মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»মুখৰ ক’লা তিলে আপোনাৰ সৌন্দৰ্য ম্লান কৰিছে নেকি ? ঘৰুৱা উপায়েৰে কেনেদৰে আঁতৰ কৰিব তিল?

মুখৰ ক’লা তিলে আপোনাৰ সৌন্দৰ্য ম্লান কৰিছে নেকি ? ঘৰুৱা উপায়েৰে কেনেদৰে আঁতৰ কৰিব তিল?

News18 Assam | News18-Assam
Updated:April 2, 2021, 7:48 PM IST
মুখৰ ক’লা তিলে আপোনাৰ সৌন্দৰ্য ম্লান কৰিছে নেকি ? ঘৰুৱা উপায়েৰে কেনেদৰে আঁতৰ কৰিব তিল?
মুখত থকা অধিক তিলে আপোনাৰ সৌন্দৰ্যত আঘাত সানে ৷ যাৰ ফলত আপুনি সুন্দৰকৈ সাজিকাচি ক’ৰবালৈ যাবলৈ বিচাৰিলেও আপোনাৰ  সৌন্দৰ্য ফুটি নুঠে ৷ ঘৰতে আপুনি আঁতৰ কৰিব পাৰিব ক’লা তিল।

মুখত থকা অধিক তিলে আপোনাৰ সৌন্দৰ্যত আঘাত সানে ৷ যাৰ ফলত আপুনি সুন্দৰকৈ সাজিকাচি ক’ৰবালৈ যাবলৈ বিচাৰিলেও আপোনাৰ  সৌন্দৰ্য ফুটি নুঠে ৷ ঘৰতে আপুনি আঁতৰ কৰিব পাৰিব ক’লা তিল।

  • Share this:
মুখমণ্ডলত থকা ক’লা তিলক সৌন্দৰ্যৰ প্ৰতীকৰূপে বিবেচনা কৰা হয় ৷ কিন্তু কেতিয়াবা সেই তিলেই সমস্যাৰো কাৰণো হৈ পৰে ৷

মুখত থকা অধিক তিলে আপোনাৰ সৌন্দৰ্যত আঘাত সানে ৷ যাৰ ফলত আপুনি সুন্দৰকৈ সাজিকাচি ক’ৰবালৈ যাবলৈ বিচাৰিলেও আপোনাৰ  সৌন্দৰ্য ফুটি নুঠে ৷ ক’ৰবাত নহয়, ক’ৰবাত মুখত থকা একাধিক ক’লা তিলে যেন ইয়াত প্ৰভাৱ পেলায় ৷

সেয়েহে আপোনাৰ এই সমস্যা দূৰ কৰিবলৈ আজি আমি আপোনাক জনাম কেনেদৰে ঘৰুৱা উপায়েৰে আপুনি আঁতৰ কৰিব পাৰিব ক’লা তিল ৷

১. নহৰু - নহৰু অতি গৰম বুলি গণ্য কৰা হয় আৰু সেয়েহে ইয়ে তিল আঁতৰ কৰাত বা জ্বলোৱাত ভাল কাম কৰিব ৷ নহৰু বটি তিলত লগাওক আৰু এসপ্তাহ ধৰি প্ৰয়োগ কৰক ইয়াক ৷

২. Castor অৰ্থাৎ এৰাগছৰ গুটিৰ তেল - ডাঙৰ এচামুছ এৰাগছৰ গুটি অৰ্থাৎ Castor তেল লওক আৰু ইয়াৰ সৈতে এচামুচ বেকিং চ’ডা মিহলাই লওক ৷ এই মিশ্ৰণটো তিলত লগাওক আৰু গোটেই ৰাতিটো ৰাখি থওক ৷ পুৱা উঠি ধুই দিয়ক ৷

৩. পিয়াঁজ - পিয়াঁজৰ পেষ্ট বনাই তাত অলপ নিমখ মিহলাই লওক আৰু ইয়াক তিলত লগাওক ৷ দিনতো ২ৰ পৰা ৩ বাৰকৈ এয়া কৰক ৷ ৰাতি শুৱাৰ পূৰ্বেও আপুনি এয়া লগাব পাৰে ৷

৪. কেঁচা আলু - ইয়াৰ প্ৰয়োগ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় ৷ তিল আতঁৰাবলৈ আলুৰ ৰস লগাওক ৷ পৰিণাম চাবলৈ দুইৰ পৰা তিন বাৰকৈ লগাওক ৷



৫. ছাল কুঁৱৰী অৰ্থাৎ Aloe Vera - ছাল কুঁৱৰী অৰ্থাৎ Aloe Veraৰ ৰসক তিলত লগাওক ৷ তিলত এয়া লগাই দুঘন্টাৰ বাবে এৰি দিয়ক ৷ এনেদৰে দীঘলীয়া সময়ধৰি কৰক তিল আঁতৰাব পাৰিব ৷

৬.আনাৰসৰ ৰস- আনাৰসৰ ৰসক বেক্টেৰিয়া নাশক হিচাপে জনা যায় ৷ ইয়াৰ ৰসক নিমখৰ সৈতে মিহলাই তিলত লগাওক ৷ ১৫মিনিটলৈ স্ক্ৰাৱ কৰক আৰু ধুই দিয়ক ৷

৭. আপেলৰ ভিনেগাৰ - ইয়াত মেলিক আৰু টাৰটাৰিক নামৰ এচিড থাকে ৷ যিয়ে তিল আঁতৰ কৰাত সহায় কৰে ৷ ইয়াক কপাহৰ সহায়ত তিলত লগাওক আৰু এঘন্টাৰ বাবে থাকিবলৈ দিয়ক ৷

৮. সেউজীয়া ধনীয়া- ইয়ে তিল আঁতৰ কৰাৰো কাম কৰে ৷ ধনীয়াৰ পাত পিচি পেষ্ট বনাই লওক ৷ ইয়াক টোপনি যোৱাৰ পূৰ্বে তিলৰ ওপৰত লগাওক ৷ পুৱালৈ থাকিবলৈ দিয়ক আৰু পুৱা শুই উঠি ধুই দিয়ক ৷

আপোনাৰো যদি আছে তিলৰ সমস্যা , এনে কৰক আৰু সুফল লাভ কৰক ৷
Published by: Kokil Sarma
First published: April 2, 2021, 6:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি