কিয় নিষিদ্ধ আছিল ‘ডেটিং’, দশক পূৰ্বে এজন যুৱকে নিজৰ তেজেৰে লিখি প্ৰেমিকাক দিয়া প্ৰেম পত্ৰখন...!

News18 Assam | News18-Assam
Updated:February 12, 2020, 4:45 PM IST
কিয় নিষিদ্ধ আছিল ‘ডেটিং’, দশক পূৰ্বে এজন যুৱকে নিজৰ তেজেৰে লিখি প্ৰেমিকাক দিয়া প্ৰেম পত্ৰখন...!
ফটোঃইণ্টাৰনেট

অনলাইন প্লেটফ’ৰ্ম  Redwombৰ অতিথি লেখিকা ৰজনীয়ে বিভিন্ন প্ৰৱন্ধ আৰু কাহিনী আদি ৰাইজৰ সৈতে শ্বেয়াৰ কৰি আহিছে।

  • Share this:
প্ৰায় এটা দশক পূৰ্বে এজন ১৯বছৰীয়া যুৱকে নিজৰ তেজেৰে এখন প্ৰেম পত্ৰ লিখি প্ৰেয়সীক প্ৰদান কৰিছিল। ছোৱালীজনীৰ প্ৰতিক্ৰিয়া আছিল মিশ্ৰিত। একে সময়ত ভয় আৰু উৎকণ্ঠাই তাইক সামৰি পেলাইছিল। এনে এখন চহৰত এই ঘটনা ঘটিছিল য’ত ডেটিং এটা নিষিদ্ধ শব্দ আৰু পুৰুষে এনে ধৰণৰ শিহৰণকাৰী বুদ্ধিৰে মহিলাৰ মন জয় কৰিবলৈ চেষ্টা কৰিছিল যে সেয়া আপোনাৰ কল্পনাৰো অতীত হ’ব। বিগত কিছু বছৰত দেশৰ নন মেট্ৰ’ চহৰ আৰু সৰু টাউনসমূহত আধুনিকীকৰণ আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে এই দৃশ্যপটৰো পৰিৱৰ্তন হৈছে। পুৰুষ–মহিলা উভয়ে বলিউডী কায়দাৰ প্ৰেম (আমি এবাৰেই প্ৰেমত পৰো আৰু এবাৰেই বিয়া কৰাও)ৰ ধাৰণাৰ পৰা ডেটিঙৰ আধুনিক ধ্যান–ধাৰণাত বিশ্বাস কৰিবলৈ লৈছে। ডেটিঙৰ কনচেপ্টক লৈ যথেষ্ট দোমোজা আছে আৰু সেইকাৰণে বেছিভাগ মানুহেই ডেটিঙৰ কৰিবলগীয়া আৰু নকৰিবলগীয়া কামবোৰৰ বিষয়ে জ্ঞাত নহয়। ডেটিং মানে হৈছে দুজন ব্যক্তিৰ মাজত এটা ৰোমাণ্টিক মনোভাৱ বা এটা স্থায়ী সম্পৰ্ক গঢ় লৈ উঠিব পাৰে নে নোৱাৰে তাৰ বিবেচনা কৰিবৰ কাৰণে দুয়ো কটোৱা এক নিৰ্দিষ্ট সময়। বিভ্ৰান্তি বা সাংস্কৃতিক পৰিস্থিতিৰ কাৰণে ডেটিঙক এক সুকোমল সম্পৰ্ক আখ্যা দিয়া হৈছে, নন মেট্ৰ’ চহৰসমূহত এই কাম বেছিকৈ হৈছে। বেছিভাগ পুৰুষ–মহিলাই বৰ্তমান ডেটিঙৰ কাৰণে নিম্নোক্ত বিষয়সমূহক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰেঃ

• মহিলাসকলে এই সৰু চহৰ আৰু মফচলীয়া এলেকাসমূহত য’ত যৌথ পৰিয়াল আৰু ইজনে সিজনক ভালকৈ চিনি পোৱা চুবুৰীয়াৰ কাৰণে অহৰহ নিৰীক্ষণ আৰু নিৰ্দেশনাৰ মাজত থাকে।

• সৌজন্য থকা ৰাজহুৱা স্থান য’ত মহিলাসকল বহিব পাৰে অথবা তেওঁলোকে কাৰোবাক ভালকৈ লগ কৰিব পাৰে তেনে ঠাইৰ অভাৱ।

• সামাজিক বাধা–নিষেধ যাৰ দ্বাৰা এগৰাকী মহিলাই বিবাহ নোহোৱাকৈ এজন পুৰুষক লগ কৰিব নাপায় আদি ধাৰণা আছে।

