মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Hair Care : ৰঙা জবাৰ তেলেৰে মাচাজ কৰক মূৰ! চুলি সৰা ৰোধ কৰাৰ লগতে পাব এইসমূহ সুফল

Hair Care : ৰঙা জবাৰ তেলেৰে মাচাজ কৰক মূৰ! চুলি সৰা ৰোধ কৰাৰ লগতে পাব এইসমূহ সুফল

এই তেলৰ নিয়মীয়া প্ৰয়োগে আপোনাক স্বাস্থ্যকৰ আৰু শক্তিশালী চুলি বজাই থকাত সহায় কৰিব।

এই তেলৰ নিয়মীয়া প্ৰয়োগে আপোনাক স্বাস্থ্যকৰ আৰু শক্তিশালী চুলি বজাই থকাত সহায় কৰিব।

এই তেলৰ নিয়মীয়া প্ৰয়োগে আপোনাক স্বাস্থ্যকৰ আৰু শক্তিশালী চুলি বজাই থকাত সহায় কৰিব।

  • Share this:
সবল, উজ্জ্বল আৰু স্বাস্থ্যকৰ চুলিৰ সপোন সকলোৱে দেখে। কিন্তু এয়া কোৱাটো যিমানেই সহজ কিন্তু কৰাটো সিমানেই কঠিন। চুলিৰ পুষ্টি উন্নত কৰাৰ উপৰিও আপুনি নিয়মীয়াকৈ চুলিৰ যত্ন অনুসৰণ কৰিব লাগিব যাতে আপোনাৰ চুলিয়ে গভীৰৰ পৰা পুষ্টি লাভ কৰে। চেলেব পুষ্টিবিদ পূজা মাখিজাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত জবা তেলৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিছিল৷ যি আপুনি ঘৰত প্ৰস্তুত কৰিব পাৰে। এই তেলৰ নিয়মীয়া প্ৰয়োগে আপোনাক স্বাস্থ্যকৰ আৰু শক্তিশালী চুলি বজাই থকাত সহায় কৰিব।

এই তেলৰ সৈতে আপুনি আপোনাৰ প্ৰ'টিন গ্ৰহণৰ ওপৰতো গুৰুত্ব দিয়াটো অতি প্ৰয়োজন৷ যিটো কমকৈ চুলি সৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কথা।

কেৱল প্ৰ’টিনেই নহয়, আপুনি আপোনাৰ বায়’টিন যেনে বাদাম, বীজ আৰু টুনা আদিও গ্ৰহণ কৰিব লাগিব। ইয়ে আপোনাৰ চুলিক কেৰাটিন প্ৰ'টিনৰ লগতে চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰিব।

চুলিৰ সমস্যাক লৈ কথা পাতি মাখিজাই তেওঁৰ IGTVত লগতে কয় "চুলিৰ ভাল পুষ্টিৰ ক্ষেত্ৰত আমি বহুত কাম কৰো। কিন্তু যেতিয়া চুলিৰ ফলিকল শক্তিৰ কথা আহে, আমি সেয়া প্ৰায়ে অৱহেলা কৰো৷"

তেনেস্থলত চুলিৰ ভিন্ন সমস্যাৰ সন্মুখীন হৈ থকাসকলৰ বাবে জবা ফুলৰ তেল সঁচাকৈয়ে সহায়ক হ'ব পাৰে। এই তেল প্ৰস্তুত কৰিবলৈ আপুনি প্ৰায় ৮টা সতেজ জবা ফুল আৰু প্ৰায় ৮খিলা জবা ফুলৰ পাত ল'ব লাগিব আৰু সেইবোৰ মিহিকৈ পেষ্ট বনাই লাগিব। তাৰ পিছত একাপ নাৰিকল তেল গৰম কৰি ইয়াত জবাৰ ফুল আৰু পাতৰ সেই পেষ্টখিনি দিয়ক। এই মিশ্ৰণটো ১-২ মিনিটৰ বাবে গৰম কৰক আৰু তাৰ পিছত ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক। আপোনাৰ জবা তেল ব্যৱহাৰ কৰিবলৈ সাজু হৈ উঠিব।

এই তেলেৰে আপোনাৰ মূৰ ১০ মিনিটৰ বাবে মালিচ কৰক আৰু সৰ্বশ্ৰেষ্ঠ ফলাফলৰ বাবে ইয়াক প্ৰায় ৩০ মিনিটৰ বাবে চুলিত ৰাখি থওক৷ এই তেলে বাহিৰৰ পৰা আপোনাৰ চুলিৰ ফলিকলবোৰ শক্তিশালী কৰিব আৰু চুলি সৰা প্ৰতিৰোধ কৰিব৷

এনেদৰে অন্ততঃ সপ্তাহত এদিন আপোনাৰ চুলিত এই তেল লগাওক আৰু ইয়ে নিশ্চিতভাৱে আপোনাৰ চুলিৰ সমস্যা সমাধান কৰাত সহায় কৰিব।

শেহতীয়া বাতৰি