কোৰোণা মহামাৰীৰ বাবে মানুহে কি কি যে নকৰিবলগীয়া হৈছে। শেহতীয়া দুবছৰত মানৱ সমাজৰ জীৱনধাৰাৰ গতি-প্ৰকৃতিয়েই সলনি কৰি পেলাইছে কোৰোণা ভাইৰাছে। পিছে মানুহেও জানে সন্ধিৰ বাঁহ কি বুদ্ধিৰে কাটিব পাৰি। কোৰোণাৰ সময়ত সেয়ে শুনিব পোৱা গৈছে বহু আজৱ ঘটনাৰ কাহিনী। এনে এক ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। কোৰোণাৰ বাবে বিবাহ অনুষ্ঠানসমূহ আনাড়ম্বৰ হৈ পৰাৰ বাবে ডিজিটেল মাধ্যমত বিয়া পাতিবলৈ বাধ্য হৈ পৰিছে লোক। পশ্চিম বংগৰ বৰ্ধমান জিলাৰ এক দম্পতীয়ে কেৱল বিয়াই নহয় ডিজিটেল মাধ্যমত অভ্যৰ্থনাৰো ব্যৱস্থা কৰিছে।
বৰ্ধমানৰ এইহাল দৰা-কইনা হৈছে সন্দিপন সৰকাৰ আৰু অদিতি দাস। সন্দদিপন আৰু অদিতিৰ বিয়া ২৪ জানুৱাৰীত। পশ্চিম বংগ চৰকাৰে এতিয়ালৈ বিবাহত ২০০ জোন লোকৰ অনুমতি দিছে। কিন্তু সন্দিপন আৰু অদিতিয়ে বিবাহৰ অনুষ্ঠান Google Meetত অনলাইন পদ্ধতিৰেই কৰাৰ সিদ্ধান্ত লৈছে। NEWS18ক সন্দিপনে জনায় যে যোৱা বছৰৰ পৰাই বিয়াৰ কথা চলি আছিল যদিও কোৰোণাৰ বাবে হোৱা নাছিল। এইবাৰো বিয়া ঠিক হোৱাৰ পিছতো কোৰণা বাবেই আকৌ সমস্যা হৈছে। সন্দিপনে কয় যে তকিছুদিন পূৰ্বে তেওঁ নিজেই কোৰোণা পজিটিভ হৈছিল আৰু চিকিতসাধীন হ'বলগীয়া হৈছিল। সেয়ে সন্দিপনে কয় যে মানুহৰ জীৱনটো ৰিস্কত পেলাৱ নোৱাৰি। সেয়ে তেওঁলোকে অনলাইন মাধ্যমেৰে বিয়া পাতিব আৰু অভ্যৰ্থনাও অনলাইনৰ যোগেদি হ'ব।
সন্দিপনে কয়, আমি সকলো অতিথিৰ সৈতে অনলাইনযোগে লগ হ'ম আৰু Zomatoৰ জৰিয়তে সকলোলৈ ডিনাৰ প্ৰেৰণ কৰা হ'ব। সন্দিপন আৰু অদিতিয়ে এই কামৰ বাবে এজন টেকনিকেল বিশেষজ্ঞক দায়িত্ব দিছে।
সকলো অতিথিক বিয়ালৈ নিমন্ত্ৰণ কৰা হৈছে ই-কাৰ্ডৰ জৰিয়তে। মুঠ ৪৫০ গৰাকী অতিথিক নিমন্ত্ৰণ জনোৱা হৈছে এইখন বিয়ালৈ। বিয়াৰ সময়ত সকলোৱেই Google Teams যোগে বিয়াত উপস্থিত থাকিব। বিয়াৰ আগে আগে সকলোলৈ লিংক প্ৰেৰণ কৰা হ'ব।
Published by: Manjumoni Borah
FIRST PUBLISHED : January 18, 2022, 13:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।