প্ৰেম আৰু সম্পৰ্কৰ বিষয়ে আমি ছোৱালীবোৰক কি শিকাইছো?

News18 Assam | News18-Assam
Updated:February 11, 2020, 4:22 PM IST
প্ৰেম আৰু সম্পৰ্কৰ বিষয়ে আমি ছোৱালীবোৰক কি শিকাইছো?
মহিলাকো লাগে সমান সন্মান।

মহিলাকো লাগে সমান সন্মান।

  • Share this:
যেতিয়া কিৰ্তানা (নাম সলনি কৰা হৈছে) প্ৰথম বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ জনা নাছিল যে সম্পৰ্কৰ পৰা কি প্ৰত্যাশা ৰখা উচিত। তামিলনাডুৰ এখন সৰু চহৰত ডাঙৰ–দীঘল হোৱা কাৰণে তাইৰ কাৰণে আনকি ল’ৰাৰ সৈতে কথা পতাও নিষিদ্ধ আছিল। কেতিয়াও কোনো পুৰুষৰ সৈতে কথা নপতা ছোৱালীজনীয়ে হঠাৎ এজন পুৰুষৰ সৈতে ২৪ঘণ্টা থাকিবলগীয়া হ’ল। শিশু হিচাপে কিৰ্তানাই মাত্ৰ নিজৰ পিতৃ–মাতৃকহে সম্পৰ্কত দেখা পাইছিল। ‘মোৰ অভিভাৱকে বহুত কম ইজনে আনজনৰ সৈতে কথা পাতিছিল। মোৰ মায়ে ঘৰত থাকিয়ে ৰন্ধা বঢ়া কৰিছিল আৰু দেউতাই বাহিৰত কাম কৰিছিল।’ কিৰ্তানাৰ মাতৃয়ে স্কুলত এটা সময়ত পঢ়ুৱাইছিল যদিও দেউতাকে বেয়া পোৱাৰ কাৰণে তেওঁ চাকৰি এৰি দিয়ে। সেইকাৰণে যেতিয়া কিৰ্তানাৰ স্বামীয়ে তেওঁক চাকৰি কৰাত বাধা দিয়ে তেতিয়া তেওঁ অতি সহজে সেই কথা গ্ৰহণ কৰিছিল।

ভাৰতত বহুতো কম বয়সীয়া ছোৱালীয়ে সম্পৰ্কৰ বিষয়ে একমাত্ৰ চিনেমা বা পৰিয়ালৰ সদস্যক চাইহে শিকে। ল’ৰাৰ সৈতে কথা পতাৰ ক্ষেত্ৰতো বাধা থকাৰ কাৰণে বিপৰীত লিংগৰ বিষয়ে একেবাৰে অনভিজ্ঞ হৈ ৰয় ছোৱালীবোৰ। সেইকাৰণে যেতিয়া তেওঁলোক এটা সম্পৰ্কত বান্ধ খায় তেতিয়া পুৰুষ এজনৰ পৰা কি প্ৰত্যাশা ৰখা উচিত তাক লৈ দোমোজাত থাকে। কিৰ্তানাৰ ক্ষেত্ৰত তেওঁৰ স্বামী শীতল আৰু দূৰত্ব বজাই ৰখা স্বভাৱৰ। আন বহুতো এৰেঞ্জদ মেৰেজৰ দৰে এই সম্পৰ্কত কোনো প্ৰেম নাই। কিৰ্তানা যদিও ঘৰত গোটেই দিনটো থাকি আৰু ৰন্ধ বঢ়া কৰি বিৰক্ত হৈছিল তথাপি তেওঁ আন কোনো বিকল্পৰ আশা কৰা নাছিল। ‘মই মোৰ অভিভাৱককো একেধৰণে দেখি আহিছিলো। সেইকাৰণে যেতিয়া মোৰ স্বামীয়ে মোৰ প্ৰতি কোনোধৰণৰ প্ৰেম নেদেখুৱালে আৰু কেৱল ঘৰত থকাটোহে বিচাৰিলে মই ধৰি লৈছিলো সেয়া স্বাভাৱিকI’

বেছিভাগ মানুহে এটা সম্পৰ্কৰ পৰা কি বিচাৰিব লাগে সেইকাৰণে লিংগভিত্তিক ভূমিকাবোৰ পূৰ্ব নিৰ্ধাৰিত হৈ পৰে। পুৰুষে কাম কৰে আৰু মহিলাই ঘৰখন চোৱা চিতা কৰে। এইবোৰ কাৰণতে মানুহৰ আচল সম্ভাৱনা আৰু প্ৰতিভা আৱিষ্কাৰ নোহোৱাকৈ ৰৈ যায়। আজি পৃথিৱীখন সলনি হৈছে আৰু দেখা গৈছে যে আমাৰ কিছুমান শ্ৰেষ্ঠ চেফ বা ৰান্ধনী পুৰুষ আৰু বহু সফল মুখ্য কাৰ্যবাহী বিষয়া মহিলা। গতিকে মহিলাই পুৰণিকলীয়া লিংগভিত্তিক দায়িত্ববোৰৰ সলনি নতুন কিছু আশা প্ৰত্যাশা কৰিব নোৱাৰেনে? এটা স্থায়ী সম্পৰ্কত প্ৰৱেশ কৰাৰ পূৰ্বে ছোৱালীবোৰে নিজৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে বিকশাই ল’ব লাগে। যদি এগৰাকী নাৰীয়ে নিজৰ লক্ষ্য, শক্তি আৰু মতামত সম্পূৰ্ণকৈ বুজি পায় তেতিয়া তেওঁ এনে এটা সম্পৰ্কৰ সন্ধান কৰিব পাৰে য’ত এই সকলোবোৰ কথাৰ মূল্য থাকে। কিন্তু ভাৰতীয় সমাজত এই কথাবোৰ প্ৰায় অসম্ভৱ, বিশেষকৈ যেতিয়ালৈকে কিৰ্তানাৰ দৰে মহিলাসকলক কলেজৰ পিছতে লগে লগে বিয়া দি দিয়া প্ৰথা চলি থাকিব।

কিৰ্তানাই নতুন জীৱনশৈলীৰ সৈতে নিজকে খাপ খুৱাই লোৱাৰ বহুত প্ৰয়াস কৰিলে কিন্তু এয়া আছিল অতি কঠিন। মেনেজমেণ্টৰ ডিগ্ৰী থকাৰ পিছতো ঘৰুৱা কাম কাজতে আৱদ্ধ হৈ থাকিবলগীয়া কথাই তেওঁক হতাশ কৰিছিল। কিছু বছৰৰ ভিতৰত কিৰ্তানাই কথাবোৰ নিজৰ হাতত লৈ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰে। তাইৰ পৰিয়াল হতভম্ব হ’লেও তাই দৃঢ় হৈ ৰয়। তেওঁ এটা চাকৰিত সোমায় ইয়াৰ পিছতে। আজি তেওঁ সকলো কম বয়সীয়া যুৱতীক বিয়াৰ পিছতো আৰ্থিকভাৱে স্বাৱলম্ৱী হৈ থকাৰ উপদেশ দিয়ে। ‘আপোনাৰ নিজৰ চেভিংছ থকাটো ভাল কথা। ইয়ে আপোনাক আত্মবিশ্বাসী আৰু গৰ্বিত কৰে।’ এয়া অতি গুৰুত্বপূৰ্ণ  আৰু সময়োপোযোগী উপদেশ কাৰণ এনে কৰিলে মহিলাসকলে আৰ্থিকভাৱে স্বাৱলম্বী হৈ নতুন শক্তিৰে চালিত হোৱাৰ অনুপ্ৰেৰণা লাভ কৰিব।

আজি কিৰ্তানা নিজৰে এজন সহকৰ্মীৰ সৈতে সংসাৰত আৱদ্ধ আৰু তেওঁলোকৰ এটি কণমানি সন্তানো আছে। কিৰ্তানাৰ স্বামীয়ে এটা পাৰ্ট টাইম চাকৰি কৰে যাতে ঘৰত থাকি তেওঁ নিজৰ শিশু সন্তানৰ চোৱা চিতা কৰিব পাৰে। কিৰ্তানা নিজৰ কোম্পানীত এজন উচ্চ পদস্থ মেনেজাৰ। লিংগভিত্তিক ভূমিকাৰ পৰা আঁতৰি অহাৰ কাৰণে দুয়োৰে মংগল হৈছে। কিৰ্তানাই নিজৰ প্ৰতিভা আৰু দক্ষতা বুজি কামত সঠিক প্ৰয়োগ কৰে আৰু ইয়াৰ দ্বাৰা তেওঁৰ আত্মশক্তিও বৃদ্ধি হয়। আনহাতে তেওঁৰ স্বামীয়ে সদায় শিশু ভাল পাইছিল আৰু ঘৰত থাকি আনন্দ মনেৰে সন্তানৰ চোৱা চিতা কৰিছে।

'মই ভাবো যে এয়া ২১ শতিকা আৰু মহিলাই সমান সম্পৰ্কৰ অধিকাৰী। মোৰ এইখন বিয়াৰ আটাইতকৈ ভাল লগা কথাটো হৈছে আমি মুকলিকৈ সকলো কথা পাতো। মহিলাই নিজৰ প্ৰয়োজনীয়তা, আকাংক্ষ্যা আদি মুকলিকৈ প্ৰকাশ কৰিব লাগে। আমাৰ মহিলাসকলক মুক্তমনেৰে চিন্তা প্ৰকাশ নকৰিবলৈ শিকোৱা হয় কাৰণ এইটো ধৰি লোৱা হৈ আহিছিল যে সিদ্ধান্ত কেৱল পুৰুষেহে ল’ব পাৰে। মই মহিলাসকলে মৰম আৰু স্নেহ বিচাৰাটো কামনা কৰো। মহিলাই কাম কৰিব পাৰে আৰু পুৰুষে শিশুৰ যতন ল’ব পাৰে। স্বামী–স্ত্ৰীয়ে সন্তানৰ মুখৰ আগত মৰম দেখুৱাব পাৰে। আমি নিজে কিছুমান নিয়মৰ মাজেৰে শিথিল হ’ব নালাগে। সম্পৰ্কত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে পৰস্পৰৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা।’

(লেখিকা অনাঘা হৈছে Redwomb নামৰ মনৰ সংকোচ–লজ্জা দূৰ কৰা অনলাইন প্লেটফৰ্মৰ নিয়মীয়া লেখিকা।)

 

 

 

 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি