உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Weight Loss Tips : শৰীৰৰ ওজন কমাবলৈ বহুত কাৰ্যকৰী কোৰিয়ান পদ্ধতি, ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

    Weight Loss Tips : শৰীৰৰ ওজন কমাবলৈ বহুত কাৰ্যকৰী কোৰিয়ান পদ্ধতি, ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

    Weight Loss Tips: কেঁচা শাক–পাচলি খোৱাৰ অভ্যাস। কোৰিয়ানসকলে সামুদ্ৰিক মাছৰ লগতে নন ভেজ খাবলৈ বেছিকৈ পছন্দ কৰিলেও শাক–পাচলি খাবলৈ কেতিয়াও না নকৰে।

    Weight Loss Tips: কেঁচা শাক–পাচলি খোৱাৰ অভ্যাস। কোৰিয়ানসকলে সামুদ্ৰিক মাছৰ লগতে নন ভেজ খাবলৈ বেছিকৈ পছন্দ কৰিলেও শাক–পাচলি খাবলৈ কেতিয়াও না নকৰে।

    Weight Loss Tips: কেঁচা শাক–পাচলি খোৱাৰ অভ্যাস। কোৰিয়ানসকলে সামুদ্ৰিক মাছৰ লগতে নন ভেজ খাবলৈ বেছিকৈ পছন্দ কৰিলেও শাক–পাচলি খাবলৈ কেতিয়াও না নকৰে।

    • Share this:
    Weight Loss Tips : কোৰিয়াৰ ওৱেব ছিৰিজ যিদৰে জনপ্ৰিয় হৈ পৰিছে আমাৰ দেশত ঠিক সেইদৰেই তেওঁলোকৰ জীবন–যাপনৰ ধাৰণাও আমাৰ দেশত অধিক জনপ্ৰিয় হ’বলৈ আৰম্ভ কৰিছে। কোৰিয়ানসকলৰ শাৰীৰিক ওজন কমাবলৈ কি পদ্ধতি বেছি লৈছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

    কেঁচা শাক–পাচলি খোৱাৰ অভ্যাস। কোৰিয়ানসকলে সামুদ্ৰিক মাছৰ লগতে নন ভেজ খাবলৈ বেছিকৈ পছন্দ কৰিলেও শাক–পাচলি খাবলৈ কেতিয়াও না নকৰে। সেই দেশৰ লোকসকলে প্ৰতিদিনৰ আহাৰত বিভিন্ন শাক–পাচলি তেওঁলোকৰ ডায়েটত ৰখাটো নিশ্চিত কৰে। নন ভেজৰ লগত প্ৰচূৰ পৰিমাণে শাক–পাচলি তেওঁলোকৰ দেহৰ গঠনত মেদহীনতাৰ প্ৰধান কাৰণ হিচাপে বিবেচনা কৰা হয়।

    আনহাতে, বছৰৰ শাক–পাচলি ফৰমেট কৰি সংৰক্ষণ কৰি ৰাখি গোটেই বছৰ খোৱাৰ ব্যৱস্থা কৰে কোৰিয়ানসকলে। মূলত বন্ধাকবি, মুলা, পিয়াজ আদি নিমখ, চেনি, নহৰু আদি সানি সংৰক্ষণ কৰা হয়। উক্ত ফৰমেট কৰা খাদ্য পিছত সামান্য গৰম পানীত ৰান্ধি খাব পাৰিলে শৰীৰৰ ওজন কমাত সহায় কৰে।

    কোৰিয়ানসকলে সাধাৰণতে অধিক তেলযুক্ত ফাষ্টফুডৰ পৰা দূৰত থাকে। কোৰিয়ানসকলে শিশুসকলক ঘৰত বনোৱা খাদ্য খোৱাৰ বাবে বাধ্য কৰে। ফলত তেওঁলোকে যিমান দূৰ  সম্ভৱ বাহিৰৰ জাংক ফুড গ্ৰহণৰ পৰা বিৰত থাকে। কাৰণ কোৰিয়ান সকলে ক’ব বিচাৰে যে তেলযুক্ত খাদ্য খোৱাতকৈ সুস্থ থকা অধিক প্ৰয়োজন। সেইবাবেই শিশুৰ শাৰীৰিক গঠনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি ঘৰৰ খাদ্য গ্ৰহণ কৰা বাধ্যতামূলক কৰা হয় সেই দেশত।

    পৃথিৱীৰ ভিতৰত সুসাস্থ্যৰ অধিকাৰী দেশৰ ভিতৰত প্ৰথমৰ ফালে আহে কোৰিয়া। কাৰণ খাদ্য অভ্যাসৰ লগতে প্ৰচূৰ পৰিমাণে ব্যয়াম কৰে কোৰিয়ানসকলে। কম দূৰত্বৰ যাত্ৰাৰ বাবে সেই দেশৰ লোকে খোজকাঢ়ি যোৱাই পছন্দ কৰে। তেওঁলোকে যিমান সম্ভৱ গণ পৰিবহন তথা ব্যক্তিগত বাহন ব্যৱহাৰৰ পৰা বিৰত থাকে। ইয়াৰ বাহিৰেও প্ৰতিদিনে খোজকঢ়াৰ ওপৰিও ব্যয়াম কৰাৰ বাবে ওজন কম আৰু মেদহীন হোৱাত সহায় কৰে।

    ব্যয়ামৰ লগতে খাদ্যাভাসত চি ফুড কোৰিয়ানসকলৰ অতি প্ৰিয় খাদ্য। আগতে কোৱা হৈছে যে কোৰিয়ানসকলে ননভেজ খাবলৈ পছন্দ কৰে আৰু ননভেজ বুলিয়েই চি ফুড হ'ল কোৰিয়ানসকলৰ মূল উপাদান। এই চি ফুডে দেহত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন যোগান ধৰাৰ লগতে উক্ত খাদ্যত ফেট আৰু কেলৰি কম থকাত ই ওজন নিয়ন্ত্ৰণ লগতে সুস্থ থকাত সহায় কৰে। ফলত পেট পুৰাই অধিক পৰিমাণেও খাদ্য গ্ৰহণ কৰাৰ পিছতো কোৰিয়ানসকলে সুস্থ আৰু মেদহীনভাৱে জীৱন যাপন কৰিবলৈ সক্ষম হয়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: