১০ বছৰ ধৰি বেংকত জমা থকা টকা ব্যৱহাৰ নকৰিলে কি হ’ব! আপুনি জনাটো অতি প্ৰয়োজনীয়

লোকসভাত এক প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰীয়ে বেংকত জমা থকা দাবী নকৰা জমা ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

News18-Assam
Updated:July 2, 2019, 1:49 PM IST
১০ বছৰ ধৰি বেংকত জমা থকা টকা ব্যৱহাৰ নকৰিলে কি হ’ব! আপুনি জনাটো অতি প্ৰয়োজনীয়
লোকসভাত এক প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰীয়ে বেংকত জমা থকা দাবী নকৰা জমা ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
News18-Assam
Updated: July 2, 2019, 1:49 PM IST
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত মন্তব্য কৰে যে বেংক আৰু বীমা কোম্পানীসমূহত দাবী নকৰা ধনৰ পৰিমাণ ৩২,৪৫৫ কোটি হৈছে। বেংকত দাবী নকৰা জমা ধন ২৬.৮ শতাংশ বৃদ্ধি পাইছে। এই ধনৰাশি ১৪,৫৭৮ কোটি হৈছেগৈ। সেইবাবে আজি আমি আপোনাক বেংক সম্বন্ধীয় কিছুমান নিয়ম জনাব বিচাৰিছো, যিটো জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। উল্লেখযোগ্য যে লোকসভাত এক প্ৰশ্নৰ উত্তৰত বিত্ত মন্ত্ৰীয়ে বেংকত জমা থকা দাবী নকৰা জমা ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

১০ বছৰ ধৰি বেংক একাউণ্ট ব্যৱহাৰ নকৰিলে কি হ’ব?
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে বেংকত দাবী নকৰা জমা ধনৰ প্ৰতি লক্ষ্য ৰাখি ২০১৪ত ৰিজাৰ্ভ বেংকে Depositor Education and Awareness Fund আঁচনি আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে ১০ বছৰ বা তাতকৈ অধিক সময় নিষ্ক্ৰিয় হৈ থকা সকলো দাবী নকৰা একাউণ্টৰ ধনৰাশি বা ১০ বছৰ ধৰি কোনো দাবী নকৰা ধনৰাশি সূদসহ গণনা কৰি DEAFলৈ স্থানান্তৰ কৰা হয়।



যদি কোনো গ্ৰাহকে এই ধন উলিয়াব বিচাৰে
যদি কোনো গ্ৰাহকে কেতিয়াবা দাবী কৰে তেন্তে বেংকে সূদসহ সেয়া পৰিশোধ কৰে। এনে অৱস্থাত বেংকে DEAFৰ পৰা ৰিফাণ্ডৰ দাবী কৰে।

বিত্ত মন্ত্ৰীয়ে কয় যে ডি ই এ এফত স্থানান্তৰ কৰা ধনৰাশিৰ ওপৰত প্ৰথমে ৪ শতাংশ সূদ দিয়া হৈছিল। ২০১৮ চনৰ ১ জুলাইৰ পৰা এই সূদৰ হাৰ ৩.৫ শতাংশ কৰা হৈছে। ডি ই এ এফৰ ধনৰাশিৰ ব্যৱহাৰ জমাকাৰীৰ কল্যাণ আৰু তেনেধৰণৰ আন উদ্দেশ্যৰ বাবে কৰা হয়।



এই আঁচনিৰ জৰিয়তে বেংকে ১০ বছৰ বা তাতকৈ অধিক সময় অপাৰেট নকৰা সকলো একাউণ্টত থকা জমাধন সূদৰ সৈতে হিচাপ কৰে আৰু সেয়া DEAFলৈ স্থানান্তৰ কৰে। যদি DEAFত স্থানান্তৰ হোৱা দাবী নকৰা জমাধনৰ গৰাকীয়ে সেই ধন উলিয়াব বিচাৰে তেন্তে বেংকে সেই ধন সূদসহ পৰিশোধ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি