আজি মহাশিৱৰাত্ৰি। মহাদেৱৰ বন্দনাত মুখৰিত ৰাজ্য। মহাশিৱৰাত্ৰিৰ এই ক্ষণত এনেদৰে কৰক শিৱৰ আৰাধনা আৰু লাভ কৰক শিৱৰ আশীৰ্বাদ
আজি মহাশিৱৰাত্ৰি। মহাদেৱৰ বন্দনাত মুখৰিত ৰাজ্য। মহাশিৱৰাত্ৰিৰ এই ক্ষণত এনেদৰে কৰক শিৱৰ আৰাধনা আৰু লাভ কৰক শিৱৰ আশীৰ্বাদ
আজি শিৱৰাত্ৰি। আজিৰ দিনটোত নীতি নিয়মেৰে শিৱৰ পূজা কৰিলে আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব। সেয়েহে জানো আহক, আজিৰ দিনটোত কেনেদৰে কৰিব মহাদেৱৰ পূজা?
- মহাশিৱৰাত্ৰিৰ ব্ৰহ্মা পুৱাই সকলো কাম সমাপন কৰি ব্ৰতৰ সংকল্প লওক। ইয়াৰ পিছতে গোটেই দিনটো ঔম নম: শিৱায় মন্ত্ৰ জপ কৰক। যেতিয়া পূজা কৰিবলৈ যাব সেইসময়ত ধ্যান ৰাখিব যাতে, যি আসনত বহি আপুনি পূজা কৰিব সেই আসনখন বিশুদ্ধ হ'ব লাগিব। ইয়াৰ পিছতে, আসন পানীৰে নিজে শুদ্ধ হৈ লওক। ধূপ আৰু চাকি জ্বলাই পূজা আৰম্ভ কৰক পূজা।
- ভোলানাথৰ সন্মুখত চাকি জ্বলাই থোৱাৰ পিছতে স্বস্তি পাঠ কৰক। ইয়াত "স্বস্তি ন ইন্দ্ৰো বৃদ্ধশ্ৰৱা, স্বস্তি ন স্তাৰক্ষো অৰিষ্টনমি স্বস্তি নও বৃহস্পতি দ্ৰেধাতু" পাঠ কৰক। সদাশিৱৰ ওচৰত আপোনাৰ পূজা গ্ৰহণ ল'বলৈ প্ৰাৰ্থনা কৰক।
- স্বস্তি পাঠৰ পিছতে পূজাৰ সংকল্প লৈ গণেশ আৰু মা পাৰ্বতীৰ পূজা কৰক। ইয়াৰ পিছত নন্দীশ্বৰ,বীৰভদ্ৰ,কাৰ্তিক আৰু সৰ্পৰ পূজা কৰক। কিন্তু ধ্যান ৰাখিব যাতে, মহিলাসকলে কাৰ্তিকৰ পূজা নকৰে। ৫, ১১, ২১ অথবা ৫১ টা যিমান পাৰে বেলপাতেৰে পূজা কৰক।
- মহাশিৱৰাত্ৰিৰ শিৱৰ লিংগত পঞ্চামৃত- গাখীৰ, দৈ,ঘি, মৌ আৰু চেনীৰ মিশ্ৰণেৰ দিয়ক। ভোলানাথৰ চৰণত বস্ত্ৰ অৰ্পন কৰক। লগতে চাউল, ফুলৰ মালা, বেলপাত, ধতুৰা আৰু ভাং অৰ্পন কৰক।
- শিৱলিংগৰ ওপৰত বতৰৰ ফল আৰু দক্ষিণা অৰ্পন কৰক। এখন প্লেটত ধূপৰ লগতে কৰ্পূৰ জ্বলাই সদা শিৱৰ আৰতি কৰক। পূজাৰ অন্তত নিজৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰক আৰু অৱশেষত ক্ষমা প্ৰাৰ্থনা নিশ্চয়কৈ কৰক।
আৰু লোক বিশ্বাস যে, এনেদৰে শিৱ পূজা কৰিলে পূৰণ হয় মনোকামনা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|