দক্ষিণ আফ্ৰিকাত সংঘটিত হৈছে ঘটনা এয়া৷ জেছি নামৰ পোহনীয়া কুকুৰটোৱে দুঃসাহসিভাৱে মালিকৰ ছুইমিং পুলত পোমেৰানিয়ান বন্ধু চাকীক ডুব যোৱাৰ পৰা ৰক্ষা কৰাৰ ভিডিঅ’ই দৃষ্টি কাঢ়িছে সকলোৰে। মৰমলগা এই ভিডিঅ' চোৱাৰ পিছতেই আন এটা কুকুৰ তথা ১৫ বছৰীয়া পোমেৰানিয়ান চাকীক উদ্ধাৰৰ বাবে জেছিয়ে দেখুওৱা সাহসিকতা আৰু জ্ঞানৰ প্ৰশংসা কৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে।
জোহান্সবাৰ্গৰ বায়ৰন থানাৰাইন আৰু মেলিছা থানাৰাইন নামৰ এক দম্পতীৰএটা ব্যক্তিগত পুলত সংঘটিত হোৱা এই ঘটনা CCTVত আৱদ্ধ হৈ পৰিছিল৷ যি ভিডিঅ’ পিছত ফেচবুকত শ্বেয়াৰ কৰা হৈছিল, য'ত জেছিয়ে বহু সময় ধৰি চেষ্টা চলাই চাকীক পানীৰ পৰা টানি আনিবলৈ সক্ষম হৈছিল।