বাস্তুৰ মতে, কোনো পানীৰ টেপ বা পাইপেৰে অনবৰতে পানী গৈ থাকিলে সেয়া ঘৰখনৰ বাবে মংগলজনক নহয়।
বাস্তুৰ মতে, কোনো পানীৰ টেপ বা পাইপেৰে অনবৰতে পানী গৈ থাকিলে সেয়া ঘৰখনৰ বাবে মংগলজনক নহয়।
ঘৰৰ সুখ শান্তিৰ বাবে ঘৰ নিৰ্মাণ কৰাৰ পৰা ঘৰৰ সকলো বস্তু ৰখা ঠাইলৈকে সকলোতে বাস্তুশাস্ত্ৰই পৰামৰ্শ আগবঢ়াইছে।
এই বাস্তুশাস্ত্ৰই আপোনাৰ ঘৰৰ শুভ-অশুভ সকলো দিশ বিবেচনা কৰে। ঘৰৰ দৰ্জা খনৰ পৰা আৰম্ভ কৰি পাকঘৰ, বাথৰুমত কিছু সাল-সলনি কৰালৈকে সকলো ক্ষেত্ৰতে বাস্তুশাস্ত্ৰই পৰামৰ্শ দিছে। আজিৰ বাস্তু টিপছত আমি আলোচনা কৰিম, ঘৰৰ পানীৰ পাইপৰ সন্দৰ্ভত।
আপোনাৰ ঘৰত এনেধৰণৰ পানীৰ পাইপ আছে নেকি, যাৰ পৰা অনবৰতে টোপ টোপকৈ পানী কৰি থাকে। যদি আছে, তেন্তে শীঘ্ৰে মেৰামতি কৰাওক। এনেদৰে পানী পৰি থকা একেবাৰেই অশুভ লক্ষণ বুলি জনাইছে, বাস্তু বিশেষজ্ঞ আচাৰ্য ইন্দু প্ৰকাশে।
বাস্তুৰ মতে, কোনো পানীৰ টেপ বা পাইপেৰে অনবৰতে পানী গৈ থাকিলে সেয়া ঘৰখনৰ বাবে মংগলজনক নহয়। ঘৰৰ ফুটাথকা পানীৰ পাইপেৰে আৰ্থিক দিশক প্ৰভাৱিত কৰে। ই আপোনাৰ দৰিদ্ৰতাৰ কাৰণো হ'ব পাৰে।
বিশেষকৈ পাকঘৰৰ পানীৰ পাইপত যদি কোনো ফুটা থাকে, তেন্তে ই আটাইতকৈ বেছি অশুভ ইংগিত বহন কৰে। কাৰণ পাকঘৰ আৰু শুৱা ৰুমে বহু দিশ নিৰ্ণয় কৰে বুলি দাবী কৰে বাস্তু শাস্ত্ৰই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|