• মৰেল পুলিচিং এইবোৰ চহৰ আৰু মফচলীয় ঠাইত বহুতে বেছি। ইয়াৰ ফলত মানুহৰ মনত ভয় আৰু শংকাৰ ভাৱ অহৰহ থাকে। এই সমস্যাবোৰ বাস্তৱিক আৰু যিবোৰ কমবয়সীয়া যুৱক–যুৱতীয়ে এই পৰম্পৰাগত চিন্তাধাৰাৰ পৰা আঁতৰি নিজৰ বাট বুলিছে তেওঁলোকেও থমকি ৰ’বলগীয়া হোৱা নাই। ২টায়াৰ আৰু ৩টায়াৰ চহৰসমূহত পুৰুষ–মহিলাই ছচিয়েল মিডিয়া আৰু ডেটিং এপৰ জৰিয়তে লগ কৰিবলগীয়া হোৱাৰ কাৰণে ডেটিঙৰ আচল অৰ্থ বুজি উঠিব পৰা নাই ইয়াক এক প্ৰত্যাহ্বান হিচাপে ল’বলগীয়া হৈছে।বিবেকে (নাম সলনি কৰা হৈছে) নিজৰ প্ৰথম ডেটিং অভিজ্ঞতা শ্বেয়াৰ কৰিছে মধ্য প্ৰদেশৰ গোৱালিয়াৰৰ পৰা। টিণ্ডাৰ এপত তেওঁ এজনী ধুনীয়া ছোৱালী লগ পাই প্ৰায় এমাহ ছোৱালীজনীৰ নিজৰ পৰিয়ালৰ প্ৰতি থকা বিৰাগ এমাহ সময় শুনে। ইয়াৰ পিছতে তেওঁ ছোৱালীজনীক লগ কৰিবলৈ সৈমান কৰে। ছোৱালীজনীৰ ঘৰৰ পৰা দূৰৈৰ এখন কেফেত দুয়ো লগ কৰে যিহেতু ছোৱালীজনীয়ে নিজৰ সম্পৰ্কীয় মানুহ আৰু প্ৰতিবেশীৰ চকুত পৰিব বিচৰা নাছিল। ছোৱালীজনীয়ে মুখত এখন দোপাত্তা মেৰিয়াই এখন অট’ত উঠি সেই ঠাইলৈ আহে। কেফেত বহিয়ে দোপাত্তা গুচাই বিবেকৰ ফালে চাই তাই হাঁহি এটা মাৰে। বিবেক নাৰ্ভাছ হৈ পৰে। সেই ডেটিঙত বিবেকে গম পায় যে ছোৱালীজনী তেওঁৰ কলেজৰ আটাইতকৈ ডাঙৰ ‘গুণ্ডা’ৰ সম্পৰ্কীয় ভনীয়েক। ডেটিং তাতেই সামৰি ছোৱালীজনীক আৰু কেতিয়াও লগ নকৰে বিবেকে। বিবেকে এতিয়াও টিণ্ডাৰ ব্যৱহাৰ কৰে আৰু তেওঁ ভাবে যে এতিয়া তেওঁ এই প্ৰক্ৰিয়াটোত পৰিপক্ক হৈছে। কি কথাই কাম কৰে আৰু কি কথাই নকৰে সেয়া তেওঁ বুজি উঠিছে।

মীৰাটৰ দ্য ছিক্ৰেট ডেটিং ছচ ৰিতুৱে (নাম সলনি কৰা হৈছে) পিতৃ–মাতৃয়ে চাই দিয়া ল’ৰাটোৰ সৈতে বিয়াত বহাৰ আগতে এবাৰ ডেটিঙত যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। নিজৰ বন্ধুৰ ভাতৃৰ প্ৰতি সামান্য দুৰ্বলতা থকা ছোৱালীজনীয়ে যেতিয়াই বন্ধুৰ ঘৰলৈ গৈছিল তেতিয়াই ভাতৃক লগ কৰাৰ অজুহাত বিচাৰিছিল। এদিন কোনোমতে সাহস গোটাই ল’ৰাজনক তাই চহৰৰ নতুন কেফেখনলৈ নিয়াৰ অনুৰোধ কৰে। সেই দিনটোৰ অপেক্ষাত তাইৰ চকুত টোপনি নহা হৈছিল। পিছে তাইৰ সপোন বেছি দুৰ আগনাবাঢ়িল। এজন শান্ত–সৌম্য ব্যক্তি বুলি ভবা মানুহজন এজন অস্থিৰ আৰু উদগ্ৰীৱ পুৰুষহে ওলাল। চেপা খোৱা যেন অনুভৱ কৰি তাই অজুহাত উলিয়াই সেই ঠাই ত্যাগ কৰে। ইয়াৰ পিছত আৰু কেতিয়াও ডেটিঙত নোযোৱা ছোৱালীজনী এতিয়া বিবাহিত।

এক ভাললগা ডেটিঙৰ অভিজ্ঞতাৰ কাৰণে কেইটামান টিপছ আছে।

–শান্ত হৈ থাকক, উদগ্ৰীৱ আৰু অস্থিৰ হৈ থকা ব্যক্তিৰ কাৰণে ডেটিং ফ্লপ হয়। বেছিভাগ পুৰুষ–মহিলাই এনে স্বভাৱ বেয়া পায়। আনৰ প্ৰতি আগ্ৰহী হওক, ডেছপাৰেট নহয়।

–সৰু চহৰ আৰু মফচলীয় ঠাইসমূহত এজনী ছোৱালীক পোনে পোনে গৈ প্ৰস্তাৱ আগবঢ়োৱা কাৰ্যক গ্ৰহণ কৰা নহয়। কলেজ বাছলৈ প্ৰেম পত্ৰ দলিওৱা কাৰ্যইও কাম নিদিয়ে। নিধিয়ে(নাম সলনি কৰা হৈছে) স্কুল বাছত সকলোৰে সন্মুখত নিজৰ ক্লাছমেটে পঢ়ি শুনোৱা এখন প্ৰেম পত্ৰ পায়। ইয়াৰ কাৰণে কেইবাদিনলৈকে তাই লজ্জিত অনুভৱ কৰি থাকে। গতিকে সদায় নিজৰ নেটৱৰ্কৰ ভিতৰত সম্ভাব্য ডেট বিচাৰি নিজৰ বন্ধুবৰ্গক চিনাকী কৰি দিবলৈ কোৱাই উত্তম। তৃতীয়তে–ক’ত সীমাৰেখা ডাল টানিব লাগে সেয়া জনা উচিত। লাগে সেয়া ছচিয়েল মিডিয়া হওক বা ডেটিং এপবোৰেই হওক সদায় সন্মানজনক পৰিস্থিতি বৰ্তাই ৰাখক। আনক জোৰ–জুলুম নকৰিব। চতুৰ্থতে, যি ঠাইলৈ যাব তাৰ পৰিৱেশ–পৰিস্থিতিৰ বিষয়ে জানি লওক। ভেলেণ্টাইনছ ডে’ৰ দৰে দিৱসত বা অন্যদিনা যিবোৰ ঠাইত মৰেল পুলিচ থকাৰ আশংকা আছে।  পঞ্চমতে, লাহে লাহে সকলো আগবঢ়াই নিয়ক, ডেটিং এপ ব্যৱহাৰ কৰা মহিলাসকলে সাধাৰণতে স্বামীৰ আৰু পুৰুষে কেৱল সময় কটাবলৈ মহিলাৰ সন্ধান চলায়। আপুনি কি বিছাৰে সেয়া পৰিষ্কাৰ হৈ লওক। ষষ্ঠত, নিজৰ পৰিশীলিত আচৰণ বৰ্তাই ৰাখক। পায়েলে (নাম সলনি কৰা হৈছে) ডেটিং আধাতে এৰি উঠি যোৱাৰ কাৰণে হিচাপে কৈছিল যে পুৰুষজনে বেছিভাগ সময় তাইৰ বক্ষযুগললৈ চাই আহিছিল। লগতে পুৰুষজনৰ শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ কাৰণেও তাইৰ কাৰণে সহ্যাতীত হৈছিল সকলো। মৃদু ডিয়’ডৰেণ্ট বা পাৰফিউম ব্যৱহাৰ কৰক, চকুত চকু থৈ কথা পাতক আৰু কথা পাতোতে নাক আদি খুচৰি নাথাকিব। এইবোৰ হৈছে ডেটিঙৰ সাধাৰণ নিয়ম। অহাবাৰ কাৰোবাক লগ কৰিবলৈ গ’লে এইখিনি কথা মনত ৰাখিব।

অনলাইন প্লেটফ’ৰ্ম  Redwombৰ অতিথি লেখিকা ৰজনীয়ে বিভিন্ন প্ৰৱন্ধ আৰু কাহিনী আদি ৰাইজৰ সৈতে শ্বেয়াৰ কৰি আহিছে। এই প্ৰৱন্ধৰ মূল তেওঁৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি