহুলোকক দেখা যায় প্ৰচূৰ সম্পত্তিৰ মালিক হোৱা। এইক্ষেত্ৰত কিছু পৰিমাণে ভাগ্যয়ো সহায় কৰে। যদি শৰীৰৰ কোনো অংশত গাঢ় ৰঙৰ সৰু তিল থাকে, তেন্তে বুজা যায় যে, সেই নাৰী বা পুৰুষৰ বিয়াৰ পিছৰে পৰা শুভ দিন আৰম্ভ হয়।

    • যদি কোনো ব্যক্তিৰ হাতত তলোৱাত তিল থাকে, তেন্তে সেই ব্যক্তি কম বয়সতে ধনী হোৱাৰ সম্ভাৱনা থাকে।

    • Samudrika Shastraৰ মতে, নাভিৰ আশেপাশে তিল থকাও অত্যন্ত শুভ লক্ষণ।

    • বুকুত তিল থাকিলে নাৰী বা পুৰুষ সহজে ধনী হয়। লগতে অন্যন্ত শান্তিপ্ৰিয় জীৱন-যাপন কৰিব পাৰে।

    Published by:Himangshu Bhuyan
    First published: