চিৰাং জিলাৰ কাকৰাগাঁৱৰ ভূমেশ্বৰ পাহাৰত থকা জলপ্ৰপাতে বিভিন্নজনক আকৰ্ষিত কৰি আহিছে ৷
চিৰাং জিলাৰ কাকৰাগাঁৱৰ ভূমেশ্বৰ পাহাৰত থকা জলপ্ৰপাতে বিভিন্নজনক আকৰ্ষিত কৰি আহিছে ৷
উৎকট গৰমে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক। প্ৰচণ্ড গৰমত ক'লৈ যাও, কি কৰো অৱস্থা ৰাইজৰ। ইপিনে কোৰোণাৰ সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়াত বন্ধৰ বাবে প্ৰকৃতিৰ মাজলৈও যাব পৰা নাই লোকসকল। ইয়াৰ মাজতে চিৰাং জিলাৰ এটা জলপ্ৰপাতে দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় লোকৰ। ভূমেশ্বৰ পাহাৰত সাধাৰণ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
চিৰাং জিলাৰ কাকৰাগাঁৱৰ ভূমেশ্বৰ পাহাৰত থকা জলপ্ৰপাতে বিভিন্নজনক আকৰ্ষিত কৰি আহিছে ৷ বিশেষকৈ বিগত কেইদিনমানত অত্যধিক গৰমৰ পৰা ৰক্ষা পাবলৈ দৈনিক বহু লোক জলপ্ৰপাতটোলৈ ঢাপলি মেলিছে। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা পাহাৰখনৰ মাজভাগত থকা জল প্ৰপাতটোৱে সকলোৰে দেহ-মন শীতল কৰি পেলায় ৷
যান্ত্ৰিকতা আৰু ক'লাহলৰ পৰা দূৰৈত অৱস্থিত এই প্ৰকৃতিj অপৰূপ সৃষ্টি এই জলপ্ৰপাতটোত জনসমাগ দৈনিক বৃদ্ধি পাই আহিছে ৷ সেয়ে জলপ্ৰপাতটোৰ বাট-পথকে ধৰি প্ৰয়োজনীয় আন্তগাথনি উন্নত কৰি জলপ্ৰপাতটোক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বিটিআৰ তথা অসম চৰকাৰক স্থানীয় ৰাইজে আহ্বান জনাইছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|