• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ পাৰ্থক্য কি জানেনে? ২২ কেৰেটক কিয় কোৱা হয় ‘916 Gold’

২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ পাৰ্থক্য কি জানেনে? ২২ কেৰেটক কিয় কোৱা হয় ‘916 Gold’

ৰেটৰ পোনপটীয়া সম্পৰ্ক বিশুদ্ধতা (Purity)ৰ সৈতে। কেৰেট যিমানে বেছি হ’ব, সোণ সিমানেই বিশুদ্ধ হ’ব।

ৰেটৰ পোনপটীয়া সম্পৰ্ক বিশুদ্ধতা (Purity)ৰ সৈতে। কেৰেট যিমানে বেছি হ’ব, সোণ সিমানেই বিশুদ্ধ হ’ব।

ৰেটৰ পোনপটীয়া সম্পৰ্ক বিশুদ্ধতা (Purity)ৰ সৈতে। কেৰেট যিমানে বেছি হ’ব, সোণ সিমানেই বিশুদ্ধ হ’ব।

  • Share this:
প্ৰতিজন লোকৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা সোণ কিনা প্ৰয়োজন হৈ পৰে। কাৰণ বিনিয়োগ হ’ব পাৰে বা বিয়া, জন্মদিন, উপহাৰ আদিৰ বাবে গহণা বনোৱা। কিন্তু যেতিয়াই সোণ কিনা হয় তেতিয়াদোকানীয়ে এই কথা নিশ্চয় সোধে যে সোণ ২৪ কেৰেটৰ লাগে নে ২২ কেৰেটৰ। আপুনি জানেনে এই ২৪ কেৰেট আৰু ২২ কেৰেটৰ মাজত পাৰ্থক্য কি?

যদি আপুনি জানে তেন্তে ভাল কথা, আৰু যদি নাজানে তেন্তে আমি আপোনাক ইয়াৰ বিষয়ে জনাবলৈ লৈছো। কেৰেটৰ পোনপটীয়া সম্পৰ্ক বিশুদ্ধতা (Purity)ৰ সৈতে। কেৰেট যিমানে বেছি হ’ব, সোণ সিমানেই বিশুদ্ধ হ’ব। ইয়াক ০ৰ পৰা ২৪লৈ ৰেটিং কৰা হয়। অৰ্থাৎ আপুনি বুজিব লাগিব যে ২৪ কেৰেট সোণৰ আটাইতকৈ বিশুদ্ধ ৰূপ। আৰু ২৪ কেৰেট আৰু ২২ কেৰেটৰ মাজত পাৰ্থক্য কেৱল বিশুদ্ধতা।

২৪ কেৰেট সোণ (The 24k gold)

২৪ কেৰেট সোণ ৯৯.৯ শতাংশ শুদ্ধ হয়। আপুনি সাধাৰণতে শুনিবলৈ পায় যে ‘একেবাৰে বিশুদ্ধ সোণ’। তেন্তে একেবাৰে বিশুদ্ধ সোণৰ অৰ্থ হ’ল তাত কোনো আন ধাতু মিহলি নাথাকে। লগতে আপুনি এই কথাও জানি থোৱা ভাল যে ২৪ কেৰেট সোণৰ ওপৰত কোনো সোণ নাই। ভাৰতত ২৪ কেৰেট সোণৰ দাম প্ৰতিদিনে সলনি হৈ থাকে। ২৪ কেৰেট সোণৰ দামো ২২ কেৰেট আৰু ১৮ কেৰেট সোণতকৈ অধিক। ২৪ কেৰেট সোণ অতি নৰম আৰু ইয়াক গহণা বনোৱাতো অতি কঠিন কাম। সেইবাবে বজাৰত অধিকসংখ্যক গহণা ২২ কেৰেট বা তাতকৈ কম কেৰেটৰ সোণৰ পোৱা যায়।

২২ কেৰেট সোণ (The 22k gold)

২২ কেৰেট সোণত ২২ ভাগ সোণ থাকে আৰু ২ ভাগ আন ধাতুৰ মিশ্ৰন থাকে। আন ধাতু মানে জিংক আৰু কপাৰ হ’ব পাৰে। ২২ কেৰেট সোণৰ তুলনাত ২২ কেৰেট সোণ কঠিন হয়। ইয়াৰ কাৰণ হ’ল ইয়াত মিহলোৱা আন ধাতু। ২২ কেৰেট সোণ গহণাৰ বাবে ভাল বুলি কোৱা হয়। ২২ কেৰেট সোণক ‘৯৬১ গ’ল্ড’ বুলিও কোৱা হয়, কাৰণ ইয়াত ৯১.৬২ শতাংশ বিশুদ্ধ সোণ থাকে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি